Books related Information

Class-12 Political Science// সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

                            বা 

   কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত।

২। ISIS-ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ-ISIS-ৰ সম্পূৰ্ণ অৰ্থ হল The Islamic State of Iraq and Sham.

৩। ভাৰতবৰ্ষই কিমান চনত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰৰিছিল?

উত্তৰঃ- ১৯৭৪ চনত। ( দ্বিতীয়টো ১৯৯৮ চনত)

৪। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা।

৫। স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ-স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ হল- পক্ষী জ্বৰ( Bird flue).

৬। ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?

উত্তৰঃ-ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি ১৯৭২ চনত স্বাক্ষৰ কৰা হৈছিল। 

৭। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ?

উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত।

৮। ৰায়' সন্মিলনে 'কাৰ্যসূচী ২১'  নামেৰে বিকাশমূলক কাৰ্যপন্হাৰ এক তালিকাৰ পৰামৰ্শ আগবৰাইছিল।( শুদ্ধ নে অশুদ্ধ লিখা।)

৯। ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰঃ-১৯৯১ চনত।

১০। বসুন্ধৰা সন্মিলন.......... ত.........চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ-বসুন্ধৰা সন্মিলন ব্ৰাজিলৰ ৰিঅ' দি জেনেইৰ' ত ১৯৯২ চনত অনুষ্ঠিত হৈছিল।

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আণৱিক বোমা পৰা জাপানৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ- দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আণৱিক বোমা পৰা জাপানৰ দুখন ঠাইৰ নাম হল-

            ক) হিৰোছিমা 

            খ) নাগাছাকি।

২। বহিঃনিৰাপত্তাৰ প্ৰত্যাহ্বানক মোকাবিলা কৰিবৰ বাবে এখন দেশৰ চৰকাৰে গ্ৰহণ কৰা দুটা পন্হা উল্লেখ কৰা।

উত্তৰঃ- বহিঃনিৰাপত্তাৰ প্ৰত্যাহ্বানক মোকাবিলা কৰিবৰ বাবে এখন দেশৰ চৰকাৰে গ্ৰহণ কৰা দুটা তলত পন্হা উল্লেখ কৰা হল-

     ক) যুদ্ধত আত্মসমৰ্পন কৰা।

     খ) আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে যুদ্ধৰ ব্যয় বৃহত হাৰত বৃদ্ধি কৰা।

৩। জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণৰ বাবে অনুষ্ঠিত দুটা আন্তৰ্জাতিক অভিৱৰ্তনৰ নাম লিখা।

উত্তৰঃ-জৈৱিক আৰু ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণৰ বাবে অনুষ্ঠিত দুটা আন্তৰ্জাতিক অভিৱৰ্তনৰ নাম হলঃ-

        ক) ১৯৭২ চনত অনুষ্ঠিত জৈৱিক অস্ত্ৰ অভিৱৰ্তন।

        খ) ১৯৯২ চনত অনুষ্ঠিত ৰাসায়নিক অস্ত্ৰ অভিৱৰ্তন।

৪। নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা নতুন উৎস উল্লেখ কৰা।

উত্তৰঃ-নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা নতুন উৎস তলত উল্লেখ কৰা হল-

          ক) সন্ত্ৰাসবাদ।

          খ) বিশ্ব দৰিদ্ৰতা।

৫। ভাৰতবৰ্ষই নিৰাপত্তাৰ বাবে অৱলম্বন আৰু অণুসৰণ কৰা দুটা কৌশল উল্লেখ কৰা।

উত্তৰঃ-ভাৰতবৰ্ষই নিৰাপত্তাৰ বাবে অৱলম্বন আৰু অণুসৰণ কৰা দুটা কৌশল তলত উল্লেখ কৰা হল-

      ক) বহিঃনিৰাপত্তাৰ বাবে সামৰিক ক্ষমতা বৃদ্ধি।

      খ) আভ্যন্তৰীন নিৰাপত্তাৰ বাবে সামৰিক আৰু ৰাজনৈতিক কৌশল অৱলম্বন।

৬। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ- প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

           ক) প্ৰব্ৰজনকাৰীসকলে সাধাৰণতে স্বইচ্ছাৰে উন্নত জীৱনৰ সন্ধানত এখন দেশ এৰি আন এখন দেশলৈ বা নিজ দেশৰ ভিতৰতে এঠাইৰ পৰা অন্য ঠাইলৈ যায়।

          আনহাতে,শৰণাৰ্থীসকলে যুদ্ধৰ ভয়ত,প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি নাইবা ৰাজনৈতিক হাৰাশাস্তিৰ সন্মুখীন হৈ অন্য দেশলৈ যায়।

          খ) প্ৰব্ৰজনকাৰীসকলক পৃথিৱীৰ অন্য কোনো দেশে গ্ৰহণ কৰিবলৈ আন্তৰ্জাতিক নীতি অনুসাৰে বাধ্য নহয়।

          আনহাতে, শৰণাৰ্থীসকলক সাধাৰণতে অন্য দেশে ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ