Books related Information

উভতি নহাৰ কবিতা- (নৱকান্ত বৰুৱা)

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। 'উভতি নহাৰ কবিতা' কবিতাটি  কৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰ:-'উভতি নহাৰ কবিতা' কবিতাটি 'দলঙত তামীঘৰা' পৰা সংগ্ৰহ কৰা হৈছে।


২। নৱকান্ত বৰুৱাই কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰ:- নৱকান্ত বৰুৱাই 'ককাদেউতাৰ হাৰ' উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।


৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা।

উত্তৰ:- ৰোমাণ্টিক কবিতাত কবিয়ে পুনৰজনমত বিশ্বাস কৰে। আনহাতে,আধুনিক কবিতাত কবিয়ে ভাৱে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে।


৪।  'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা?

উত্তৰ:-  'উভতি নহাৰ কবিতা' আধুনিক শ্ৰেণীৰ কবিতা।


৫। 'তামিঘৰা' শব্দটিৰ অৰ্থ লিখা।

উত্তৰ:-  'তামিঘৰা' শব্দটিৰ অৰ্থ হল-তম্বু ।


খ) চমু প্ৰশ্ন( প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ)--


১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম লিখা।

উত্তৰ:- নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম হল-

          ক)এটি দুটি এঘাৰটি তৰা

          খ) দলঙত তামীঘৰা

          গ) ৰত্নাকৰ।


২।  নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।

উত্তৰ:- নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হল-

          ক) কপিলীপৰীয়া সাধু

          খ) ককাদেউতাৰ হাৰ।


৩। কবি নৱকান্ত বৰুৱাৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালীটো কবিয়ে কেইবাৰ খেলিছে?

উত্তৰ:- কবি নৱকান্ত বৰুৱাৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হল-যন্ত্ৰণা।

                 জীয়াই থকাৰ ধেমালীটো কবিয়ে এবাৰ খেলিছে।


৪। ৰামধেনু যুগৰ দুই গৰাকী কবিৰ নাম লিখা।

উত্তৰ:- ৰামধেনু যুগৰ দুই গৰাকী কবিৰ নাম হল-

         ক) হেম বৰুৱা

         খ) কেশৱ মহন্ত


৫। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাৱিছে,বুজাই লিখা।

উত্তৰ:- পৃথিৱীখনৰ মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে ক্ষণস্হায়ী। চিৰকাল জুৰি পৃথিৱীখনলৈ মানুহৰ সোঁত নিৰৱচিন্নভাৱে বৈ আছে। নিজৰ-নিজৰ কাৰ্য সম্পাদন কৰি কিছু অগা-পিছাকৈ আকৌ এই পৃথিৱীৰ পৰা মানুহ চিৰবিদায় মাগিছে। পৃথিৱীখনলৈ মানুহৰ যি অহা যোৱাৰ সোঁত ই কাহানিও স্তম্ব হোৱা নাই। এই পৃথিৱীখনত কোনো মানুহেই চিৰস্হায়ী নহয়। ঠিক এনেদৰে, কবিও এদিন এই পৃথিৱীখনলৈ আগমন ঘটিছিল। অন্যান্য মানুহবোৰৰ দৰে নিজ কাৰ্য সম্পাদন কৰি কবিও এদিন এই পৃথিৱীৰ পৰা আতৰি যাব। পৃথিৱীখনক কবিয়ে অত্যন্ত ভাল পাইছে। তথাপি কবি পৃথিৱীলৈ পুণৰ উভতি আহিব নোৱাৰে কিয়নো অকল কবিয়েই নহয়,কোনো মানুহ এবাৰ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি নাহে। সেয়েহে কবিয়ে উক্ত চিৰন্ত সত্যটো স্বীকাৰ কৰি লৈ মৰমৰ পৃথিৱীখনলৈ পুণৰ উভতি নাহে বুলি মত পোষণ কৰিছে।


৬। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে,বুজাই লিখা।

উত্তৰ:-পৃথিৱীখনৰ মানুহৰ জীৱন কচুপাতৰ পানীৰ দৰে ক্ষণস্হায়ী। দুদিনীয়া জীৱনত মানুহে যিবোৰ কাম সম্পাদন কৰি যায়,সেইবোৰ একেবাৰে অস্হায়ী। মৃত্যুৰ লগে-লগে মানুহে কৰা কামবোৰৰ পৰিচয় লোপ্ত হৈ পৰে। কবিও যিহেতু তেজ মংহৰ মানুহ সেয়ে তেওঁৰ জীৱনো ক্ষণস্হায়ী। পৃথিৱীখন কবিৰ অত্যন্ত মৰমৰ আছিল। যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ। সেয়ে নানা জালা-যন্ত্ৰণাৰ মাজতো কবিয়ে জীৱাই থকাৰ খেলটো খেলিছিল। বিভিন্ন ধৰণৰ কাৰ্যৰ মাজত নিজকে ব্যস্ত কৰি ৰাখিছিল। এই খেল--খেলিছিল এবাৰেই কিয়নো মৃত্যুৰ পাছতো এই পৃথিৱীলৈ কবিয়েই নহয় আন কোনো মানুহ অহাৰ সম্ভাৱণা নাই। কবিৰ মৃত্যুৰ পিছত চামে-চামে মানুহ পৃথিৱীলৈ আহিব আৰু ইয়াৰ লগে-লগে কবিয়ে কৰি থৈ যোৱা কামবোৰৰ পুণৰাবৃত ঘটিব। তাত যেন কবিৰ একো চিন নাথাকিব। তেওঁলোক হব সম্পূৰ্ণ নতুন আৰু পৃথক ব্যক্তি। এইদিনবোৰ হব নতুন দিন। পৃথিৱীখনত এবাৰ মৃত্যু হোৱাৰ পিছত সেই ব্যক্তিৰ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ অস্তিত্ব নাথাকে।

       গতিকে,নতুন দিনত পুৰণিচাম মানুহৰ কোনোধৰনৰ অস্তিত্ব নতকাৰ দ্বৰে কবিৰো কোনো ধৰণৰ চিন-চাপ নাথাকিব বুলি ভাৱিবলৈ কবি বাধ্য।


৭। 'উভতি নহাৰ কবিতা'ত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে,বুজাই লিখা।

উত্তৰ:- কবি এই পৃথিৱীখনলৈ আঘমন এবাৰেই ঘটিছে। যদিও ই কবিৰ বাবে চিৰস্মৰণীয়। এবাৰ আহি গুচি যোৱাৰ পিছত এই পৃথিৱীখনলৈ পুণৰাই কোনো মানুহেই উভতি আহিব নোৱাৰে। কবিও ইয়াৰ ব্যতিক্ৰম নহয়। যদিও পৃথিৱীখনলৈ কবি পুণৰ উভতি আহিব নোৱাৰে,তথাপিও তেওঁ পৃথিৱীখনক অত্যন্ত ভাল পাই। পৃথিৱীখনক ভাল পোৱাৰ কথাটো কবিয়ে বহুবাৰ বহুধৰনেৰে ব্যক্ত কৰিছে,এনেদৰে-

        ''মাথোন এই পৃথিৱীখনক ভাল পাই গলো

         এই কথাটোকে কিমানবাৰ যে কলোঁ

           কিমান ভাৱেৰে কলোঁ। ''

         পৃথিৱীখনক কবিয়ে অফুৰন্তভাৱে ভাল পোৱাৰ বাবে জীয়াই থকাৰ মন্ত্ৰটো বিভিন্ন যন্ত্ৰণা বুলি অভিহিত কৰিছে। কবিও যদি পৃথিৱীখনলৈ পুণৰ উভতি আহিব নোৱাৰে তথাপিও কিন্তু কবি পৃথিৱীখনৰ প্ৰতি যতেষ্ট সচেতন। সেয়ে কবিয়ে তেওঁৰ পিছৰ চাম মানুহে পৃথিৱীখনলৈ আহি কেনেদৰে  কাম সম্পাদন কৰে,সেই কথা ভাবি ব্যস্ত হৈ পৰিছে। কবিতাটোৰ শেষত কবিৰ অন্তৰত বিষাদবোদ প্ৰতিফলিত হোৱা পৰিলক্ষিত হয়।


৮। কবিৰ মতে,পৃথিৱীলৈ 'নতুন মানুহ' আহিলে কি পৰিৱৰ্তন হব?

  উত্তৰ:-   উপৰৰ ৬ নম্বৰৰ প্ৰশ্নোত্তৰ লিখিব লাগিব।


৯। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা--

    ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

        সেই মন্ত্ৰকে গালোঁ

        জীয়াই থকাৰ ধেমালিটো মই

        এবাৰেই খেলি গলোঁ।

    উত্তৰ:-   ''যন্ত্ৰণা----------------------

                 --------------------- গলোঁ।''

                     উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি নৱকান্ত বৰুৱা দেৱৰ ৰচিত ''উভতি নহাৰ কবিতা'' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

        মানুহে জীয়াই থাকিবলৈ কিমান যন্ত্ৰণাৰ মুখামুখী হব লাগে,ইয়াক প্ৰকাশ কৰাৰ প্ৰসংগত উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।

        পৃথিৱীখনক ভালপোৱাৰ কথা  কবিয়ে বিভিন্ন  ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ বুলি উল্লেখ কৰিছে। কবিৰ মতে,জীয়াই থকাটো এটা ধেমালীহে মাত্ৰ। জীয়াই থকাৰ এই ধেমালীটো কবিয়ে কিয় পৃথিৱীৰ প্ৰত্যেকজন মানুহে এবাৰেই মাত্ৰ খেলি যায় বুলি উল্লেখ কৰিছে,এনেদৰে-যন্ত্ৰণা---------------গালোঁ।

         প্ৰকৃততে মানুহ পৃথিৱীলৈ এবাৰেই আহে আৰু আহি জীৱনৰ নানা খেল এবাৰেই খেলিবলৈ পায়।

                                                          xxxxxxxxxxxxxxxxxxx


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ