Books related Information

Class-12 Economics// মুদ্ৰা আৰু বেংক ব্যৱস্হা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। 'শেষ পৰ্যায়ৰ ঋণ দাতা' হিচাপে কোনটো বেংকক অভিহিত কৰা হয়?

উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংকক।

২। আদেশী মুদ্ৰা কি? 

উত্তৰ:- চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়,তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে।

৩। উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ সংজ্ঞা দিয়া?

উত্তৰ:- মুদ্ৰাৰ যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে,সেই অংশটোকে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা  বোলে।

৪। মুদ্ৰাৰ প্ৰচলন বেগ কি?

উত্তৰ:- এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমনবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য় সম্পন্ন কৰে,তাকে মুদ্ৰাৰ প্ৰচলন বেগ বোলে।

৫। নগত সংৰক্ষণ অনুপাত কি?

উত্তৰ:-বেংকৰ মুঠ আমানতৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকত জমা থোৱা হয়,তাকে নগত সংৰক্ষণ অনপাত বোলে।

৬। বেংকৰ সুদৰ হাৰ কি?

উত্তৰ:-যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বানিজ্যিক বেংকবোৰক মুদ্ৰাৰ যোগান ধৰে ,সেই হাৰটোকে বেংকৰ সুদৰ হাৰ বোলে।

৭। বিনিময় প্ৰথা কি?

উত্তৰ:- যেতিয়া সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিম.য় কৰা হয়,তাকে বিনিময় প্ৰথা বোলে।

৮। ভাৰতবৰ্ষত কাগজী মুদ্ৰা প্ৰচলণ  কৰা মুদ্ৰণ কতৃপক্ষটোৰ নাম কি?

উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)।

৯। ঋণপত্ৰ কি?

উত্তৰ:- জনসাধাৰণৰ পৰা ঋণ লবলৈ চৰকাৰ বা ব্যৱসায় প্ৰতিষ্ঠানে যি পত্ৰ বিক্ৰী কৰে আৰু সেই পত্ৰ কিনোতাজনক ভৱিষ্যতৰ বাবে এক মুদ্ৰাগত প্ৰতিদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে,সেই পত্ৰই হল ঋণপত্ৰ।

১০। বিহিত মুদ্ৰা কি?

উত্তৰ:- যি মুদ্ৰাৰ গ্ৰহনযোগ্য বিধিসন্মত,তেনে মুদ্ৰাক বিহিত  মুদ্ৰা বোলে।

১১। আধুনিক অৰ্থনীতিত মানুহে দুটা অভিপ্ৰায়েৰে নগদ টকা হাতত ৰাখে। তাৰে এটা হৈছে লেনদেনৰ অভিপ্ৰায়,আনটো কি?

উত্তৰঃ- কলল্পনাপ্ৰসূত অভিপ্ৰায়।

খ) চমু প্ৰশ্ন( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-

১। বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰ:-  বিনিময় প্ৰথাৰ দুটা অসুবিধা  তলত উল্লেখ কৰা হল-

        ক) বিনিময় প্ৰথাত হিচাপ-নিকাচৰ উমৈহতীয়া একক নাই।

        খ) বিনিময় প্ৰথাত সঞ্চয়ৰ স্হায়ী ভাণ্ডাৰ নাই।

২। আদেশী মুদ্ৰা কি? ধাতু মুদ্ৰাবোৰ আদেশী মুদ্ৰা হয়নে?

উত্তৰ:-চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়,তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে।

      ধাতু মুদ্ৰাবোৰ আদেশী মুদ্ৰা হয়। 

৩। 

গ) দীঘল প্ৰশ্ন( প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ)-

১। মুদ্ৰাৰ যিকোনো চাৰিটা কাৰ্য্য চমুকৈ আলোচনা কৰা।

উত্তৰ:-মুদ্ৰাৰ চাৰিটা কাৰ্য্য চমুকৈ তলত আলোচনা কৰা হল-

          ক) মুদ্ৰা বিনিময়ৰ মাধ্যম:-মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। বিনিময়  প্ৰথাৰ এটা লেন-দেন,মুদ্ৰা ব্যৱস্হাত দুটা লেন-দেনলৈ পৰিৱৰ্তিত হয়।

          খ) মুদ্ৰা মূল্যৰ মাপকাঠী:-মুদ্ৰাই মূল্যৰ মাপকাঠী হিচাপে কাৰ্য় সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ  মূল্য মুদ্ৰাৰ ৰুপত প্ৰকাশ কৰা হয়। সকলো সামগ্ৰীৰ মূল্য মুদ্ৰা ৰ ৰুপত পৰ্কাশকৰা হয় বাবে মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী।

          গ) মুদ্ৰা স্হগিত দেনা-পাওনাৰ মানদণ্ড:-মুদ্ৰা  কেৱল তাতক্ষনিক লেন-দেনৰ মাধ্যমেই নহয়,ই ঋনদান,ঋন গ্ৰহণ ইত্যাদি সকলো ধৰণৰ স্হগিত লেন-দেনৰো মাধ্যম। সমগ্ৰ ঋন ব্যৱস্হা মুদ্ৰাৰ ওপৰত প্ৰতিষ্ঠিত।  মুদ্ৰাবিহীন অৰ্থনীতিত ঋণ ব্ৱস্হা অচল হৈ পৰিব।

          ঘ) মুদ্ৰা মূল্যৰ ভাণ্ডাৰ:-মুদ্ৰাৰ মাধ্যমত সামগ্ৰীৰ মূল্য স়ঞ্চয় কৰি ৰাখিব পাৰি । প্ৰয়োজন অনুসৰি সঞ্চিত মুদ্ৰা সামগ্ৰীলৈ ৰুপান্তৰ কৰিব পাৰি। সকলো পৰিসম্পদৰ ভিতৰত মুদ্ৰাৰ তাৰল্য গুণ সৰ্বাধিক। তাতক্ষণিকভাৱে আৰু পোনপটীয়াভাৱে মুদ্ৰাক সামগ্ৰীলৈ ৰুপান্তৰ কৰিব পাৰি। সামগ্ৰীৰ মাধ্যমত সঞ্চয়  কৰিব নোৱাৰি। সামগ্ৰীবোৰ বেছি  দিন নিটিকে।

২। মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা তিনিটা ব্যৱস্হা চমুকৈ আলোচনা কৰা ।

উত্তৰ:-মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা তিনিটা ব্যৱস্হা চমুকৈ আলোচনা কৰা -

         ক) মুক্ত বজাৰত ঋণপত্ৰৰ ক্ৰয় বিক্ৰয়(Open Market Operation):

                   অৰ্থনীতিত উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে মুকলি বজাৰত ঋণপত্ৰৰ কৰাৰ ব্যৱস্হা কৰে। যেতিয়া দেশত মুদ্ৰাস্ফিতিয়ে দেখা দিয়ে,তেতিয়া কেন্দ্ৰীয় বেংকে মুক্ত বজাৰত ঋণপত্ৰৰ বিক্ৰি  কৰাৰ ব্যৱস্হা গ্ৰহণ কৰে। আনহাতে,যেতিয়া কেন্দ্ৰীয় বেংকে দেখা পাই যে অৰ্থনীতিত প্ৰয়োজনতকৈ মুদ্ৰাৰ যোগান কম হোৱাৰ বাবে মুদ্ৰা অৱস্হিতি লক্ষ্যনে দেখা দিছে,তেতিয়া মুক্ত বজাৰত ঋণপত্ৰৰ বিক্ৰি কৰাৰ ব্যৱস্হা কৰে।

         খ) বেংকৰ হাৰ নীতি( Bank Rate Policy):-

                     যি সুদৰ হাৰত বাণিজ্যিক বেংক বিলাকে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ সংগ্ৰহ কৰে,সেই সুদৰ হাৰকে বেংকৰ হাৰ নীতি বোলে। কেন্দ্ৰীয় বেংকৰ নিম্ন বা উচ্চ সুদৰ হাৰে বেংকসমুহক আমানতৰ অনুপাত সংৰক্ষণ কম বা বেছি ৰাখিবলৈ উৎসাহ দিয়ে,কিয়নো এনে অৱস্হাত কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম বা বেছি ব্যয়বহুল হয়। ফলস্বৰুপে,বেংকসমূহে ধাৰ লওঁতাক বা বিনিয়োগকাৰীক সৰহকৈ বা কমকৈ ঋণ দিবলৈ প্ৰস্তুত হয়।

          গ)  প্ৰয়োজনীয় সংৰক্ষণৰ পৰিৱৰ্তন( Varying Reserve Requirements):-

                         এখন দেশৰ সকলো বাণিজ্যিক বেংকে নিজৰ-নিজৰ জমা-পুজিৰ নিৰ্দিষ্ট অংশ কেন্দ্ৰীয় বেংকত জমা ৰাাখিব লাগে,এই অনুপাতটোকে নগত সংৰক্ষণ  অনুপাত বোলে। অৰ্থনীতিৰ প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় বেংকে এনে জমা পুজিৰ পৰিমাণ কম-বেছি কৰিব পাৰে। যেতিয়া বাণিজ্যিক বেংকবিলাকৰ অতিৰিক্ত মুদ্ৰাৰ সৃষ্টিৰ কাৰণে মুদ্ৰাস্ফিতিয়ে দেখা দিয়ে,তেতিয়া কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকবিলাকে জমা ৰাখিব লগা জমা-পুজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে, মুদ্ৰাৰ অৱস্ফিতিৰ সময়ত কেন্দ্ৰীয় বেংকে জমা পুজিৰ পৰিমাণ হ্ৰাস কৰি বাণিজ্যিক বেংকৰ ঋণ যোগান বৃদ্ধি কৰে। 

৩। ভাৰতীয় ৰিজাৰভ বেংক(RBI)-ৰ যিকোনো চাৰিটা কাৰ্য চমুকৈ আলোচনা কৰা ।

  উত্তৰ:-ভাৰতবৰ্ষত কাগজী মুদ্ৰা প্ৰচলন কৰা মুদ্ৰণ কতৃপক্ষটোৰ নাম হল ভাৰতীয় ৰিজাৰ্ভ  বেংক বা কেন্দ্ৰীয় বেংক। মুদ্ৰা আৰু ঋণ নীতি পৰিচালনা কৰা কেন্দ্ৰীয় বেংকৰ প্ৰধান উদ্দেশ্য । ১৯৩৫ চনত কেন্দ্ৰীয় বেংক প্ৰতিষ্টা কৰা হৈছিল আৰু ১৯৪৯ চনৰ ১ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল। এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাৰিটা কাৰ্য চমুকৈ তলত আলোচলা কৰা  হল-

    ক) কাগজী মুদ্ৰা চপা বা নোট চপা:- 

                   কাগজা মুদ্ৰা বা নোট চপা কৰাটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ একচেটিয়া অধিকাৰ। ধাতুমুদ্ৰাবিলাক চৰকাৰী চপাশালত মুদ্ৰাংকণ কৰা হয়। তথাপিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে এইবোৰ পৰিচালনা কৰা হয়। ভাৰতী. ৰিজাৰ্ভ বেংক হল দেশৰ মুদ্ৰা যোগান ৰ প্ৰধান উৎস। RBI-এ নোট চপা কৰোতে মূল্যবান সম্পত্তি জমা ৰাখিব লাগে।  RBI-এ তাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ সোণ, বিদেশী ঋণপত্তত জমা ৰাখিব লাগে।

    খ) মুৰব্বী বেংক:-

                   ভাৰতীয় ৰিজাৰ্ভ বেংকে  বাণিজ্যিক বেংকবোৰৰ মুৰব্বী বেংক হিচাপে কাম কৰে। ইয়াৰ তিনিটা কাম তলত উল্লেখ কৰা হল-

        ১) দেশৰ বাণিজ্যিক বেংকবোৰে নিজৰ-নিজৰ জমা ধনৰ এটা অংশ ভাৰতীয় ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে। যাক নগত সংৰক্ষণ অনুপাত বোলে।   

        ২) ক্লিয়াৰিং সমাধানৰ বেংক হিচাপে ভাৰতীয়  ৰিজাৰ্ভ বেংকে  অন্যান্য বেংকৰ লেন-দেন পৰিশোধ কৰিব পাৰে।

        ৩) ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকবোৰৰ শেষ পৰ্যায়ৰ ঋণ দাতা হিচাপে কাম কৰে।

                                               অথবা

ভাৰতীয় মুদ্ৰা ব্যৱস্হাত ৰিজাৰ্ভ বেংক হৈছে বাণিজ্যিক বেংকসমূহৰ বাবে জামিনদাৰ। যি অৱস্হাত বাণিজ্যিক বেংকৰ পৰা ঋণ হিচাপে আমানত উলাই যোৱাৰ পিছত বেংকটোৰ তাৰল্য অৱস্হাৰ অৱনতি ঘটে। অৰ্থাৎ, বেংকটোৱে আমানতকাৰীসকলক সঞ্চয় ঘূৰাই দিয়াত অসূবিধাৰ  সন্মুখীন হয়,তেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকটোলৈ ঋণ প্ৰদান কৰে।  অৱশ্যে বাণিজ্যিক বেংক এটাই পোণ প্ৰথমে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ নলয়। অন্যান্য বেংকৰ পৰা ধাৰৰ ব্যৱস্হা কৰিব নোৱাৰিলেহে  ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ বিচাৰিব। এনে ভূমিকাৰ বাবে  ভাৰতীয় ৰিজাৰ্ভ বেংকক বানিজ্যিক বেংকৰ শেষ পৰ্যায়ৰ ঋণদাতা হিচাপে অভিহিত কৰা হয়।

       গ) চৰকাৰৰ বেংক:-

                    ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। সকলো চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকত থাকে। ই চৰকাৰৰ পৰা জমা গ্ৰহণ কৰে,বৃত্ত যোগান ধৰে। বাজেট ঘাটি পূৰণত ই চৰকাৰক সহায় কৰে।

        ঘ) ঋণ নিয়ন্ত্ৰণ:- 

                   ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আন এটা গুৰুত্বপূৰ্ণ কাম হল ঋণ নিয়ন্ত্ৰণ। বাণিজ্যিক বেংকে জনসাধাৰনক দিয়া ঋণ ভাৰতৰ ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে। এই নিয়ন্ত্ৰণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি- এই দুটা ভাগত ভাগ  কৰিব পাৰি।

৪। মুদ্ৰাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ:-মুদ্ৰাৰ চাৰিটা বৈশিষ্ট্য চমুকৈ তলত আলোচনা কৰা হল-

      ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। যিটো সামগ্ৰী বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়,সেই সামগ্ৰীটো সমাজৰ সকলোৱে গ্ৰহণ কৰিব নোৱাৰিলে সামগ্ৰাটো মুদ্ৰা হব নোৱাৰে।

     খ) মুদ্ৰা হিচাপে ব্যৱহ্ৰত সামগ্ৰীটোৰ চিনাক্তকৰণ সহজ হব লাগিব। সামগ্ৰীটো এনেকুৱা হব লাগিব যে,অন্যান্য সামগ্ৰীৰ সৈতে ইয়াক কেতিয়াও ভুল কৰা নাযায়।

     গ) মুদ্ৰাৰ বিভাজনীয় গুণ থাকিব লাগিব। মুদ্ৰাই উচ্চ মূল্যৰ লেন-দেনৰ পৰা নিম্ন মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰিব লাগিব।

     ঘ) মুদ্ৰাৰ স্হায়ীত্ব গুণ থাকিব লাগিব। এই গুণ অবিহনে মুদ্ৰাৰ মাধ্যমত সঞ্চয় কৰিব পৰা নহব।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ