Books related Information
দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্হাৰ পৰিসমাপ্তি ৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
- Get link
- X
- Other Apps
পাঠভিত্তিক প্ৰশ্নোত্তৰ-
১। কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল ?
উত্তৰ:-১৯৮৯ চনৰ নৱেম্বৰ মাহত।
২। ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ:- ১৯১৭ চনত।
৩। কোন চনত ছোভিয়েট ৰাছিয়া ভংগ হৈছিল ?
উত্তৰ:- ১৯৯১ চনত।
৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় ?
উত্তৰ:- :ছোভিয়েট ৰাছিয়া।
৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে ?
উত্তৰ:- :ছোভিয়েট ৰাছিয়া।
৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?
উত্তৰ:- ১৫ খন।
৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ?
উত্তৰ:- মিখাইল গৰ্বাছেভ।
৮। কি আদৰ্শৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্হা প্ৰতিষ্ঠিত ?
উত্তৰ:- সমাজ বাদী আদৰ্শত।
৯। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বহিচাপে জনা যায় ?
উত্তৰ:- ছোভিয়েট ৰাছিয়া ।
১০। ছোভিয়েট ৰাছিয়াৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল ?
বা
ছোভিয়েট ৰাছিয়াৰ কোনখন ৰাষ্ট্ৰত প্ৰথমে মুক্ত নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ:- লিথুয়ানিয়াই ।
১১। মিখাইল গৰ্বাছেভে কিমান চনত ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল
উত্তৰ:- ১৯৮৫ চনৰ ১১ মাৰ্চ মাহত।
খ) অতিৰিক্ত অতি চমু প্ৰশ্ন-
১। ছোভিয়েট ৰাছিয়াত ৰাষ্ট্ৰ পৰিচালনা নিয়ন্ত্ৰণ কৰা এটা ৰাজনৈতিক দলৰ নাম লিখা
উত্তৰ:- সাম্যবাদী দল।
২। ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত লিথুৱানিয়াত প্ৰথমবাৰৰ বাবে কিমান চনত মুক্ত নিৰ্বাচন অনুষ্ঠিত হৈছিল
উত্তৰ:- ১৯৯০ চনৰ মাৰ্চ মাহত।
৩। কিমান তাৰিখে গৰ্বাচেভে ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে
উত্তৰ:- ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে।
৪। বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ৰাছিয়াৰ কোন তিনিখন ৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়া ভংগ হোৱা বুলি ঘোষণা কৰে
উত্তৰ:-বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত শক্তশালী গণৰাজ্য ৰাছিয়া,ইউক্ৰেন আৰু বেলাৰুছে ছোভিয়েট ৰাছিয়া ভংগ হোৱা বুলি ঘোষণা কৰে ।
গ) চমু প্ৰশ্ন ( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-
১। ৰাষ্ট্ৰপতি মিকাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ:- ৰাষ্ট্ৰপতি মিকাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হল-
ক) গ্লাচনোষ্ট:- ইয়াৰ অৰ্থ হল ব্যাপক স্বচ্ছতা। এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট ৰাছিয়াৰ সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল।
খ) পেৰেষ্ট্ৰোইকা :- পুনৰ নিৰ্মাণ কৰা। এই নীতিৰ জৰিয়তে ছোভিয়েট ৰাছিয়াৰ যিবিলাক উদ্যোগ ভাঙি গৈছে তাক পুণৰ উদ্ধাৰ কৰা।
২। ছোভিয়েট ৰাছিয়া ভাঙোনৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰ:- ছোভিয়েট ৰাছিয়া ভাঙোনৰ দুটা ফলাফল তলত উল্লেখ কৰা হল-
ক) ১৯৪৫ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত চলা আমেৰিকা যক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সংঘাতৰ অৱসান।
খ) দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ ভিতৰত এটা মহাশক্তি ছোভিয়েট ৰাছিয়া ভাঙি একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৃষ্টি হৈছে।
৩। ছোভিয়েট ৰাছিয়া ভাঙি যোৱাৰ পিছত গৰি উঠা দুখন শক্তিশালী স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰ:- ছোভিয়েট ৰাছিয়া ভাঙি যোৱাৰ পিছত গৰি উঠা দুখন শক্তিশালী স্বাধীন ৰাষ্ট্ৰৰ নাম হল-
ক) ৰাছিয়া ;
খ) ইউক্ৰেইন।
ঘ) দীঘল প্ৰশ্ন( প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ)-
১।ছোভিয়েট ৰাছিয়া কিয় ভাঙি গল ? কাৰণসমূহ আলোচনা কৰা।
উত্তৰ:- ১৯১৭ চনৰ অক্টোবৰ বিপ্লপৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰা ছোভিয়েট ৰাছিয়াই বিশ্বত পুঁজিবাদৰ এক বিকল্প আৰ্থ-সামাজিক ব্যৱস্হা গৰি তুলিছিল। তাৰ জৰিয়তে আন্তৰ্জাতিক ৰাজনীতিত এক ভাৰসাম্য ব্যৱস্হাও গৰি তোলাত অৰিহণা যোগাইছিল। তৃতীয় বিশ্বৰ বহুবোৰ দেশ ছোভিয়েট সমাজবাদী ব্যৱস্হাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তৃতীয় বিশ্বত গৰি উঠা জাতীয়তাবাদী আন্দোলনসমূহেও ছোভিয়েট ৰাছিয়াৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল। ভাৰতবৰ্ষৰ নিচিনা গোশ্ঠীনিৰপেক্ষতাৰ নীতিত বিশ্বাস কৰা দেশেও মাৰ্কিন যুক্তৰাষ্ট্ৰতকৈ ছোভিয়েট ৰাছিয়াৰ পৰা অধিক পৃষ্ঠপোষকতা লাভ কৰিছিল। আন্তৰ্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ছোভিয়েট ৰাছিয়াৰ ভাঙোন।
ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ কাৰণসমূহ তলত উল্লেখকৰা হল-
ক) মিখাইল গৰ্বাচেভে সূচনা কৰা গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকা সংস্কাৰ নীতি;
খ) ১৯৫০-ৰ দশকৰ পৰা সংকটৰ ৰুপ লোৱা ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ স্হবিৰতা ;
গ) পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট ৰাছিয়াই আধিপত্য স্হাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতিত সৃষ্টি কৰা প্ৰচুৰ চাপ ;
ঘ) প্ৰশাসনিক ক্ষেত্ৰত গৰি উঠা দুৰ্নীতি আৰু ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা স্বৈৰতান্ত্ৰীয় প্ৰৱণতা ;
ঙ) ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ৰাছিয়াই চলোৱা অৱদমন।
২। আঘাত নিৰাময় বা সংকট মোচনৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা।
উত্তৰ:- আঘাত নিৰাময় বা সংকট মোচনৰ ফলাফলসমূহ চমুকৈ তলত আলোচনা কৰা হল-
ক) উদ্যোগ ব্যৱস্হাৰ নিঃশেষকৰণঃ-
ছোভিয়েট ৰাছিয়াৰ সমাজবাদী অৰ্থব্যৱস্হাত ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত গৰি তোলা উদ্যোগসমূহক ''আঘাত নিৰাময়'' প্ৰক্ৰিয়াই সম্পূৰ্ণকৈ ধ্বংস কৰি পেলালে। ৰাছিয়াত বৃহৎ উদ্যোগ প্ৰতিষ্ঠানসমূহৰ প্ৰায় ৯০% ব্যক্তি আৰু ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিবৰ বাবে মুকলি কৰি দিয়াৰ ফলশ্ৰুতিত এই উদ্যোগসমূহ ভাঙি পৰিল।
খ) দেশীয় মুদ্ৰাৰ মূল্য হ্ৰাস আৰু অভাৱনীয় মূল্যবৃদ্ধি :
সমাজবাঁদৰ পৰা পুঁজিবাদলৈ হোৱা বিৱৰ্তন প্ৰক্ৰিয়াত ৰুবলৰ মূল্য দ্ৰুতহাৰত হ্ৰাস পালে। অন্যহাতে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পালে। এনে পৰিস্হিতিত জনসাধাৰণে দীৰ্ঘদিন ধৰি থোৱা সঞ্চয় তৎকালীন অভাৱ পূৰণৰ বাবে খৰচ কৰিবলৈ বাধ্য হৈ পৰিল।
গ) সামাজিক কল্যাণ ব্যৱস্হাৰ বিনাশ আৰু অৰ্থনীতিৰ অপৰাধীকৰণ
পুঁজিবাদী ব্যৱস্হা গড়ি তোলাৰ প্ৰয়োজনত পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত গণৰাজ্যসমূহত অতদিনে বৰ্তি থকা সামাজিক কল্যাণৰ আধাৰ ভাঙি পেলোৱা হল। গোটেই অৰ্থব্যৱস্হাটো ক্ৰমাগতভাৱে এটা অপৰাধী চক্ৰই নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে।
ঘ) গণতন্ত্ৰৰ পৰিৱৰ্তে স্বৈৰতন্ত্ৰী শাসনব্যৱস্হাৰ বিকাশ
ছোভিয়েট ৰাছিয়াত গণতান্ত্ৰিক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে লোৱা উদ্যোগ আছিল অত্যন্ত দুৰ্বল। এই দেশসমূহৰ বাবে গণতান্ত্ৰিক সংবিধানৰ খচৰা খৰতকীয়া তৈয়াৰ কৰা হয়। কিন্তু বেছিভাগ সংবিধানতে কাৰ্যপালিকা,ৰাষ্ট্ৰপতিৰ হাতত অত্যধিক ক্ষমতা অৰ্পন কৰা হল। তাৰ তুলনাত সংসদ বা বিধানমণ্ডল হৈ পৰিল যথেষ্ট দুৰ্বল । এনে এক পৰিস্হিতত এই দেশসমূহৰ বহুতো গণতান্ত্ৰিক ব্যৱস্হাই গা কৰি উঠাতকৈ কাৰ্যপালিকা বা ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বৈৰতন্ত্ৰী শাসন ব্যৱস্হা গড়ি উঠিল।
- Get link
- X
- Other Apps
Comments
Post a Comment