ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? বা কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত। ২। ISIS-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-ISIS-ৰ সম্পূৰ্ণ অৰ্থ হল The Islamic State of Iraq and Sham. ৩। ভাৰতবৰ্ষই কিমান চনত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰৰিছিল? উত্তৰঃ- ১৯৭৪ চনত। ( দ্বিতীয়টো ১৯৯৮ চনত) ৪। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা। ৫। স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ দিয়া। উত্তৰঃ-স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ হল- পক্ষী জ্বৰ( Bird flue). ৬। ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? উত্তৰঃ-ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি ১৯৭২ চনত স্বাক্ষৰ কৰা হৈছিল। ৭। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ? উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত। ৮। ৰায়' সন্মিলনে 'কাৰ্যসূচী ২১' নামেৰে বিকাশমূলক কাৰ্যপন...