Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ--


১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে কেতিয়া আৰু কত প্ৰকাশ পাইছিল?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে ১৯৩৯ চনত 'মিলন'ত প্ৰকাশ পাইছিল।


২। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হল-

          ক) ৰাণ্ডা

          খ) বটালি।


৩। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি মন্তব্য কৰিছিল?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই মন্তব্য কৰিছিল যে- 'মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে,তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ' ।


৪। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম লিখা।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম হল-

      ক) টেবুল

      খ) চেয়াৰ।


৫। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাবৰ বাবে ব্যৱহাৰ কৰা দুটা গছৰ নাম লিখা।

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে কাঠৰ আচবাবৰ বাবে ব্যৱহাৰ কৰা দুটা গছৰ নাম হল-

      ক) আজাৰ গছ

      খ) শিমলু গছ।


৬। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত কোন শ্ৰেণীৰ মানুহৰ ছবি অংকণ হৈছে?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি অংকণ হৈছে।


৭। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হল কাঠমিস্ত্ৰী ।


খ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি দৰা হৈছে চমুকৈ লিখা।

উত্তৰ:- কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ ৰচিত ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত শ্ৰমজীৱী ব্যক্তিসকলৰ জীৱনৰ দুৰ্দশাৰ ছবি অতি নিখুঁতভাৱে অংকণ কৰিছে। কবিয়ে উল্লেখ কৰিছে যে অসহনীয় শাৰীৰিক শ্ৰমৰ বোজা লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ আচবাব সাজি দিয়ে। তেওঁলোকৰ চেষ্টাত নীৰস,কঠিন কাঠেও প্ৰাণ পাই উঠে। দেহৰ তেজ পানী কৰি তেওঁলোকে ধনী মানুহৰ বাবে মায়াপুৰীৰ দৰে অট্ৰালিকা সাজি দিয়ে। কিন্তু ইমানবোৰ কাম কৰাৰ পাছতো তেওঁলোকৰ অভাৱ দূৰ নহয়। তেওঁলোকে নিজৰ শ্ৰমৰ প্ৰকৃত মূল্য কেতিয়াও লাভ নকৰে। ফলত তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে। সমাজতে তেওঁলোকৰ স্হান বৰ পুতৌ লগা।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ