ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল- North-East Frontier Agency. ২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ। ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল? উত্তৰঃ- ১৯৫৩ চনত। ৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল। ৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। ৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত? উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে আব্দুল গফুৰ খান জনাজাত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল? উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ...