Books related Information

আঘোনৰ কুৱলী কবিতাটিৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম কি?

উত্তৰ:-কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম হল আমাৰ পৃথিৱী।


২। কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল?

উত্তৰ:-কবি কেশৱ মহন্তই  'মোৰ যে কিমান হেপাঁহ'  নামৰ কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল।


৩। কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম লিখা।

উত্তৰ:-কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম হল- 'মা আমি শদিয়ালৈ যামেই' ।


খ) প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-

। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰ:-অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হল-

    ক) জয়ন্তী আলোচনী

    খ) পছোৱা আলোচনী

    গ) ৰামধেনু আলোচনী।


২। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ:-কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হল-

         ক)  আমাৰ পৃথিৱী

         খ) আগন্তুক ।


৩। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা । 

উত্তৰ:-'উৰুলি'  শব্দৰ অৰ্থ হল- শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ।      আনহাতে,'ৰাগি' শব্দৰ অৰ্থ হল - নিচা।


৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা-

    ক) আঘোনৰ পথাৰৰ দাৱনীৰ কাম আছে

         মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি,

         কাম আছে,

         আঘোণৰ পথাৰত কাম আৰু কাম।

উত্তৰ:- 'আঘোনৰ পথাৰৰ ---------------

          ---------------------------  কাম ।'

                   উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা ৰচিত ''আঘোনৰ কুঁৱলী'' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

         কবিতাফাকিৰ জৰিয়তে কবিয়ে আঘোন মাহৰ প্ৰকৃতিৰ অপৰুপ সৌন্দৰ্য্যৰ মনোমোহা দৃশ্যৰ কথা অৱতাৰণা কৰিছে।

         আঘোন মাহত ধাননী পথাৰৰ সোণ-গুটি যেনধানবোৰ ঘৰলৈ আনিবৰ বাবে অসমীয়া লোকসকল তাপৰ হৈ পৰে। দিনৰ দিনটো প্ৰখৰ ৰদতো মানুহ পথাৰত ব্যস্ত হৈ থাকে। দাৱনীসকলে কাচিঁৰে মুঠি-মুঠিকৈ ধান কাটি আৰু পিৰুষসকলে সেই ধানববোৰ ডাঙৰি বান্ধি ঘৰলৈ নিয়ে। এইদৰে দিনৰ দিনটো পথাৰত কাম কৰি শাৰীৰিকভাৱে ভাগৰুৱা হৈ পৰে। কিন্তু প্ৰকৃতিও যে এনে  এক অন্যান্য খেলা-খেল যি নিজৰ সৌন্দৰ্য্যৰ শাৰীৰিকভাৱে ভাগৰুৱা সকলক মানসিকভাৱে প্ৰশান্তি দিয়ে। যেতিয়া আঘোন মাহৰ আবেলি আকাশেদি বন-হাঁহ জাক পাতি-পাতি বিললৈ যায় । কেতিয়ক সকলে সেই মনোহৰ দৃশ্য অলপ উপভোগ কৰে।

   

খ) আঘোনৰ কুঁৱলীত ধাননি লুকালে

       আঘোনৰ কুঁৱলীয়ে দাৱনীয়ে ঢাকিলে

       আঘোনৰ কুঁৱলীতে সেউতী হেৰালে

       ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল------

উত্তৰ:- ''আঘোনৰ------------------------------

          ----------------------------থাকিল------''

              উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি কেশৱ মহন্তৰ দ্বাৰা ৰচিত ''আঘোনৰ কুঁৱলী'' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

         অতিত্ৰী বাহনাৰে জৰিত কবি অন্তৰত বিষাদ বেদনাৰ প্ৰকাশৰ প্ৰসংগত কবিতাফাকি অৱতাৰনা কৰা হৈছে।

         কবিৰ সন্মুখতে হেৰাই যাব খুজিছে কৃষি জীৱি অসমীয়া সমাজখন। ইয়াৰ লগত সংগতিপূৰ্ণভাৱে অৱস্হান কৰা সাধাৰণ জীৱনৰ সৰলতা,অকৃত্ৰিম আৰু প্ৰেম ভালপোৱাৰ অৱসান হব খোজাৰ প্ৰক্ৰিয়াত কবিয়ে সহজভাৱে লব পৰা নাই। আঘোনৰ কুৱলী সদৃশ যান্ত্ৰিকতাৰ আবেগশ্ৰলিত সোমাই পৰা কুঁৱলীময় মানুহৰ মনবোৰৰ মাজত হেৰাই গৈছে সোণালী ধানৰ পথাৰখনৰ দৰেই নিজৰ অস্তিত্ব আৰু আবেগ-অনুভুতি যিয়ে নেকি জোৰ কৰি লবলৈ যাব পাৰে আন্তৰিক বন্ধনেৰ গৰ লৈ সম্পৰ্কও । কবিৰ প্ৰেমিক অন্তৰৰ মাজৰ পৰা হেৰাই যোৱা সেউতিক প্ৰেম ভালপোৱাৰ বিষাদত কবি বিৰহ-কাতৰ।

         এনেদৰে কবিতাটিৰ মাধ্যমেৰে কবিয়ে যান্ত্ৰিকতাৰ বিদস্ত মানৱ মনৰ সৰলতা,অকৃত্ৰিম বিষাদেৰে ব্যক্তিত্ব মানুহৰ চবিকেই অংকণ কৰিছে।

                                      xxxxxxxxxxxxxxxxxxxxxxxxxxx


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ