ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১১ ১। ভক্তি বিবেক গ্ৰন্হ খন কোনে সম্পাদনা কৰিছিল? উত্তৰ:-'ভক্তি বিবেক' গ্ৰন্হ খন লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল। ২। আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্হ কৰা গ্ৰন্হখনৰ নাম কি? উত্তৰ:- অমৰকোষ । ৩। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ:-আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা । ৪। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্হত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ:-'মহাবীৰ চৰিত' গ্ৰন্হত। ৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম । ৬। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। খ) প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল,আলোচনা কৰা। উত্তৰ:-উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্ত্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে ব্যক্তিগত আৰু সামাজ জীৱনৰ মংগলৰ লক্ষ্য আগত ৰাখি উপনিষদৰ অনুশাসনক আধাৰ হিচাপে লৈ কিছুমান উপদেশ দিছিল। গুৰুৱে দিয়া প্ৰথম উপদেশ হল--'' সত্য কবা, ধৰ্ম আচৰ...