ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা(NDA)-ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল? উত্তৰঃ- ভাৰতীয় জনতা পাৰ্টি(BJP)। ২। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছিল? উত্তৰঃ-ভাৰতীয় কমিউনিষ্ট পাৰ্টি। ৩। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল? উত্তৰঃ- ১৪ টা। ৪। শুদ্ধনে অশুদ্ধ লিখাঃ- ভাৰতত বহুদলীয় ব্যৱস্হা আছে। উত্তৰঃ- শুদ্ধ। ৫। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? উত্তৰঃ- স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ। ৬। স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী কোন আছিল? উত্তৰঃ- চৰ্দাৰ ভল্লৱভাই পেটেল। ৭। EVM-ৰ সম্পূৰ্ণ নামটো লিখা। উত্তৰঃ-EVM-ৰ সম্পূৰ্ণ নামটো হল-Electronic Voting Machine. ৮। সংবিধান সভাৰ খচকৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ। ৯। সংববিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ সাম্যবাদী চৰকাৰক বৰ্খাস্ত কৰে ? উত্তৰঃ-সংববিধানৰ ৩৫৬-নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ সাম্যবাদী চৰকাৰক বৰ্খাস্ত কৰে । ১০। চৰ...