ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম কি? উত্তৰ:-কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম হল আমাৰ পৃথিৱী। ২। কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল? উত্তৰ:-কবি কেশৱ মহন্তই 'মোৰ যে কিমান হেপাঁহ' নামৰ কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল। ৩। কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম লিখা। উত্তৰ:-কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম হল- 'মা আমি শদিয়ালৈ যামেই' । খ) প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ- ১ । অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা। উত্তৰ:-অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হল- ক) জয়ন্তী আলোচনী খ) পছোৱা আলোচনী গ) ৰামধেনু আলোচনী। ২। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ:-কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হল- ক) আমাৰ পৃথিৱী খ) আগন্তুক । ৩। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা ...