Posts

Showing posts with the label ক্ষমতাৰ বিকল্প কেন্দ্ৰ

Books related Information

Class-12//ক্ষমতাৰ বিকল্প কেন্দ্ৰ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? উত্তৰঃ-চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুঙ । ২। ASEAN-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-ASEAN-ৰ সম্পূৰ্ণ অৰ্থ হল-Association of South -East Asian Nations. ৩। ভাৰত এছিয়ান(ASEAN)-ৰ এখন সদস্য ৰাষ্ট্ৰ। ( হয় নে নহয় লিখা) উত্তৰঃ- নহয়। ৪। মাৰ্শ্বাল আচঁনি বুলিলে কি বুজায়? উত্তৰঃ- দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো পুণৰ জীৱিত কৰাৰ বাবে আমেৰিকাই যি পৰিকল্পনা কৰিছিল,তাকে মাৰ্শ্বাল আচঁনি বোলে।  ৫। ইউৰোপীয় মুদ্ৰাক  কি নামেৰে জনা যায়?                          বা    ইউৰোপীয় সংঘৰ মুদ্ৰাক কি কয়? উত্তৰঃ-ইউৰোপীয় মুদ্ৰাক ইউৰো নামেৰে জনা যায়। ৬। বেংকৰ ঘোষণা পত্ৰ কি? উত্তৰঃ-বেংকৰ ঘোষণা পত্ৰ হল ১৯৬৭ চনত ইন্দোনেচিয়া,মালয়েছিয়া,ফিলিপাইন,ছিংগাপুৰ আৰু থাইলেণ্ড--এই পাঁচখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা এখন ঘোষণা পত্ৰ।  ৭। ARF প্ৰতিষ্ঠা হৈছিল------------। উত্তৰঃ-১৯৯৪ চনত। ৮। চীন কেতিয়া বিশ্ব বাণিজ্য সন্হাৰ সদস্য হৈছিল? উত্তৰঃ-...