ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। একচেটিয়া বজাৰ কি? উত্তৰ:- একচেটিয়া বজাৰ এনে এখন বজাৰ যিখন বজাৰত এটা সামগ্ৰীৰ এজনেই বিক্ৰেতা আছে আৰু সামগ্ৰীটোৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাই আৰু বজাৰখনত আন বিক্ৰেতা প্ৰৱেশ কৰাটো অসম্ভৱ। ২। মুঠ আয় কি? উত্তৰ:- কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰী কৰি বিক্ৰেতাই যি আয় অৰ্জন কৰে ,থাকে মুঠ আয় বোলে। ৩। গড় আয় কি? উত্তৰ:- মুঠ আয়ক বিক্ৰী হোৱা উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায় ,থাকে গড় আয় বোলে। ৪। প্ৰান্তিক আয় কি? উত্তৰ:- অতিৰিক্ত এক একক সামগ্ৰী বিক্ৰী কৰাৰ ফলত মীঠ আয়ৰ যি পৰিৱৰ্তন হয়,থাকে প্ৰান্তিক আয় বোলে। ৫। একাধিকাৰ প্ৰতিযোগী বজাৰ কি? উত্তৰ:- একাধিকাৰ প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বহুসংখ্যক বিক্ৰেতাই ঘনিষ্ঠ বিকল্প সামগ্ৰী উৎপাদন কৰে আৰু যত বিক্ৰেতাৰ আমগমনৰ কোনো বাধা নাথাকে। ৬। অল্পসংখ্যক প্ৰতিযোগী বজাৰ কি? উত্তৰ:- অল্পসংখ্যক প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বিক্ৰেতাৰ সংখ্যা দুজনতকৈ অধিক কিন্তু অসংখ্য নহয়। ৭। একচেটিয়া বজাৰত লাভৰ পৰিমাণ কেতিয়া সৰ্বোচ্চ হয়? উত্তৰ:- একচ...