Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

''অ-প্ৰতিযোগিতামূলক বজাৰ'' গোটৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। একচেটিয়া বজাৰ কি?

উত্তৰ:- একচেটিয়া বজাৰ এনে এখন বজাৰ যিখন বজাৰত এটা সামগ্ৰীৰ এজনেই বিক্ৰেতা আছে আৰু সামগ্ৰীটোৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাই আৰু বজাৰখনত আন বিক্ৰেতা প্ৰৱেশ কৰাটো অসম্ভৱ।


২। মুঠ আয় কি?

উত্তৰ:-  কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰী কৰি বিক্ৰেতাই যি আয় অৰ্জন কৰে ,থাকে মুঠ আয় বোলে।


৩। গড় আয় কি?

উত্তৰ:-  মুঠ আয়ক বিক্ৰী হোৱা উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায় ,থাকে গড় আয়  বোলে।


৪। প্ৰান্তিক আয় কি?

উত্তৰ:-  অতিৰিক্ত এক একক সামগ্ৰী বিক্ৰী কৰাৰ ফলত মীঠ আয়ৰ যি পৰিৱৰ্তন হয়,থাকে প্ৰান্তিক আয়  বোলে।


৫। একাধিকাৰ প্ৰতিযোগী বজাৰ কি?

উত্তৰ:- একাধিকাৰ প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বহুসংখ্যক বিক্ৰেতাই ঘনিষ্ঠ বিকল্প সামগ্ৰী উৎপাদন কৰে আৰু যত বিক্ৰেতাৰ আমগমনৰ কোনো বাধা নাথাকে। 


৬। অল্পসংখ্যক প্ৰতিযোগী বজাৰ কি?

উত্তৰ:- অল্পসংখ্যক প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বিক্ৰেতাৰ সংখ্যা দুজনতকৈ অধিক কিন্তু অসংখ্য নহয়।


৭। একচেটিয়া বজাৰত লাভৰ পৰিমাণ কেতিয়া সৰ্বোচ্চ হয়?

উত্তৰ:- একচেটিয়া বজাৰত লাভৰ পৰিমাণ সৰ্বোচ্চ হয় যেতিয়া প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয়ৰ  সমান হয়(MR=MC)।


খ) চমু প্ৰশ্ন( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। একচেটিয়া বজাৰৰ দুটা বৈশিষ্ঠ্য উল্লেখ কৰা। 

উত্তৰ:- একচেটিয়া বজাৰৰ দুটা বৈশিষ্ঠ্য তলত উল্লেখ কৰা হল-

   ক) একচেটিয়া বজাৰত মাত্ৰ এজনেই বিক্ৰেতা থাকে।

   খ) একচেটিয়া বজাৰত সামগ্ৰীটোৰ কোনো নিকটৱৰ্তী প্ৰতিকল্প সামগ্ৰী নাথাকে।


২। একাধিকাৰ প্ৰতিযোগী বজাৰৰ দুটা বৈশিষ্ঠ্য উল্লেখ কৰা।

উত্তৰ:- একাধিকাৰ প্ৰতিযোগী বজাৰৰ দুটা বৈশিষ্ঠ্য তলত উল্লেখ কৰা হল-

        ক) একাধিকাৰ প্ৰতিযোগী বজাৰত যথেষ্ট সংখ্যক বিক্ৰেতা থাকে।

        খ) একাধিকাৰ প্ৰতিযোগী বজাৰত সামগ্ৰীৰ পৃথকীকৰণ হয়। এই পৃথকীকৰণ প্ৰকৃত বা কাল্পনিক হব পাৰে।


গ)দীঘল প্ৰশ্ন (প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। একচেটিয়া বজাৰ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মাজত চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।

 উত্তৰ:- একচেটিয়া বজাৰ আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ মাজত চাৰিটা পাৰ্থক্য  তলত উল্লেখ কৰা হল-

    ক)  পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানটোৱে সামগ্ৰীৰ দাম  পৰিৱৰ্তন  কৰিব নোৱাৰে। বজাৰত দিয়া দামত প্ৰতিষ্ঠানটোৱে নিজৰ ইচ্ছানুযায়ী যিকোনো পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে। 

              আনহাতে, একচেটিয়া বজাৰত ব্যৱসায় প্ৰতিষ্ঠানটোৱে দামৰ পৰিৱৰ্তন কৰিব পাৰে। এই বজাৰত ব্যৱসায়ীয়ে সামগ্ৰীৰ দাম কমাই দি অধিক পৰিমাণে সামগ্ৰী বিক্ৰী কৰিব পাৰে।

     খ) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত একেটা দামতেই সামগ্ৰীৰ আটাইবোৰ একক বিক্ৰী হোৱাৰ ফলত গড় আয়  আৰু প্ৰান্তিক আয় ৰেখা  একেডালেই হব আৰু এি ৰেখাডাল আনুভূমিক চাহিদা ৰেখাৰ সৈতেও মিলি যাব।

              আনহাতে, একচেটিয়া বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত গড় আয়  ৰেখাডাল নিম্বগামী হোৱাৰ ফলত প্ৰান্তিক আয়ৰেখাডালো নিম্বগামী হব আৰু প্ৰান্তিক আয় ৰেখাডাল গড় আয় ৰেখাৰ তলত থাকিব।

      গ) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দাম=গড় আয়=প্ৰান্তিক আয়। কিন্তু, একচেটিয়া বজাৰত প্ৰান্তিক আয়=গড় আয়।

      ঘ) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দীৰ্ঘকালত অস্বাভাৱিক লাভ থাকিব নোৱাৰে। কিন্তু, একচেটিয়া বজাৰত দীৰ্ঘকালতো অস্বাভাৱিক লাভ থাকিব পাৰে।


২। মুঠ ব্যয় ৰেখা আৰু মুঠ বিক্ৰী আয় ৰেখা ব্যৱহাৰ কৰি এজন একচেটিয়া ব্যসায়ীয়ে কিদৰে লাভ অৰ্জন কৰে দেখুওঁৱা।

উত্তৰ:- একচেটায়া ব্যৱসায়ী এজনে সেই অৱস্হাত লাভ অৰ্জন কৰে,যিটো অৱস্হাত মুঠ আয় আৰু মুঠ ব্যয়ৰ পাৰ্থক্য যোগাত্মকভাৱে আটাইতকৈ বেছি হয়। ই য়াক এটা চিত্ৰৰ সহায়ত ব্যাখ্যা  কৰিব পাৰি।


                                                                    figure:1

         চিত্ৰত,TC হৈছে মুঠ ব্যয় ৰেখা,TR হৈছে মুঠ বিক্ৰী আয় ৰেখা। প্ৰতিষ্ঠানটোৱে  পোৱা লাভ,মুঠ বিক্ৰী আয়,মুঠ ব্যয়ৰ সমান । চিত্ৰত আমি দেখিবলৈ পাওঁ যে যদি q পৰিমাণৰ উৎপাদন কৰা হয়। মুঠ বিক্ৰী আয় আৰু মুঠ ব্যয় হয় TC1,লাভ প্ৰাপ্তি  হয়=TR1-TC1 -এই পাৰ্থক্যটোত। একচেটিয়া প্ৰতিষ্ঠানে সেই উৎপন্ন স্তৰটো পচন্দ  কৰিব যিটোত  ইয়াৰ লাভ সৰ্বোচ্চ হয়। চিত্ৰত q0 উৎপন্ন স্তৰতে TRআৰু TC-ৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়। ইয়াতেই প্ৰতিষ্ঠানখনৰ লাভ সৰ্বাধিক হয়। q0 উৎপন্ন স্তৰত একচেটিয়া   প্ৰতিষ্ঠানখনে ভাৰসাম্য লাভ কৰে।


৩। এখন কাল্পনিক তালিকা আৰু ৰেখাৰ সহায়ত এখন একচেটিয়া প্ৰতিষ্ঠানে TR,AR আৰু MR-ৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা ।

 উত্তৰ:- একচেটিয়া ব্যৱসায়ীয়ে নিজেই সামগ্ৰাৰ দাম নিৰ্ধাৰণ কৰে আৰু সামগ্ৰীটোৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সামগ্ৰাটোৰ দাম হ্ৰাস কৰে। সেয়ে দাম  ৰেখা বা গড় আয় ৰেখা বা চাহিদা ৰেখাডাল নিম্বগামী হয় আৰু প্ৰান্তিক আয় ৰেখাডাল গড় আয় ৰেখাৰ তলত থাকে। এটা উদাহৰণৰ সহায়ত ইয়াক ব্যাখ্যা কৰিব পাৰি।

পৰিমাণ      দাম          মুঠ আয়     গড় আয়     প্ৰান্তিক আয়

   ১              ২০             ২০           ২০              ২০

   ২              ১৯             ৩৮           ১৯              ১৮

   ৩              ১৮             ৫৪            ১৮              ১৬

   ৪               ১৭             ৬৮            ১৭              ১৪৯    

যিহেতু একচেটিয়া বজাৰত কোনো প্ৰতিযোগি নাথাকে। সেয়েহে একচেটিয়া ব্যৱসায়ী চাহিদা ৰেখা বা বজাৰ চাহিদা ৰেখাও হয়। এই ৰেখাডাল নিম্বগামী হয়।

              এটা চিত্ৰৰ সহায়ত মুঠ আয়,গড় আয় আৰু প্ৰান্তিক আয়ৰ সম্পৰ্ক ব্যাখ্যা কৰিব পাৰি।



                                                            figure:2

    ক) মুঠ আয় যেতিয়া ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি হয় ,তেতিয়া গড় আয় আৰু প্ৰান্তিক আয় হ্ৰাস পাই।

    খ) মুঠ আয় হ্ৰাস হলে প্ৰান্তিক আয় ঋনাত্মক হয়।

       গ) গড় আয় যেতিয়া হ্ৰাস পাই,তেতিয়া প্ৰান্তিক আয়ও হ্ৰাস পাই,কিন্তু প্ৰান্তিক আয় অধিক হাৰত হ্ৰাস হয়। মুঠ আয় যেতিয়া সৰ্বোচ্চ হয়,তেতিয়া প্ৰান্তিক আয় শূণ্য হয়।


৪। একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰত হ্ৰস্বকাল আৰু দীৰ্ঘকালত কিদৰে  দাম আৰু  পৰিমাণ নিৰ্ধাৰণ কৰা হয়  চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰ:- হ্ৰস্বকালত একচেটিয়া বজাৰত যিটো প্ৰক্ৰিয়াৰ মাজেৰে দাম আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়,সেই একে প্ৰক্ৰিয়াৰ দ্বাৰাই একাধিকাৰ প্ৰতিযোগি বজাৰতো দাম আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়। তলত চিত্ৰৰ সহায়ত এই প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিব পাৰি।




                                                              figure:3

             চিত্ৰত,AR হৈছে গড় আয় ৰেখা। ই সোঁপিনে তললৈ ঢাল খোৱা। MR হৈছে  প্ৰান্তিক আয় ৰেখা। ACআৰু MC যথাক্ৰমে গড় ব্যয় আৰু প্ৰান্তিক ব্যয় ৰেখা । যি বিন্দুত প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয় ৰেখা পৰস্পৰ সমান হৈছে,সেই বিন্দুৱে দাম আৰু পৰিমাণ নিৰ্ধাৰণ কৰিছে। গতিকে,E বিন্দুৰ পৰা গড় আয় ৰেখাৰ D বিন্দুলৈ সৰল ৰেখাডাল টানি দিয়াত ভাৰসাম্য  দাম হল OP(MD) আৰু ভাৰসাম্য পৰিমাণ হল OM । এতিয়া দেখা গল যে,ED হল এককে প্ৰতি হোৱা অত্যধিক লাভৰ  পৰিমাণ। মুঠ লাভ হল ED X QE =PQED

        এই লাভ দীৰ্ঘকালত নাথাকে। হ্ৰস্বকালত অত্যাধিক লাভে নতুন নতুন ব্যৱসায় প্ৰতিষ্ঠানক আকৃষ্ট কৰিবন। সামগ্ৰীটোৰ মুঠ চাহিদা অধিক সংখ্যক প্ৰতিষ্ঠানৰ মাজত ভাগ হব। প্ৰতিজন বিক্ৰেতাই বিক্ৰী কৰা সামগ্ৰীৰ পৰিমাণ কমি যাব। গতিকে , প্ৰতিষ্ঠানটোৰ গড় আয়ৰেখা বা চাহিদাৰেখাডাল বাওঁপিনে আতঁৰি যাব। বিক্ৰেতাজনৰ লাভৰ পৰিমাণ কমি আহিব। এইদৰে দীৰ্ঘকালত চাহিদাৰেখাডাল আঁতৰি গৈ গড় খৰচ ৰেখাৰ স্পৰ্শক হব। অত্যধিক লাভ নাইকিয়া হব। 

          তলৰ চিত্ৰত একাধিকাৰ প্ৰতিযোগি বজাৰত দীৰ্ঘকালত ভাৰসাম্য দেখুওৱা হৈছে।



                                                                  figure:4

          চিত্ৰত,দাম হল OP  আৰু অত্যধিক লাভ আতঁৰি গল। D বিন্দুত গড় আয় ৰেখাডাল গড় ব্যয়ৰেখাৰ স্পৰ্শক হৈছে। 

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা