ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। 'শেষ পৰ্যায়ৰ ঋণ দাতা' হিচাপে কোনটো বেংকক অভিহিত কৰা হয়? উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংকক। ২। আদেশী মুদ্ৰা কি? উত্তৰ:- চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়,তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে। ৩। উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া? উত্তৰ:- মুদ্ৰাৰ যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে,সেই অংশটোকে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা বোলে। ৪। মুদ্ৰাৰ প্ৰচলন বেগ কি? উত্তৰ:- এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমনবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য় সম্পন্ন কৰে,তাকে মুদ্ৰাৰ প্ৰচলন বেগ বোলে। ৫। নগত সংৰক্ষণ অনুপাত কি? উত্তৰ:-বেংকৰ মুঠ আমানতৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকত জমা থোৱা হয়,তাকে নগত সংৰক্ষণ অনপাত বোলে। ৬। বেংকৰ সুদৰ হাৰ কি? উত্তৰ:-যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বানিজ্যিক বেংকবোৰক মুদ্ৰাৰ যোগান ধৰে ,সেই হাৰটোকে বেংকৰ সুদৰ হাৰ বোলে। ৭। বিনিময় প্ৰথা কি? উত্তৰ:- যেতিয়া সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিম.য় কৰা হয়,তাকে বিনিময় প্ৰথা বোলে। ৮। ভাৰতবৰ্ষত কাগজী মুদ্ৰা প্ৰচলণ কৰা ম...