Books related Information

Class-12//মানৱ বিকাশ( Human Development

 ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা।

   ১। মানৱ বিকাশৰ ধাৰণাটো কোনে আগবৰাইছিল?

      ক) অমৰ্ত্য সেন            খ) এলেন চি. চেম্পল

      গ) ড০ মেহবুব- উল-হক  ঘ) ৰাটজেল।


 খ)প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

 ১। HDI-ৰ  পূৰ্ণ অৰ্থ কি?

উত্তৰঃ-HDI-ৰ  পূৰ্ণ অৰ্থ হল Human Development Index.

২। অৰ্থপূৰ্ণ জীৱন মানে কি?

উত্তৰঃ-অৰ্থপূৰ্ণ জীৱন মানে কেৱল দীৰ্ঘ জীৱনৰ অৰ্থ প্ৰকাশ নকৰে,ই হব লাগিব এক উদ্দেশ্য প্ৰণোদিত জীৱন। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে- মানুহ স্বাস্হ্যবান হব লাগিব,প্ৰতিভা বিকাশিত কৰিব পৰাকৈ সমৰ্থবান হব লাগিব,সামাজিক জীৱন ধাৰাত অংশ গ্ৰহণ কৰিব পৰা হোৱাৰ লগতে লক্ষ্যত উপনিত হব পৰাকৈ মুক্ত মনৰ হব লাগিব।

গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ উল্লেখ কৰা।

উত্তৰঃ-মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ তলত উল্লেখ কৰা হল-

        ক) সমদৰ্শন (Equity).

        খ) ধাৰণ ক্ষমতা( Sustainability)

২। মানৱ বিকাশৰ দুটা বিচাৰ পদ্ধতি উল্লেখ কৰা ।

উত্তৰঃ- মানৱ বিকাশৰ দুটা বিচাৰ পদ্ধতি তলত  উল্লেখ কৰা হল-

      ক) আয় পদ্ধতি( Income Approach).

      খ) কল্যাণকামী পদ্ধতি( Welfare Approach).

৩। মানব বিকাশৰ চাৰিটা মুখ্য উপাংশৰ নাম লিখা।

উত্তৰঃ- মানব বিকাশৰ চাৰিটা মুখ্য উপাংশৰ নাম হল-

        ক) সমদৰ্শন (Equity).

        খ) ধাৰণ ক্ষমতা( Sustainability)

        গ) উৎপাদনশীলতা( Productivity).

          ঘ) ক্ষমতা প্ৰদানশীলতা( Empowerment).

ঘ) প্ৰতিটো ৫ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। মানৱ বিকাশৰ  চাৰিটা স্তম্ভৰ বা উপাদানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ- মানৱ বিকাশৰ ধাৰণাটো দাঙি ধৰিছিল ড০ মেহবুব-উল-হকে। তেখেতৰ মতে, মানৱ বিকাশ এনে এক বিকাশ,যিয়ে মানুহে পছন্দ কৰা কাৰ্যৰ পৰিসৰ বৃদ্ধি কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মানও উন্নত কৰে। এই ধাৰণা অনুসৰি মানুহ সৰ্ববিকাশ কেন্দ্ৰ স্বৰুপ,এনে নিৰ্বাচন স্হবিৰ নহয়,বৰঞ্চ গতিশীল বিকাশৰ মৌলিক লক্ষ্য এক বিশেষ অৱস্হাৰ সৃষ্টি কৰাত ন্যস্ত থাকে,যত মানুহে অৰ্থপূৰ্ণ জীৱনধাৰাৰে জীৱন-নিৰ্বাহ কৰে। 

      মানৱ বিকাশৰ  চাৰিটা স্তম্ভৰ বা উপাদানৰ বিষয়ে তলত চমু আলোচনা কৰা হল-

     ক) সমদৰ্শন (Equity)ঃ- 

               সমদৰশনে প্ৰত্যেকজন ব্যক্তিয়ে সমানভাৱে সুযোগ লাভ কৰাৰ লগতে পথ সুগম হোৱাটো বুজাই। লিংগ,প্ৰজাতি আয় আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত জাতি,বৰ্ণ,নিৰ্বিশেষে মানুহে লাভ কৰা সুযোগবোৰ সমান হব লাগিব। তথাপিও প্ৰায় সকলোবোৰ সমাজত এনেকুৱা ব্যৱস্হাৰ সফল প্ৰয়োগ হোৱা নাই।

      খ) ধাৰণ ক্ষমতা( Sustainability)ঃ-

            অবিৰত হাৰত সুযোগ প্ৰাপ্তি বৰ্ত্তি থকাটোকে ধাৰণক্ষম বুলি কব পাৰি। ধাৰণক্ষম মানৱ বিকাশ হলে প্ৰত্যেক প্ৰজন্মই সমানে সুযোগ লাভ কৰিব পাৰিব লাগিব। সকলো পৰিবেশ,বিত্ত আৰু মানৱ সম্পদৰ ব্যৱহাৰ কৰি থাকোতে ভৱিষ্যৎ প্ৰজন্মৰ কথা আগতে চিন্তা কৰিব লাগিব। কিয়নো যিকোনো এবিধ সম্পদৰ অপব্যৱহাৰে ভৱিষ্যৎ প্ৰজন্মই পাব লগীয়া সুযোগ নাইকিয়া কৰিব পাৰে।

      গ) উৎপাদনশীলতা( Productivity)ঃ- 

                উৎপাদনশীলতাৰ অৰ্থই ইয়াত মানৱ কৰ্মৰ পৰিপ্ৰেক্ষিতত সিদ্ধ হোৱা  উৎপাদনশীলতাৰ কথাকে বুজাই। মানুহৰ সামৰ্থতা খিনিক গৰ দি এনে উৎপাদনশীলতা অবিৰামভাৱে সমৃদ্ধ কৰিব পৰা যায়। অৱশেষত এইটো প্ৰতিপন্ন কৰিব পাৰি যে মানুহ দেশ এখনৰ প্ৰকৃত সম্পদ। সেয়েহে,তেওঁলোকৰ জ্ঞানৰ বৃদ্ধিৰ প্ৰচেষ্টাৰে এক যোগ্যতাপূৰ্ণ ভাল কৰ্মকুশলতাৰ দিশলৈ আগুৱাই নিব পৰাৰ অবকাশ আছে।

       ঘ) ক্ষমতা প্ৰদানশীলতা( Empowerment)ঃ- 

                    ক্ষমতা প্ৰদানশীলতাই নিৰ্বাচন কৰিব পৰাকৈ থকা ক্ষমতাৰ কথা বুজাই। বৰ্দ্ধিত স্বাতন্ত্ৰ্য আৰু সামৰ্থ্যই এনেকুৱা ক্ষমতা অনাব পাৰে। ভাল শাসন প্ৰণালী আৰু মানৱমুখী নীতিৰ দ্বাৰা মানুহক ক্ষমতাপ্ৰদান কৰিব পৰা যাব।  সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা দল সমূহক ক্ষমতাপ্ৰদান কৰা বিশেষভাৱে প্ৰয়োজন।


Comments

Popular posts from this blog

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ