ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে কেতিয়া আৰু কত প্ৰকাশ পাইছিল? উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে ১৯৩৯ চনত 'মিলন'ত প্ৰকাশ পাইছিল। ২। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা । উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হল- ক) ৰাণ্ডা খ) বটালি। ৩। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি মন্তব্য কৰিছিল? উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই মন্তব্য কৰিছিল যে- 'মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে,তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ' । ৪। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম লিখা। উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম হল- ক) টেবুল খ) চেয়াৰ। ৫। ...