ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা। ১। মানৱ বিকাশৰ ধাৰণাটো কোনে আগবৰাইছিল? ক) অমৰ্ত্য সেন খ) এলেন চি. চেম্পল গ) ড০ মেহবুব- উল-হক ঘ) ৰাটজেল। খ)প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। HDI-ৰ পূৰ্ণ অৰ্থ কি? উত্তৰঃ-HDI-ৰ পূৰ্ণ অৰ্থ হল Human Development Index. ২। অৰ্থপূৰ্ণ জীৱন মানে কি? উত্তৰঃ-অৰ্থপূৰ্ণ জীৱন মানে কেৱল দীৰ্ঘ জীৱনৰ অৰ্থ প্ৰকাশ নকৰে,ই হব লাগিব এক উদ্দেশ্য প্ৰণোদিত জীৱন। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে- মানুহ স্বাস্হ্যবান হব লাগিব,প্ৰতিভা বিকাশিত কৰিব পৰাকৈ সমৰ্থবান হব লাগিব,সামাজিক জীৱন ধাৰাত অংশ গ্ৰহণ কৰিব পৰা হোৱাৰ লগতে লক্ষ্যত উপনিত হব পৰাকৈ মুক্ত মনৰ হব লাগিব। গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ উল্লেখ কৰা। উত্তৰঃ-মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ তলত উল্লেখ কৰা হল- ক) সমদৰ্শন (Equity). খ) ধাৰণ ক্ষমতা( Sustainability) ২। মানৱ বিকাশৰ দুটা বিচাৰ প...