Books related Information

Assamese(MIL)// HS 2nd year final exam most important common question and answer in 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১১

১। ভক্তি বিবেক গ্ৰন্হ খন কোনে সম্পাদনা কৰিছিল?

উত্তৰ:-'ভক্তি বিবেক' গ্ৰন্হ খন লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল।


২। আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্হ কৰা গ্ৰন্হখনৰ নাম কি?

উত্তৰ:- অমৰকোষ ।


৩। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?

উত্তৰ:-আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা ।


৪। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্হত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰ:-'মহাবীৰ চৰিত' গ্ৰন্হত।


৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম ।


৬। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ।


খ) প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল,আলোচনা কৰা।

উত্তৰ:-উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্ত্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে ব্যক্তিগত আৰু সামাজ জীৱনৰ মংগলৰ লক্ষ্য আগত ৰাখি উপনিষদৰ অনুশাসনক আধাৰ হিচাপে লৈ কিছুমান উপদেশ দিছিল।

        গুৰুৱে দিয়া প্ৰথম উপদেশ হল--'' সত্য কবা, ধৰ্ম আচৰণ কৰিবা  লগতে কোৱা হৈছে -সত্যৰ পৰা বিচ্যুত নহবা,ধৰ্মৰ অৰ্থাত কল্যাণকৰ পথৰ পৰা বিচ্যুত নহবা''

        গুৰুৱে দিয়া দ্বিতীয় উপদেশ হল-'' দৈনন্দিন অধ্যয়ণৰ পৰা বিচ্যুত নহবা । নিত্য অধ্যয়ণ সভ্য জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহাৰ্য্য অংগ। ''সেই কাৰণে গুৰুৱে কৈছে-'' অধ্যয়ণ আৰু অধ্যাপনা দুয়োটা অক্ৰমাদি হৈ চলায় থাকিব।''

       গুৰুৱে দিয়া তৃতীয় উপদেশ হল-'' নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আঁতৰি নাথাকিব। ধন-সম্পত্তি সংগ্ৰহ ৰুপ মংগলজনক কাৰ্য কৰিবা কিন্তু ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা।''

      গুৰুৱে দিয়া চতুৰ্থ উপদেশ হল-''  দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্হ নহবলৈ উপদেশ দি কৈছে-- মাতৃক দেৱতাৰ দৰে মানিবা,পিতৃক দেৱতাৰ দৰে মানিবা আৰু আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা।''

        গুৰুৱে দিয়া চতুৰ্থ উপদেশ হল--'' ডাঙৰৰ বেয়াবোৰ পৰিহাৰ কৰি যিবোৰ ভাল  সেইবোৰ আচৰণ কৰিব আৰু যিবোৰ অনিন্দনীয় কাম  সেইবোৰ কৰিব ।''

       গুৰুৱে দিয়া ষষ্ট উপদেশ হল--'' সদায় শ্ৰদ্বাযুক্ত মন আৰু প্ৰেমভাৱেৰে সামৰ্থ অনুসৰি দান কৰিব লাগে ।''


২। চাৰি আশ্ৰম বুলিলে কি বুজায়,আলোচনা কৰা।

উত্তৰ:-ভাৰতবৰ্ষৰ আৰ্যলোকসকলৰ জীৱনৰ সামাজিক পৰম্পৰাক তেওঁলোকৰ জীৱন কালত চাৰিটা ভাগত ভাগ কৰি নিৰ্দিষ্ট কৰ্মৰ জৰিয়তে জীৱনটো কটাইছিল। এই চাৰিটা ভাগকেই চাৰি আশ্ৰম বোলা হয়।

       চাৰি আশ্ৰমসমূহ তলত চমু আলোচনা কৰা হল--

          ক) ব্ৰক্ষ্মচৰ্য- ভাৰতীয় সংস্কৃতিত লোকসকলে তেওঁলোকৰ জীৱনৰ প্ৰথম ভাগটো গুৰুৰ গৃহত থাকি শিক্ষা লাভ কৰি জীৱন কটাইছিল। এই সময়ছোৱাকে ব্ৰক্ষ্মচৰ্য বুলি কোৱা হয়।

          খ) গাৰ্হস্হ- গুৰুৰ গৃহত শিক্ষা সমাপ্ত কৰি নিজ ঘৰলৈ আহি গৃহস্হী হিচাপে জীৱন-যাপন কৰা সময়ছোৱাকে গাৰ্হস্হ আশ্ৰম বোলা হয়।

         গ) বানপ্ৰস্হ- গৃহস্হী ধৰ্ম পালনৰ পাছত ভাৰতৰ লোকসকলে সংসাৰৰ মায়া-মমতা ত্যাগ কৰি বনৰ মাজত ধৰ্মৰ ভাবত দিন কটাইছিল, ইয়াকে বানপ্ৰস্হ বোলে।

ঘ) সন্ন্যাস- জীৱনৰ শেষ স্তৰত সংসাৰৰ প্ৰতি মায়া-মোহ ত্যাগ কৰি সন্নাসীৰ জীৱন কঠোৱা সময়ছোৱাকে সন্ন্যাস আশ্ৰম বোলা হয়।



অধিক প্ৰশ্ন পাব চোৱা ---https://www.blogger.com/blog/post/edit/6219463953640702903/8637423085570456014

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ