ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে। ২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা । উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি। ৩। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল ? উত্তৰ :- ১৮৬৪ চনত। ৪। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা। উত্তৰ :- 'বাহী' । ৫। 'ওমৰ তীৰ্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? উত্তৰ :- ৰুবায়তৰ । ৬। 'বনফুল'ৰ কবি বুলি কাক আখ্যা দিয়া হয়? উত্তৰ :-'বনফুল'ৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া হয় । খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আৰু 'জ্ঞান' কোন আছিল ? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান' আছিল মি...