ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। বজাৰ মানে কি? উত্তৰ:-সাধাৰণ অৰ্থতবজাৰ মানে এটুকুৰা নিৰ্দিষ্ট ঠাই বুজোৱা হয় যত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত পৰস্পৰ মুখামুখী হয় আৰু সামগ্ৰীবোৰ মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়। ২। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে? উত্তৰ:- যিখন বজাৰত অসংখ্য গ্ৰাহক আৰু বিক্ৰেতা থাকে ,তেওঁলোকৰ মাজত মুক্ত প্ৰবেশ আৰু মুক্ত প্ৰস্হান সম্ভৱ হৈ উঠে,তেনে বজাৰক পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বোলে। ৩। মুঠ বিক্ৰী আয় কি? উত্তৰ:- কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰি কৰি বিক্ৰেতাই যি আয় অৰ্জন কৰে, তাকে মুঠ বিক্ৰী আয় বোলে। ৪। গড় বিক্ৰী আয় কি? উত্তৰ:- মুঠ বিক্ৰী আয়ক উৎপন্নৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায়,তাকে গড় বিক্ৰী আয় বোলে। ৫। প্ৰান্তিক বিক্ৰী আয় কি? উত্তৰ:- এক একক সামগ্ৰী অধিক বা কমকৈ বিক্ৰী কৰাৰ ফলত মুঠ বিক্ৰী আয়ৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক বিক্ৰী আয় বোলে। ৬। অস্বাবাৱিক লাভ কি? উত্তৰ:- ব্যৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অৰ্জন কৰে,তাকে অস্বাবাৱিক লাভ বোলে। ৭। ব্যৱসায় প্ৰতিষ্ঠানটোৰ সমাবস্হা বিন্দু কি? উত্তৰ:- ...