পাঠভিত্তিক প্ৰশ্নোত্তৰ- ১। কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল ? উত্তৰ:-১৯৮৯ চনৰ নৱেম্বৰ মাহত। ২। ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? উত্তৰ:- ১৯১৭ চনত। ৩। কোন চনত ছোভিয়েট ৰাছিয়া ভংগ হৈছিল ? উত্তৰ:- ১৯৯১ চনত। ৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া। ৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া। ৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে? উত্তৰ:- ১৫ খন। ৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ? উত্তৰ:- মিখাইল গৰ্বাছেভ। ৮। কি আদৰ্শৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্হা প্ৰতিষ্ঠিত ? উত্তৰ:- সমাজ বাদী আদৰ্শত। ৯। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বহিচাপে জনা যায় ? উত্তৰ:- ছোভিয়েট ৰাছিয়া । ১০। ছোভিয়েট ৰাছিয়াৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল ? বা ছোভিয়েট ৰাছিয়াৰ কোনখন ৰাষ্ট্ৰত প...