Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12//এটা দলৰ আদিপত্যৰ যুগ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা(NDA)-ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?

উত্তৰঃ- ভাৰতীয় জনতা পাৰ্টি(BJP)।

২।  ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছিল?

উত্তৰঃ-ভাৰতীয় কমিউনিষ্ট পাৰ্টি।

৩। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল?

উত্তৰঃ- ১৪ টা।

৪। শুদ্ধনে অশুদ্ধ লিখাঃ-

     ভাৰতত বহুদলীয় ব্যৱস্হা আছে।

উত্তৰঃ- শুদ্ধ।

৫। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল?

উত্তৰঃ- স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ।

৬। স্বাধীন ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী কোন আছিল?

উত্তৰঃ- চৰ্দাৰ ভল্লৱভাই পেটেল।

৭। EVM-ৰ সম্পূৰ্ণ নামটো লিখা।

উত্তৰঃ-EVM-ৰ সম্পূৰ্ণ নামটো হল-Electronic Voting Machine.

৮। সংবিধান সভাৰ খচকৰা সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ।

৯। সংববিধানৰ কোন অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে  কেৰালাৰ সাম্যবাদী চৰকাৰক বৰ্খাস্ত কৰে ?

উত্তৰঃ-সংববিধানৰ ৩৫৬-নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে  কেৰালাৰ সাম্যবাদী চৰকাৰক বৰ্খাস্ত কৰে ।

১০। চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কিমানবাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল?

উত্তৰঃ-চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে তিনিবাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল । যেনে-  1.  1952 চন।

           2.  1957 চন।

           3.  1962 চন।

           

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ-১৮৮৫ চনত এলেন অক্টোভিয়ান হিউমে  ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল।  

২। ১৯৫০ চনত নিৰ্বাচন আয়োগৰ সন্মুখত দেখা দিয়া দুটা প্ৰত্যাহ্বান উল্লেখ কৰা।

উত্তৰঃ-১৯৫০ চনত নিৰ্বাচন আয়োগৰ সন্মুখত দেখা দিয়া দুটা প্ৰত্যাহ্বান তলত উল্লেখ কৰা হলঃ-

       ক) সমষ্টি নিৰ্ধাৰণ।

       খ) ভোটাৰ তালিকা প্ৰস্তুত কৰা।

৩। ভাৰতত নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা ?ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্ত কোন আছিল?

উত্তৰঃ-ভাৰতত নিৰ্বাচন আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল। 

                 ভাৰতৰ প্ৰথম প্ৰধান নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন।

৪। ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ উল্লেখ কৰা।

উত্তৰঃ-ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ তলত উল্লেখ কৰা হলঃ-

          ক) ই অখণ্ড ভাৰত গঢি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান একগোট হোৱাটো বিচাৰে। 

           খ) ই এক দেশ,এক জাতি আৰু এক সংস্কৃতিত বিশ্বাস কৰে।

৫। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল আৰু এই দলৰ সভাপতি কোন আছিল? 

উত্তৰঃ-ভাৰতীয় জনসংঘ ১৯৫১ চনত গঠন কৰা হৈছিল আৰু এই দলৰ সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।

৬। ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 

উত্তৰঃ-ভাৰতীয় সংবিধানৰ খচৰা ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল।

৭। ভাৰত স্বাধীন হোৱাৰ আগতে প্ৰতিষ্ঠা হোৱা দুটা ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰঃ- ভাৰত স্বাধীন হোৱাৰ আগতে প্ৰতিষ্ঠা হোৱা দুটা ৰাজনৈতিক দলৰ নাম হলঃ-

           ক) ভাৰতীয় জাতীয় কংগ্ৰেছ( ১৮৮৫ চন)।

           খ) মুছলীম লীগ( ১৯০৬ চন)।

৮। দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু কোন ৰাজ্যত সেই দলৰ উপস্হিতি সেইটো উল্লেখ কৰা।

উত্তৰঃ- দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হলঃ-

          ক) অসম গণ পৰিষদ ---- অসম।

          খ) তেলেগু দেশম   ---- অন্ধ্ৰ প্ৰদেশ।

৯। ভাৰতৰ দল ব্যৱস্হাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ-ভাৰতৰ দল ব্যৱস্হাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হলঃ-

         ক) সাম্প্ৰদায়িক দলৰ উপস্হিতি।

         খ) বহুদলীয়া ব্যৱস্হা।

১০। স্বতন্ত্ৰ দলৰ দুটা আদৰ্শ উল্লেখ কৰা।

উত্তৰঃ-স্বতন্ত্ৰ দলৰ দুটা আদৰ্শ তলত উল্লেখ কৰা হলঃ-

        ক) ই উন্নত কৰ ব্যৱস্হা আৰু লাইচেন্স প্ৰথাও সমৰ্থন নকৰে।

         খ) ই কেন্দ্ৰীয় পৰিকল্পনা,ৰাষ্ট্ৰীয়কৰণ,চৰকাৰী খণ্ডৰো বিৰোধিতা কৰে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ