Books related Information
Class-12 Geography// পৃথিৱীৰ জনসংখ্যা বিতৰণ,ঘনত্ব আৰু বৃদ্ধি
- Get link
- X
- Other Apps
ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
১। তলৰ কোনখন দেশত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটেঃ-
ক) আফ্ৰিকা খ) দক্ষিণ আমেৰিকা
গ) এচিয়া ঘ) উত্তৰ আমেৰিকা
২। তলৰ কোনটো অঞ্চল বিৰল জনসংখ্যা যুক্ত অঞ্চল নহয়ঃ-
ক) আটাকামা খ) দক্ষিণ পূব এচিয়া
খ) বিষুবীয় অঞ্চল ঘ) মেৰু অঞ্চল।
৩। তলৰ কোনটো বিকৰ্ষক কাৰক নহয়ঃ-
ক) পানীৰ নাটনি খ) শিক্ষাৰ সা-সুবিধা
গ) নিযুক্তি নথকা ঘ) মহামাৰী।
খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। জনসংখ্যাৰ ঘনত্ব(Density of Population) কি?
উত্তৰঃ- কোনো এখন ঠাইৰ মুঠ জনসংখ্যা আৰু মাটি কালিৰ অনুপাত হল জনসংখ্যা ঘনত্ব।
২। জনসংখ্যা বৃদ্ধি ( Population of Grouth)কি ?
উত্তৰঃ- কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ সময়ৰ দুটা ক্ষণৰ মাজত হোৱা জনসংখ্যাৰ পৰিৱৰ্তনকে জনসংখ্যা বৃদ্ধি বোলে।
৩। জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি(Natural grouth of Population)কি?
উত্তৰঃ- কোনো এটা নিৰ্দিষ্ট অঞ্চলত সময়ৰ দুটা বিন্দুৰ মাজত জন্ম আৰু মৃত্যুৰ পাৰ্থক্যৰ দ্বাৰা যদি জনসংখ্যা বৃদ্ধি ঘটে ,তাকেই জনসংখ্যাৰ স্বাভাবিক বৃদ্ধি(Natural grouth of Population) বোলে।
গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। জন প্ৰব্ৰজনৰ দুটা আকৰ্ষক কাৰক উল্লেখ কৰা।
উত্তৰঃ- জন প্ৰব্ৰজনৰ দুটা আকৰ্ষক কাৰক তলত উল্লেখ কৰা হল-
ক) শিক্ষাৰ সা-সুবিধা।
খ) ভাল চাকৰিৰ সুবিধা।
২। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভোগোলিক কাৰক উল্লেখ কৰা।
উত্তৰঃ-জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা ভোগোলিক কাৰক তলত উল্লেখ কৰা হল-
ক) পানীৰ প্ৰাপ্যতা।
খ) জলবায়ু।
৩। জনপ্ৰব্ৰজনত প্ৰভাৱ বিস্তাৰ কৰা দুটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ- জনপ্ৰব্ৰজনত প্ৰভাৱ বিস্তাৰ কৰা দুটা কাৰক তলত উল্লেখ কৰা হল-
ক) আকৰ্ষক কাৰক।
খ) বিকৰ্ষক কাৰক।
ঘ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। জনসংখ্যা নিয়ন্ত্ৰণৰ তিনিটা উপায় উল্লেখ কৰা।
উত্তৰঃ-জনসংখ্যা নিয়ন্ত্ৰণৰ তিনিটা উপায় তলত উল্লেখ কৰা হল-
ক) সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰা। নিৰক্ষৰতা দূৰ হলেহে সমাজৰ পৰা অন্ধবিশ্বাস,কু-প্ৰথা আদিও নিজে নিজে আতঁৰি যাব।
খ) জনসংখ্যা বৃদ্ধিক সীমাবদ্ধ কৰি ৰাখি আৰু মহিলা সকলৰ স্বাস্হ্যৰ বিকাশ ঘটা পৰিয়াল পৰিকল্পনা কৰাটো উচিত।
গ) সংঘবদ্ধ প্ৰচাৰ কাৰ্য,গৰ্ভনিৰোধৰমুক্ত উপলভ্যতা আৰু বৃহত পৰিয়ালৰ প্ৰতি উদগনি নিদিয়াবলৈ প্ৰযোজ্য কৰা কৰ।
২। জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা প্ৰভাৱ উল্লখ কৰা।
উত্তৰঃ-জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা প্ৰভাৱ তলত উল্লখ কৰা হল-
ক) জনসংখ্যা পৰিৱৰ্তনৰ ফলত পৃথিৱীত উপযুক্ত বাসভূমিৰ অভাৱ হৈছে যাৰ ফলত মানুহে দ্ৰুতগতিৰে আৱাসভূমিবোৰ বাসভূমিলৈ ৰুপান্তৰ হয়।
খ) জনসংখ্যা পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ সকলো প্ৰকাৰৰ প্ৰাকৃতিক সম্পদৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচাৰ সৃষ্টি হৈছে যাৰ ফলত এনেবোৰ সম্পদ নাইকিয়া হবলৈ ধৰিছে।
গ) জনসংখ্যা বৃদ্ধিৰ ফলত খেতিৰ মাটিৰ ওপৰত জনসংখ্যাৰ অধিক হেঁচা পৰে। ফলত খেতিৰ মাটিবোৰ দিনে দিনে খণ্ড-বিখণ্ড হবলৈ লৈছে আৰু অধিক জনসংখ্যাৰ বাবে খেতিত এটা শস্যৰ পিছত আনটো শস্য কৰিবলৈ লোৱাত মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে।
৩। জনপ্ৰব্ৰজনৰ আকৰ্ষক আৰু বিকৰ্ষক কাৰকৰ মাজত পাৰ্থক্য লিখা।
- Get link
- X
- Other Apps
Comments
So nice
ReplyDelete