ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ১। তলৰ কোনখন দেশত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটেঃ- ক) আফ্ৰিকা খ) দক্ষিণ আমেৰিকা গ) এচিয়া ঘ) উত্তৰ আমেৰিকা ২। তলৰ কোনটো অঞ্চল বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয়ঃ- ক) আটাকামা খ) দক্ষিণ পূব এচিয়া খ) বিষুবীয় অঞ্চল ঘ) মেৰু অঞ্চল। ৩। তলৰ কোনটো বিকৰ্ষক কাৰক নহয়ঃ- ক) পানীৰ নাটনি খ) শিক্ষাৰ সা-সুবিধা গ) নিযুক্তি নথকা ঘ) মহামাৰী। খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। জনসংখ্যাৰ ঘনত্ব(Density of Population) কি? উত্তৰঃ- কোনো এখন ঠাইৰ মুঠ জনসংখ্যা আৰু মাটি কালিৰ অনুপাত হল জনসংখ্যা ঘনত্ব। ২। জনসংখ্যা বৃদ্ধি ( Population of Grouth)কি ? উত্তৰঃ- কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সময়ৰ দুটা ক্ষণৰ মাজত হোৱা জনসংখ্যাৰ পৰিৱৰ্তনকে জনসংখ্যা বৃদ্ধি বোলে। ৩। জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি(Natural grouth of Population)কি? উত্তৰঃ- কোনো এটা নিৰ্দিষ্ট অঞ্চলত সময়ৰ দুটা বিন্দুৰ মাজত জন্ম ...