ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হল-শোণিতকুৱৰী। ২। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম হল লুইতৰ পাৰৰ অগ্নিসুৰ। ৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম হল- ক) শোণিতকুৱৰী খ) লভিতা । ৪। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম হল- ক) জয়মতী ( ১৯৩৫ চনত নিৰ্মাণ কৰে। ই প্ৰথম অসমীয়া কথাছবি )। খ) ইন্দ্ৰমালতী ( ১৯৩৯ চনত নিৰ্মাণ কৰে।ই দ্বিতীয় অসমীয়া কথাছবি )। খ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''জনতাৰ আহ্বান'' কবিতাটোত কবিয়ে 'আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান' বুলি কিয় কৈছে? উত্তৰ:- ৰুপকোৱৰ জ্য...