Books related Information

''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ--


১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে কেতিয়া আৰু কত প্ৰকাশ পাইছিল?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে ১৯৩৯ চনত 'মিলন'ত প্ৰকাশ পাইছিল।


২। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হল-

          ক) ৰাণ্ডা

          খ) বটালি।


৩। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি মন্তব্য কৰিছিল?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই মন্তব্য কৰিছিল যে- 'মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে,তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ' ।


৪। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম লিখা।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম হল-

      ক) টেবুল

      খ) চেয়াৰ।


৫। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাবৰ বাবে ব্যৱহাৰ কৰা দুটা গছৰ নাম লিখা।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাবৰ বাবে ব্যৱহাৰ কৰা দুটা গছৰ নাম হল-

      ক) আজাৰ গছ

      খ) শিমলু গছ।


৬। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত কোন শ্ৰেণীৰ মানুহৰ ছবি অংকণ হৈছে?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি অংকণ হৈছে।


৭। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হল কাঠমিস্ত্ৰী ।


খ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি দৰা হৈছে চমুকৈ লিখা।

উত্তৰ:- কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি অতি নিখুঁতভাৱে অংকণ কৰিছে। কবিয়ে উল্লেখ কৰিছে যে অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। তেওঁলোকৰ চেষ্টাত নীৰস,কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ দৰে অট্ৰালিকা সাজি দিয়ে। কিন্তু ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। সমাজতে তেওঁলোকৰ স্হান বৰ পুতৌ লগা।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ