Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12 জাতীয় আয়

 ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ )-


১। জাতীয় আয় কি?

উত্তৰ:-এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত দেশত উৎপাদন কৰা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হল জাতীয় আয় ।


২। চূড়ান্ত দ্ৰৱ্য কি?

উত্তৰ:-যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ ।


৩। মধ্যৱৰ্তী দ্ৰৱ্য কি?

উত্তৰ:- যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা ।


৪। উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী কি?

  উত্তৰ:- খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে।


৫। মূলধনী দ্ৰৱ্য কি?

উত্তৰ:- দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি।


৬। অস্হায়ী উপভোগ্য দ্ৰৱ্য কি?

উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য তাৎক্ষণিক বা হ্ৰস্বকালিন উপভোগতে শেষ হৈ যায় আৰু দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব নোৱাৰি,তাকে অস্হায়ী উপভোগ্য দ্ৰৱ্য বোলে। যেনে- খাদ্য দ্ৰৱ্য।


৭। স্হায়ী উপভোগ্য দ্ৰৱ্য কি

উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰি,তেনে দ্ৰৱ্যক স্হায়ী উপভোগ্য দ্ৰৱ্য বোলে। যেনে- কম্পিউটাৰ ।

 

খ) চমু প্ৰশ্ন ( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ )-


১। উপভোগ্য দ্ৰৱ্য বা ভোগ্য দ্ৰৱ্য আৰু  মূলধনী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- উপভোগ্য দ্ৰৱ্য বা ভোগ্য দ্ৰৱ্য আৰু  মূলধনী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

    ক) খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে।

           আনহাতে,দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি।

    খ) উপভোগ্য দ্ৰৱ্যবোৰ অস্হায়ী,কিন্তু মূলধনী দ্ৰৱ্যবোৰ স্হায়ী।


২। চূড়ান্ত দ্ৰৱ্য আৰু মধ্যৱৰ্তী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- চূড়ান্ত দ্ৰৱ্য আৰু মধ্যৱৰ্তী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

           ক) যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ ।

        আনহাতে,যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা ।

          খ)  চূড়ান্ত দ্ৰৱ্যৰ লগত ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ আছে। কিন্তু মধ্যৱৰ্তী দ্ৰৱ্যৰ লগত ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ থকা নাই।


৩। জাতীয় আয়ৰ প্ৰসংগত প্ৰবাহ আৰু মজতৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

 উত্তৰ:- জাতীয় আয়ৰ প্ৰসংগত প্ৰবাহ আৰু মজুতৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

           ক) যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয়,সেই পৰিমাণেই হল প্ৰবাহ। যেনে- আয়,লাভ আৰু উৎপাদন ইত্যাদি।

              আনহাতে,যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট  সময়  বিন্দুৰ লগত জড়িত হৈ থাকে, সেই পৰিমাণেই হল মজুত। যেনে-যন্ত্ৰপাতিৰ  পৰিমাণ ইত্যাদি। 

            খ)  প্ৰবাহ এক সময়ছোৱাৰ সৈতে জড়িত। কিন্তু মজুত সময় বিন্দুৰ সৈতে জড়িত।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ