ক) অতি চমু প্ৰশ্ন(প্ৰতি প্ৰশ্নোত্তৰ ১ নম্বৰ):-- ১। উপযোগিতা কি উত্তৰ:- সামগ্ৰী বা সেৱাকাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। স্বাস্হ্যৰ প্ৰতি ক্ষতিকাৰক সামগ্ৰী একোটাৰো উপযোগিতাথাকিব পাৰে,যদিহে সেই সামগ্ৰীটোৱে কোনো এজন গ্ৰাহকৰ অভাৱ পূৰণ কৰিব পাৰে। ২। উপযোগিতাৰ দুটা ভাগ উল্লেখ কৰা। উত্তৰ:-উপযোগিতাৰ দুটা ভাগ তলত উল্লেখ কৰা হল:- ক) মুঠ উপযোগিতা; খ) প্ৰান্তিক উপযোগিতা। ৩। মুঠ উপযোগিতা কি? উত্তৰ:-এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰৱ্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমানৰ উপযোগিতা পায়,তাকে মুঠ উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা গ্ৰাহকে লাভ কৰা উপযোগিতাই হল মুঠ উপযোগিতা । ৪। প্ৰান্তিক উপযোগিতা কি? উত্তৰ:-এজন উপভোক্তাই এটা দ্ৰৱ্যৰ অতিৰিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায়,তাকে প্ৰান্তিক উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী বা সেৱা কাৰ্যৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাই হল প্ৰান্তিক উপযোগিতা। ৫। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি উত্তৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ...