Books related Information

Class-12 জাতীয় আয়

 ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ )-


১। জাতীয় আয় কি?

উত্তৰ:-এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত দেশত উৎপাদন কৰা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হল জাতীয় আয় ।


২। চূড়ান্ত দ্ৰৱ্য কি?

উত্তৰ:-যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ ।


৩। মধ্যৱৰ্তী দ্ৰৱ্য কি?

উত্তৰ:- যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা ।


৪। উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী কি?

  উত্তৰ:- খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে।


৫। মূলধনী দ্ৰৱ্য কি?

উত্তৰ:- দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি।


৬। অস্হায়ী উপভোগ্য দ্ৰৱ্য কি?

উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য তাৎক্ষণিক বা হ্ৰস্বকালিন উপভোগতে শেষ হৈ যায় আৰু দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব নোৱাৰি,তাকে অস্হায়ী উপভোগ্য দ্ৰৱ্য বোলে। যেনে- খাদ্য দ্ৰৱ্য।


৭। স্হায়ী উপভোগ্য দ্ৰৱ্য কি

উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য দীৰ্ঘকাল সংৰক্ষণ কৰি ৰাখিব পাৰি,তেনে দ্ৰৱ্যক স্হায়ী উপভোগ্য দ্ৰৱ্য বোলে। যেনে- কম্পিউটাৰ ।

 

খ) চমু প্ৰশ্ন ( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ )-


১। উপভোগ্য দ্ৰৱ্য বা ভোগ্য দ্ৰৱ্য আৰু  মূলধনী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- উপভোগ্য দ্ৰৱ্য বা ভোগ্য দ্ৰৱ্য আৰু  মূলধনী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

    ক) খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে।

           আনহাতে,দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি।

    খ) উপভোগ্য দ্ৰৱ্যবোৰ অস্হায়ী,কিন্তু মূলধনী দ্ৰৱ্যবোৰ স্হায়ী।


২। চূড়ান্ত দ্ৰৱ্য আৰু মধ্যৱৰ্তী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- চূড়ান্ত দ্ৰৱ্য আৰু মধ্যৱৰ্তী দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

           ক) যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ ।

        আনহাতে,যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা ।

          খ)  চূড়ান্ত দ্ৰৱ্যৰ লগত ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ আছে। কিন্তু মধ্যৱৰ্তী দ্ৰৱ্যৰ লগত ৰাষ্ট্ৰীয় কল্যাণ সাধন জড়িত হৈ থকা নাই।


৩। জাতীয় আয়ৰ প্ৰসংগত প্ৰবাহ আৰু মজতৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

 উত্তৰ:- জাতীয় আয়ৰ প্ৰসংগত প্ৰবাহ আৰু মজুতৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-

           ক) যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট সময়ছোৱাৰ বাবে লোৱা হয়,সেই পৰিমাণেই হল প্ৰবাহ। যেনে- আয়,লাভ আৰু উৎপাদন ইত্যাদি।

              আনহাতে,যিবোৰ পৰিমাণৰ জোখ এক নিৰ্দিষ্ট  সময়  বিন্দুৰ লগত জড়িত হৈ থাকে, সেই পৰিমাণেই হল মজুত। যেনে-যন্ত্ৰপাতিৰ  পৰিমাণ ইত্যাদি। 

            খ)  প্ৰবাহ এক সময়ছোৱাৰ সৈতে জড়িত। কিন্তু মজুত সময় বিন্দুৰ সৈতে জড়িত।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ