Books related Information

Class-12//ক্ষমতাৰ বিকল্প কেন্দ্ৰ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰঃ-চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও-চে-টুঙ ।

২। ASEAN-ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ-ASEAN-ৰ সম্পূৰ্ণ অৰ্থ হল-Association of South -East Asian Nations.

৩। ভাৰত এছিয়ান(ASEAN)-ৰ এখন সদস্য ৰাষ্ট্ৰ। ( হয় নে নহয় লিখা)

উত্তৰঃ- নহয়।

৪। মাৰ্শ্বাল আচঁনি বুলিলে কি বুজায়?

উত্তৰঃ- দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো পুণৰ জীৱিত কৰাৰ বাবে আমেৰিকাই যি পৰিকল্পনা কৰিছিল,তাকে মাৰ্শ্বাল আচঁনি বোলে। 

৫। ইউৰোপীয় মুদ্ৰাক  কি নামেৰে জনা যায়?

                         বা

   ইউৰোপীয় সংঘৰ মুদ্ৰাক কি কয়?

উত্তৰঃ-ইউৰোপীয় মুদ্ৰাক ইউৰো নামেৰে জনা যায়।

৬। বেংকৰ ঘোষণা পত্ৰ কি?

উত্তৰঃ-বেংকৰ ঘোষণা পত্ৰ হল ১৯৬৭ চনত ইন্দোনেচিয়া,মালয়েছিয়া,ফিলিপাইন,ছিংগাপুৰ আৰু থাইলেণ্ড--এই পাঁচখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা এখন ঘোষণা পত্ৰ। 

৭। ARF প্ৰতিষ্ঠা হৈছিল------------।

উত্তৰঃ-১৯৯৪ চনত।

৮। চীন কেতিয়া বিশ্ব বাণিজ্য সন্হাৰ সদস্য হৈছিল?

উত্তৰঃ- ২০০১ চনত।

৯। কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল?

উত্তৰঃ- ১৯৮২ চনত

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।

                           বা 

    আঞ্চলিক সংগঠন গঠন কৰাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ-আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-

           ক)  নিজৰ অঞ্চলৰ উন্নতি কৰা।

           খ) অৰ্থনৈতিক,সামাজিক আৰু সাংস্কৃতিক সমস্যা দূৰ কৰা ।

২। ASEAN-ৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ-ASEAN-ৰ দুটা মূল উদ্দেশ্য তলত উল্লেখ কৰা হল-

         ক) ক্ষিপ্ৰগতিত অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা ।

         খ) উন্নয়নশীল দেশৰ লগত সহয়োগিতা শক্তিশালী কৰাৰ ব্যৱস্হা কৰা।

৩। ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য উল্লেখ  কৰা।

উত্তৰঃ-ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য তলত উল্লেখ  কৰা হল-

         ক) ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু সহযোগিতাৰ হাৰ বৃদ্ধি কৰা।

          খ) অৰ্থনৈতিক ,সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰা।

৪। ভাৰতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা দুখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ- ভাৰতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা দুখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম হল-

           ক) ছিংগাপুৰ ;

           খ) থাইলেণ্ড।

৫। ইউৰোপীয় সংঘ গঠনত অৰিহণা যোগোৱা দুটা কাৰণ লিখা।

উত্তৰঃ- ইউৰোপীয় সংঘ গঠনত অৰিহণা যোগোৱা দুটা কাৰণ হল-

           ক) দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত দুৰ্বল অৰ্থনৈতিক সবল কৰা ।

           খ) সামৰিক ক্ষেত্ৰত শক্তিশালী কৰি তোলা।

৬। ইউৰোপীয় সংঘত থকা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্হায়ী সদস্য ৰাষ্ট্ৰ নাম লিখা।

উত্তৰঃ- ইউৰোপীয় সংঘত থকা ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্হায়ী সদস্য ৰাষ্ট্ৰ নাম -

      ক) বৃটেইন

      খ) ফ্ৰান্স।

৭। ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম লিখা।

উত্তৰঃ-ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম হল-

         ক) সংসদ

         খ) ইউৰোপীয় পৰিষদ।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ