Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

''পূৰ্ণ প্ৰতিযোগিতামুলক বজাৰ'' গোটৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

 ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। বজাৰ মানে কি?

উত্তৰ:-সাধাৰণ অৰ্থতবজাৰ মানে এটুকুৰা নিৰ্দিষ্ট ঠাই বুজোৱা হয় যত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত পৰস্পৰ মুখামুখী হয় আৰু সামগ্ৰীবোৰ মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়।


২। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে?

উত্তৰ:- যিখন বজাৰত অসংখ্য গ্ৰাহক আৰু বিক্ৰেতা থাকে ,তেওঁলোকৰ মাজত মুক্ত প্ৰবেশ আৰু মুক্ত প্ৰস্হান সম্ভৱ হৈ উঠে,তেনে বজাৰক  পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বোলে। 


৩। মুঠ বিক্ৰী আয় কি?

উত্তৰ:- কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰি কৰি  বিক্ৰেতাই যি আয় অৰ্জন কৰে, তাকে মুঠ বিক্ৰী আয় বোলে।


৪। গড় বিক্ৰী আয় কি?

উত্তৰ:- মুঠ বিক্ৰী আয়ক উৎপন্নৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায়,তাকে গড় বিক্ৰী আয় বোলে।


৫। প্ৰান্তিক বিক্ৰী আয় কি?

উত্তৰ:- এক একক সামগ্ৰী অধিক বা কমকৈ বিক্ৰী কৰাৰ ফলত মুঠ বিক্ৰী আয়ৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক বিক্ৰী আয় বোলে।


৬। অস্বাবাৱিক লাভ কি?

উত্তৰ:- ব্যৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অৰ্জন কৰে,তাকে অস্বাবাৱিক লাভ বোলে।


৭। ব্যৱসায় প্ৰতিষ্ঠানটোৰ সমাবস্হা বিন্দু কি?

উত্তৰ:- যোগান ৰেখাৰ যিটো বিন্দুত ব্যৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভ অৰ্জন কৰে,তাকে  ব্যৱসায় প্ৰতিষ্ঠানটোৰ সমাবস্হা বিন্দু বোলে।


খ) চমু প্ৰশ্ন ( প্ৰতিটো ২ আৰু নম্বৰৰ প্ৰশ্নোত্তৰ)-


১। ব্যৱসায় প্ৰতিষ্ঠান এখনৰ উৎপাদন ব্ন্ধ বিন্দু কি?

উত্তৰ:- ব্যৱসায় প্ৰতিষ্ঠান এখনৰ উৎপাদন ব্ন্ধ বিন্দু হল প্ৰতিষ্ঠান এটাৰ গড় পৰিৱৰ্তনশীল ব্যয়ৰ নিম্নতম বিন্দু যিটো বিন্দুৰ তলত প্ৰতিষ্ঠানটোৱে যোগাত্মক উৎপাদন নকৰে। তলৰ চিত্ৰৰ সহায়ত ইয়াক দেখুওৱা হল-


                                                     figure:1

     চিত্ৰত,E বিন্দু হল উৎপাদন ব্ন্ধ বিন্দু । এই বিন্দুটোৰ তলত দাম কমি আহিলে প্ৰতিষ্ঠানটোৱে এটাও উৎপাদন নকৰে।


২। স্বাভাৱিক লাভৰ ধাৰণাটো লিখা ।

উত্তৰ:- লাভৰ যিটো পৰিমাণ,ব্যৱসায় প্ৰতিষ্ঠানটোৱে প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় সামৰি লব পৰাকৈ যথেষ্ট,তাকে স্বাভাৱিক লাভ বোলে। মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদিহে ব্যৱহায় প্ৰতিষ্ঠানটোৱে প্ৰকাশ্য ব্যয় আৰু সুযোগ ব্যয় দুয়োটাকে অন্তৰ্ভুক্ত কৰে,তেন্তে স্বাভাৱিক লাভে লাভৰ সেইটো স্তৰক বুজাব যত মুঠ বিক্ৰী আয় মুঠ ব্যয়ৰ সমান হয়।অৰ্থাৎ, স্বাভাৱিক লাভ হৈছে শূন্য লাভ।


৩। ব্যৱহায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা নিৰ্ধাৰণ কৰা দুটা কাৰক উল্লেখ কৰা ।

উত্তৰ:- ব্যৱহায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা নিৰ্ধাৰণ কৰা দুটা কাৰক তলত উল্লেখ কৰা হল-

    ক) প্ৰযুক্তিগত উন্নয়ন:-  ব্যৱসায় প্ৰতিষ্ঠান এটাই নিৰ্দিষ্ঠ এটা সামগ্ৰী উৎপাদন কৰিবলৈ উৎপাদনৰ দুটা উপাদান ৰ ব্যৱহাৰ কৰে আৰু এই দুটা হৈছে মূলধন আৰু শ্ৰম।

    খ) উৎপাদন উপাদানৰ দাম:- উৎপাদন উপাদানৰ দামৰ পৰিৱৰ্তনেও ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখাৰ ওপৰত প্ৰভাৱ পেলাই।


গ) দীঘল প্ৰশ্ন( প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ)

 

১। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ চাৰিটা বৈশিষ্ট উল্লেখ কৰা ।

 উত্তৰ:- পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ চাৰিটা বৈশিষ্ট তলত উল্লেখ কৰা হল-

     ক) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত অসংখ্য গ্ৰাহক আৰু বিক্ৰেতা থাকে। সেয়ে বজাৰত একো একোজন গ্ৰাহক আৰু বিক্ৰেতাৰ প্ৰভাৱ অতি নগন্য হয়।

     খ) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ সামগ্ৰীটোৰ বিভিন্ন গোটৰ মাজত কোনো ধৰণৰ পাৰ্থক্য থাকিব নোৱাৰে। অৰ্থাত,সামগ্ৰীটোৰ বিভিন্ন গোট পূৰ্ণ সাদৃশ্যযুক্ত হব লাগিব।

     গ) পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত গ্ৰাহক আৰু বিক্ৰেতাৰ মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্হান সম্ভৱ হৈ উঠে।

     ঘ)  পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত বিক্ৰী হোৱা সামগ্ৰীটোৰ দাম,গুণাগুণ সম্পৰ্কে গ্ৰাহক আৰু বিক্ৰেতা সম্পূৰ্ণভাবে অৱগত।


২। "পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত AR=MR, কিন্তু একচেটিয়া বজাৰত AR>MR ।" --- ব্যাখ্যা কৰা।

উত্তৰ:- পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত উৎপাদনকাৰীয়ে  সামগ্ৰীৰ দাম নিৰ্ধাৰণ কৰিব  পাৰে। উৎপাদনকাৰীয়ে বজাৰত দিয়া  দামটো গ্ৰহণ কৰিব পাৰে। কাৰণ এই বজাৰত উৎপাদনকাৰীৰ সংখ্যা অনেক আৰু কোনো এজন উৎপাদনকাৰীয়ে অকলে বজাৰত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। এই  বজাৰত প্ৰান্তিক আয় গড় আয়ৰ সমান হয়। গতিকে,এই বজাৰত প্ৰান্তিক আয় ৰেখাডাল X-অক্ষৰ সমান হব। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত নিৰ্ধাৰিত দামতহে উৎপাদনকাৰীয়ে যিমান ইচ্ছা সিমান বিক্ৰী কৰিব পাৰে। সেয়েহে একে দামত হে উৎপাদনকাৰীয়ে অতিৰিক্ত গোট বিক্ৰী কৰিব পাৰে আৰু সেই কাৰণে এখন ব্যৱসায় প্ৰতিষ্ঠানৰ AR=MR হয়। চিত্ৰত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত অনুভূমিক আকৃতিৰ গড় আয় ৰেখা দেখুওৱা হৈছে।

                                                        figure:2


          চিত্ৰত,OX- অক্ষত প্ৰতিষ্ঠানটোৱে বিক্ৰীৰ পৰিমাণ আৰু OY-অক্ষত গড় আয়,প্ৰান্তিক আয় আৰু দাম বুজোৱা হৈছে। OP দামত ব্যৱহায় প্ৰতিষ্ঠানটোৱে OM পৰিমাণৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে। অৰ্থাৎ, ব্যৱসায় প্ৰতিষ্ঠানটোৱে সামগ্ৰীৰ দামৰ পৰিৱৰ্তন কৰা নাই,বিক্ৰীৰ পৰিমাণৰহে পৰিৱৰ্তন হৈছে। সেয়েহে ব্যৱসায়টোৱে দামৰ পৰিৱৰ্তন নকৰে। যোগান ধৰা সামগ্ৰীটোৰ বিভিন্ন গোটৰ মাজত পাৰ্থক্য নাই। গতিকে সামগ্ৰীৰ পৰিমাণ যিয়েই নহওঁক ব্যৱসায় প্ৰতিষ্ঠানটোৰ গড় আয় একেই থাকিব। অতিৰিক্ত এক একক সামগ্ৰীও একেটা দামত বিক্ৰী হব। গতিকে, দাম=AR=MR।

            আনহাতে, একচেটিয়া বজাৰত এটা মাত্ৰ বিক্ৰেতা থাকে,বিক্ৰেতাজনে সামগ্ৰীৰ দৰ নিজেই প্ৰস্তুত কৰিব পাৰে। বজাৰত সামগ্ৰীবিধৰ কোনো নিকট প্ৰতিকল্প দ্ৰৱ্য নাথাকে। বিক্ৰেতাজনে সামগ্ৰীৰ দাম নাইবা পৰিমাণ নিৰ্ধাৰণ কৰে। কিন্তু দুয়োটা নিৰ্ধাৰণ কৰিব নোৱাৰে। এনে অৱস্হাত বিক্ৰেতাজনে দামৰ পৰিমাণ কমাই বিক্ৰী কৰিব বিচাৰে। সেয়ে অতিৰিক্ত একক সমূহৰ পৰা আয়ৰ পৰিমাণ হ্ৰাস পাই থাকে। সেয়ে চিত্ৰত দেখুওৱাৰ দৰে ইয়াৰ AR ৰেখা MR-ৰ ওপৰত থাকে।


                                                      figure:3

 

৩। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ ব্যৱসায় প্ৰতিষ্ঠান এখনৰ চাহিদা আৰু যোগানৰ ফলত তলত দিয়া ধৰণৰ :

             D=25P

             S=30+10P

    যত,D=  চাহিদাৰ পৰিমাণ,S= যোগানৰ পৰিমাণ আৰু দৰ। ভাৰসাম্য দৰ,ভাৰসাম্য চাহিদা আৰু যোগানৰ পৰিমাণ নিৰ্ণয় কৰা।

উত্তৰ:- দিয়া আছে,

                           D=25P

                                            S=30+10P

            এতিয়া, 

                      ভাৰসাম্য অৱস্হাত, D=S

                   =>25P=30+10P

                  => 25P-30-10P=0

                  => 15P-30=0

                  =>P=30/15

                  =>P=2

      .'. ভাৰসাম্য দৰ(P)=2 

        আকৌ, ভাৰসাম্য চাহিদাৰ পৰিমাণ,

                    D=25P

                => D=25X2

                 => D=50

       .'. ভাৰসাম্য চাহিদাৰ পৰিমাণ(D) =50 একক

        আকৌ, ভাৰসাম্য যোগানৰ পৰিমাণ,

                     S=30+10P

                =>  S=30+10X2

                => S= 3+20

                =>S=23

       .'. ভাৰসাম্য যোগানৰ পৰিমাণ(S)=23 একক।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ