Books related Information
''বিশ্বখনিকৰ'' কবিতাৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। ''বিশ্বখনিকৰ'' কোন শ্ৰেণীৰ কবিতা?
উত্তৰ:-''বিশ্বখনিকৰ'' এটা আধ্যাত্মিক ভাৱৰ কবিতা।
২। অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰ:-অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কবি মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত।
৩। ''বিশ্বখনিকৰ'' বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ:-''বিশ্বখনিকৰ'' বুলি ঈশ্বৰৰ কথা কোৱা হৈছে।
৪। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰ:-মফিজুদ্দিন আহমদ হাজৰিকা 'জোনাকী' যুগৰ কবি।
৫। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা।
উত্তৰ:-জ্ঞানমালিনী
৬। ''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক কোন?
উত্তৰ:-''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক হল মফিজুদ্দিন আহমদ হাজৰিকা।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰ:-কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হল-
ক) জ্ঞানমালিনী
খ) তত্ত্ব-পাৰিজাত
২। সত্ত্ব: ,ৰজ:,তমো গুণ কি বুজাই লিখা।
উত্তৰ:-সত্ত্ব: গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজ:গুণ ৰাগাত্মক অৰ্থাত, ই মানুহক বিষয়ত আসক্ত কৰে।
আনহাতে,তমো গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উতপাদন কৰে আৰু প্ৰমাদ,আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্ধী কৰে।
গ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ--
ক) ''বিশ্বখনিকৰ'' কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰ:-বিশ্বখনিকৰ আধ্যাত্মিক ভাৱৰ এটা কবিতা। বিশ্বজগতৰ সৃষ্টিৰ স্হিতি লয়ৰ মূলতে হল ভগৱান। তেওঁ সৰ্বজ্ঞানী,সৰ্বশক্তিমান। এইজনা ভগৱানৰ ওপৰতেই গভীৰ আস্তান প্ৰকাশ কৰি তেওঁৰে কথা কবিয়ে কবিতাটোৰ মাজেৰে কবলৈ প্ৰয়াস কৰিছে।
যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই তথাপি ত্ৰিলোকৰ সৃষ্টি,স্হিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেইপৰম সত্তাইহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰি। সকলোতে সেই পৰম-সত্তা বিৰাজমান,সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে,তেৱোঁ মায়াৰ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। সত্ত্ব: ,ৰজ:,তমো তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ। সেই পৰৰম সত্তাই সকলোৰে পালন কৰোঁতা,সকলোৰে জন্মদাতা। সমগ্ৰ জৰ জগত,জীৱ জগতৰ তেৱেঁই সৃষ্টিকৰ্তা। তেওঁৱেই খনিকৰ ৰুপে সমগ্ৰ বিশ্বকে তিল্ তিলকৈ গৰি তুলিছে। যদিও তেওঁ অদৃশ্য তথাপি তেৱেঁই অন্তৰ্যামী,সৰ্বজ্ঞানী,বিশ্বৰ প্ৰাণ,আত্মা আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান।
২। 'সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেও
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।' ---- এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা।
উত্তৰ:-বিশ্বখনিকৰ আধ্যাত্মিক ভাৱৰ এটা কবিতা। ভগবান সর্ব-ব্যাপী যদিও আমি তেওঁক দেখা নাপাওঁ কেৱল তেওঁৰ অস্তিত্বহে অনুভব কৰো। এনে এটি ভাৱেই কবিতাফাকিৰ মাজেৰে কবিয়ে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছে।
কবিৰ মতে,বিশ্ব ব্ৰক্ষ্মাণ্ডত বিশ্বখনিকৰ বা পৰমেশ্বৰৰ বাহিৰে আন একোৰে অস্তিত্ব নাই। পৃথিৱীৰ চাৰিমুখী জীৱ যেনে-অজন,বুৰন,উৰন ভ্ৰমণ আৰু লগতে জৰ জজগতত-- এই সকলোতে আমি সৰ্ব-ব্যাপী ঈশ্বৰহে অস্তিত্ব দেখিবলৈ পাওঁ। তেওঁৰ আঙুলিৰ সঞ্চালনতে গ্ৰহ,নকত্ৰ,জোন-বেলি,তৰা আদি আলাসতে উপঙি আছে। বিশ্বজগতৰ প্ৰতিটো অণু-পৰমাণুতে এইজনা বিশ্বখনিকৰৰ অস্তিত্ব বিৰাজমান। তথাপিও, আমি তেওঁক দেখা নাপাওঁ কিয়নো তেওঁ অদৃশ্য। তেওঁক আমি অনুভৱ কৰিব পাৰো বা উপলব্ধি কৰিব পাৰো। এইজনা বিশ্ব সৃষ্টিকৰ্তাৰ নিজস্ব ৰুপটো কেনে,সেইটো আমাৰ বাবে গভীৰ ৰহস্য। ঈশ্বৰৰ এই বিচিত্ৰ ৰুপ কবিয়ে উৰনি বুলি কব বিচাৰিছে।
৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-
তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।
উত্তৰ:- ''তেৱেঁ-------------------------
বিশ্বখনিকৰ।''
উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ ৰচিত ''বিশ্বখনিকৰ'' কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
বিশ্ব ব্ৰক্ষ্মাণ্ডৰ প্ৰতিটে কাৰ্য আৰু কাৰণৰ আৰঁত যে পৰমেশ্বৰৰ অপাৰ মহিমা নিহিত হৈ আছে, তাক কবলৈ যোৱাৰ প্ৰসংগত কবিতাফাকি অৱতাৰনা কৰিছে।
এই বিশ্ব ব্ৰক্ষ্মাণ্ডত পৰমেশ্বৰৰ অস্তিত্বৰ বাহিৰে সকলোবোৰ মায়া। এই জগতৰ প্ৰত্যেকটো অনু-পৰমাণুৰ মাজত কেৱল তেওঁৰ অস্তিত্বহে বিৰাজমান। তেওঁৰ আঙুলিৰ সঞ্চালনতে গ্ৰহ,নকত্ৰ,জোন-বেলি,তৰা আদি আলাসতে উপঙি আছে। পৃথিৱীত জীৱ আৰু জৰ জগতত একমাত্ৰ তেওঁৰহে অস্তিত্ব আছে। পৃথিৱীখনত থকা মানি-দানী,কাম-কৰ্মী আদিবোৰ নামতহে এইবোৰ প্ৰকৃততে পৰমেশ্বৰৰ হে মহিমা। কাম-কৰ্মী,জ্ঞানী,কাৰিগৰ বুলি কোনো বস্তু নাই। এই আটাইবোৰ প্ৰকৃততে পৰমেশ্বৰৰহে মায়া মাথোন।
গতিকে,পৃথিৱীখনত সমস্ত কাৰণৰ কৰ্তাহৈ খনিকৰ স্বৰুপে নিজ ইচ্ছাৰে বিশ্বখন নিৰ্মাণ কৰোতাজন হল পৰম পিতা পৰমেশ্বৰ।
xxxxxxx ------------------------xxxxxxxxxxxxxx
- Get link
- X
- Other Apps
Comments
Post a Comment