ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ''বিশ্বখনিকৰ'' কোন শ্ৰেণীৰ কবিতা? উত্তৰ:-''বিশ্বখনিকৰ'' এটা আধ্যাত্মিক ভাৱৰ কবিতা। ২। অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কোনগৰাকী কবি জনাজাত? উত্তৰ:-অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কবি মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত। ৩। ''বিশ্বখনিকৰ'' বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ:-''বিশ্বখনিকৰ'' বুলি ঈশ্বৰৰ কথা কোৱা হৈছে। ৪। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ:-মফিজুদ্দিন আহমদ হাজৰিকা 'জোনাকী' যুগৰ কবি। ৫। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা। উত্তৰ:-জ্ঞানমালিনী ৬। ''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক কোন? উত্তৰ:-''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক হল মফিজুদ্দিন আহমদ হাজৰিকা। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ:-কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হল- ক) জ্ঞানমালিনী খ) তত্ত্ব-পাৰিজাত ২। সত্ত্ব: ,ৰজ:,তমো গুণ ...