ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। 'উভতি নহাৰ কবিতা' কবিতাটি কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ:-'উভতি নহাৰ কবিতা' কবিতাটি 'দলঙত তামীঘৰা' পৰা সংগ্ৰহ কৰা হৈছে। ২। নৱকান্ত বৰুৱাই কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? উত্তৰ:- নৱকান্ত বৰুৱাই 'ককাদেউতাৰ হাৰ' উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। ৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। উত্তৰ:- ৰোমাণ্টিক কবিতাত কবিয়ে পুনৰজনমত বিশ্বাস কৰে। আনহাতে,আধুনিক কবিতাত কবিয়ে ভাৱে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ৪। 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা? উত্তৰ:- 'উভতি নহাৰ কবিতা' আধুনিক শ্ৰেণীৰ কবিতা। ৫। 'তামিঘৰা' শব্দটিৰ অৰ্থ লিখা। উত্তৰ:- 'তামিঘৰা' শব্দটিৰ অৰ্থ হল-তম্বু । খ) চমু প্ৰশ্ন( প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ)-- ১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম লিখা। উত্তৰ:- নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম হল- ক)এটি দুটি এঘাৰটি তৰা খ) দলঙত তামীঘৰা গ) ৰত্...