Books related Information

'' জনতাৰ আহ্বান'' কবিতাটিৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি?

উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হল-শোণিতকুৱৰী।


২। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম লিখা।

উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম হল লুইতৰ পাৰৰ অগ্নিসুৰ।


৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম লিখা।

উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম হল-

         ক) শোণিতকুৱৰী

         খ) লভিতা ।


৪। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম লিখা।

উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম হল-

          ক) জয়মতী ( ১৯৩৫ চনত নিৰ্মাণ কৰে। ই প্ৰথম অসমীয়া কথাছবি )।

           খ) ইন্দ্ৰমালতী ( ১৯৩৯ চনত নিৰ্মাণ কৰে।ই দ্বিতীয় অসমীয়া কথাছবি )।


খ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ--


১। ''জনতাৰ আহ্বান'' কবিতাটোত কবিয়ে 'আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান' বুলি কিয় কৈছে?

উত্তৰ:-ৰুপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ''জনতাৰ আহ্বান'' নামৰ কবিতাটিত প্ৰকাশ পাইছে স্বাধীনতাৰ প্ৰশাসহী সাধাৰণ জনগনৰ অন্তৰৰ হাবিয়াস। পৰাধিনতাৰ শিকলিৰে বান্ধখাই থকা অশান্ত জনতাই স্বাধীনতাৰ আহ্বানৰে আকাশ বতাহ মুকলি কৰি কেনেদৰে নিবৃত কথাৰে ৰাজ পথলৈ উলাই আহিব পাৰে,বুটা পানীৰ বাধাকো নেওচি মহান অনুভৱেৰে কেনেকৈ গাব পাৰে জনতাৰ জয়গান সেই কথা কবিতাটিৰ প্ৰতিটো স্তম্ভতে কবিয়ে প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে 'আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান' বুলি কৈছে। কাৰণ সকলো জনতাই বিচাৰিছে পৃথিৱীৰ খোলাত আশ্ৰয়স্হল।


২। ''জনতাৰ আহ্বান'' কবিতাটোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰ:-পদূম ফুলৰ জন্ম বোকাত হলেও পদূম ফুলৰ সৌন্দৰ্য্যই যেনেকৈ গোটেই জগত আলোকিত কৰিব পাৰে,ঠিক সেই দৰে ধূলি-মাটিৰ সংস্পৰ্শত জন্মা সাধাৰণ মানুহ এজনকো অনুভৱৰ বিশালতাই মহত্ব দান কৰিব পাৰে। সেৱে কবিয়ে সাধাৰণ মানুহকো মহত্ব হিচাপে অংকণ কৰিছে। যি জন্ম সূত্ৰে সাধাৰণ হৈ দেশৰ কাৰণে দশৰ কাৰণে স্বাৰ্থ-ত্যাগী মহত্মৰে আগবাৰি যাবলৈ সক্ষম,সেই ব্যক্তি কবিৰ দৃষ্টিত মহান ।

৩। এই কবিতাৰ পৰা যিকোনো ব্যাখ্যা আহিলে আপোনালোকে নোৱাৰিলেও প্ৰথম শাৰীখিনি লিখিলে ২ নম্বৰ পাব,যেনে---

   উত্তৰ:-  ''A---------------

                    ------------   Z''

              উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি ৰুপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰচিত ''জনতাৰ আহ্বান'' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।                       

        দ্বিতীয়------------------------------------------------------------

 ৰৰৰৰৰৰ--------------------------------------------------------------------

                        xxxxxxxxxxxxxxxxxxxxxxxxxxxx


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ