Posts

Showing posts with the label Class-12(জাতীয় আয়)

Books related Information

Class-12 জাতীয় আয়

 ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ )- ১। জাতীয় আয় কি? উত্তৰ:-এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত দেশত উৎপাদন কৰা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হল জাতীয় আয় । ২। চূড়ান্ত দ্ৰৱ্য কি? উত্তৰ:-যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ । ৩। মধ্যৱৰ্তী দ্ৰৱ্য কি? উত্তৰ:- যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা । ৪। উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী কি?   উত্তৰ:- খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে। ৫। মূলধনী দ্ৰৱ্য কি? উত্তৰ:- দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি। ৬। অস্হায়ী উপভোগ্য দ্ৰৱ্য কি? উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য তাৎক্ষণিক ব...