Books related Information

Consumer`s Behaviour//HS 2nd Year final exam for most important common question &answer in 2021

 ক) অতি চমু প্ৰশ্ন(প্ৰতি প্ৰশ্নোত্তৰ ১ নম্বৰ):--


১। উপযোগিতা কি

উত্তৰ:- সামগ্ৰী বা সেৱাকাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। স্বাস্হ্যৰ প্ৰতি ক্ষতিকাৰক সামগ্ৰী একোটাৰো উপযোগিতাথাকিব পাৰে,যদিহে সেই সামগ্ৰীটোৱে কোনো এজন গ্ৰাহকৰ অভাৱ পূৰণ কৰিব পাৰে।


২। উপযোগিতাৰ দুটা ভাগ উল্লেখ কৰা।

উত্তৰ:-উপযোগিতাৰ দুটা ভাগ তলত উল্লেখ কৰা হল:-

    ক) মুঠ উপযোগিতা;

    খ) প্ৰান্তিক উপযোগিতা।


৩। মুঠ উপযোগিতা কি?

উত্তৰ:-এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰৱ্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমানৰ উপযোগিতা পায়,তাকে মুঠ উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা গ্ৰাহকে লাভ কৰা উপযোগিতাই হল মুঠ উপযোগিতা ।


৪। প্ৰান্তিক উপযোগিতা কি?

উত্তৰ:-এজন উপভোক্তাই এটা দ্ৰৱ্যৰ অতিৰিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায়,তাকে প্ৰান্তিক উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী বা সেৱা কাৰ্যৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাই হল প্ৰান্তিক উপযোগিতা।


৫। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি

উত্তৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰৱ্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে,তেন্তে দ্ৰৱ্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়।


৬। উপভোক্তাৰ ভাৰসাম্য কি

উত্তৰ:উপভোক্তাৰ ভাৰসাম্য হল এনে এটা অৱস্হা বুজাই যত উপভোক্তাজনে তেওঁৰ নিৰ্দিষ্ট আয়ৰ পৰা ক্ৰয় কৰা দ্ৰৱ্যৰ পৰা সৰ্বাধিক সন্তুষ্টি পায়।

    ইয়াৰ দুটা চৰ্ত হল 

   ক) MUx=Px

      যত, MUx='X' দ্ৰৱ্যৰ প্ৰান্তিক উপযোগিতা 

            Px='X' দ্ৰৱ্যৰ বজাৰ দৰ

   খ) MUx/Px=MUy/Py

       যত, MUx='X' দ্ৰৱ্যৰ প্ৰান্তিক উপযোগিতা

              MUy='Y'দ্ৰৱ্যৰ প্ৰান্তিক উপযোগিতা

              Px='X' দ্ৰৱ্যৰ বজাৰ দৰ

             Py='Y' দ্ৰৱ্যৰ বজাৰ দৰ


৭। চাহিদা কি ?

উত্তৰ:-ক্ৰয়ক্ষমতা বা অৰ্থ বা সম্পদৰ দ্বাৰা সমৰ্থিত সামগ্ৰী বা সেৱাকাৰ্য আহৰণ কৰাৰ ইচ্ছাই হল চাহিদা। উদাহৰণস্বৰুপে, ভিখাৰী এজনক এমুঠি চাউলৰ প্ৰয়োজন। কিন্তু চাউলখিনি সংগ্ৰহ কৰিবলৈ যিখিনি টকা লাগে সেইখিনি ভিখাৰীজনৰ হাতত নাই। গতিকে ভিখাৰীজনে চাহাদা সৃষ্টি কৰিব নোৱাৰে। অৰ্থাৎ,কেৱল অভাৱৰ পৰাই চাহিদাৰ সৃষ্টি নহয়।


৮। চাহিদা ৰেখা কি

উত্তৰ:-যেতিয়া সামগ্ৰী এটাৰ দাম আৰু চাহিদাৰ পৰিমাণ লেখচিত্ৰৰ সহায়ত উপস্হাপন কৰা হয়,তাকে চাহিদা ৰেখা বোলো। ইয়াক এখন চিত্ৰৰ সহায়ত তলত দেখুওঁৱা হল


৯। চাহিদা ৰেখা ঢালৰ আকৃতি কেনেকুৱা?

উত্তৰ:-চাহিদা ৰেখা ঢালৰ আকৃতি তলফালে হেলনীয়া।


১০। স্বাভাৱিক দ্ৰৱ্য কি?

উত্তৰ:-যিবোৰ দ্ৰৱ্যৰ ক্ষেত্ৰত গ্ৰাহকৰ আয় বৃদ্ধি  হলে চাহিদা বৃদ্ধি হয় আৰু আয় কমিলে চাহিদা কমে,ইয়াকে স্বাভাৱিক দ্ৰৱ্য  বোলে। এনে দ্ৰৱ্যৰ প্ৰতি গ্ৰাহক এজনৰ চাহিদা আৰু তেওঁৰ আয় একে দিশত গতি কৰে। উদাহৰণ হল-উৎকৃষ্টমানৰ খাদ্য দ্ৰৱ্য।


১১। নিকৃষ্ট দ্ৰৱ্য কি

উত্তৰ যিবোৰ দ্ৰৱ্যৰ ক্ষেত্ৰত গ্ৰাহকৰ আয় বৃদ্ধি  হলে চাহিদা কমে আৰু যেতিয়া আয় কমে তেতিয়া চাহিদা বৃদ্ধি হয়,তেনেবোৰ নিকৃষ্ট দ্ৰৱ্য  বোলে। এনে দ্ৰৱ্যৰ প্ৰতি গ্ৰাহক এজনৰ চাহিদা আৰু তেওঁৰ আয় বিপৰীত দিশত গতি কৰে। উদাহৰণ হল-নিকৃষ্টমানৰ খাদ্য দ্ৰৱ্য।


১২। বিকল্প সামগ্ৰী কি?

উত্তৰ:-যিবোৰ সামগ্ৰীয়ে গ্ৰাহকৰ একোটা অভাৱ পূৰণ কৰে আৰু এটাৰ সলনি আনটো সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি,তেনে সামগ্ৰীক বিকল্প সামগ্ৰী বোলে। উদাহৰণ, চাহ আৰু কফি।


১৩। পৰিপুৰক সামগ্ৰী কি?

উত্তৰ:-যিবোৰ সামগ্ৰী গ্ৰাহকে একেলগে বিচাৰে একেটা অভাৱ পূৰণ কৰিবলৈ,তেনে সামগ্ৰীক পৰিপুৰক সামগ্ৰী বোলে। উদাহৰণ, চাহ আৰু চেনি,জোতা আৰু মোজা,কলম আৰু চিয়াঁহী ইত্যাদি।


১৪। চাহিদাৰ দৰ স্হিতিস্হাপকতা কি?

উত্তৰ:সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ ফলস্বৰুপে,সামগ্ৰীটোৰ চাহিদাৰ যি পৰিৱৰ্তন হয়,তাকেই চাহিদাৰ দৰ স্হিতিস্হাপকতা বোলে। অৰ্থাৎ,কোনো এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তন ঘটিলে দ্ৰৱ্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্হিতিস্হাপকতা বোলে। চাহিদাৰ দৰ স্হিতিস্হাপকতা হল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰৱ্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত।


১৫। পৰিপূৰক দ্ৰৱ্যৰ এটা উদাহৰণ দিয়া।

উত্তৰ:-পৰিপূৰক দ্ৰৱ্যৰ এটা উদাহৰণ হল -কলম আৰু চিয়াঁহী।


১৬। যদি চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন আৰু দৰৰ শতকৰা পৰিৱৰ্তন পৰস্পৰ সমান হয় তেনে`হলে চাহিদাৰ দৰ স্হিতিস্হাপকতা কিমাণ হব?

উত্তৰ:-যদি চাহিদাৰ পৰিমাণৰ শতকৰা পৰিৱৰ্তন আৰু দৰৰ শতকৰা পৰিৱৰ্তন পৰস্পৰ সমান হয় তেনে`হলে চাহিদাৰ দৰ স্হিতিস্হাপকতা,Ed=1 হব।


খ) চমু প্ৰশ্ন (প্ৰতি প্ৰশ্নোত্তৰ ২আৰু ৩নম্বৰ):--


১। চাহিদা ৰেখা কি?চাহিদা ৰেখাৰ ঢাল তলফালে কিয় নিম্নগামী?

উত্তৰ:-যেতিয়া সামগ্ৰী এটাৰ দাম আৰু চাহিদাৰ পৰিমাণ লেখচিত্ৰৰ সহায়ত উপস্হাপন কৰা হয়,তাকে চাহিদা ৰেখা বোলো। ইয়াক এখন চিত্ৰৰ সহায়ত তলত দেখুওঁৱা হল

       চাহিদা ৰেখাৰ ঢাল তলফালে নিম্নগামী হয়। দুটা কাৰণ হল:-

     ক) সামগ্ৰী এটাৰ দাম কমি যোৱাৰ লগে লগে চাহিদাৰ পৰিমাণ বৃদ্ধি হয়।

     খ) সামগ্ৰী এটাৰ দাম বৃদ্ধি হলে গ্ৰাহকৰ ক্ৰয়ক্ষমতা কমি যায়।


২। চাহিদা ৰেখাৰ দুটা বৈশিষ্ট লিখা। 

উত্তৰ:-চাহিদা ৰেখাৰ দুটা বৈশিষ্ট হল 

  ক) চাহিদা ৰেখাডাল বাওঁফালৰ পৰা সোঁফালে তললৈ নামি আহে।

  খ) চাহিদা ৰেখাডাল সাধাৰণতে অবিস্তৃন্ন ৰোখা।


৩। বিকল্প সামগ্ৰী আৰু পৰিপুৰক সামগ্ৰীৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:-বিকল্প সামগ্ৰী আৰু পৰিপুৰক সামগ্ৰীৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল:-

    ক) যিবোৰ সামগ্ৰীয়ে গ্ৰাহকৰ একোটা অভাৱ পূৰণ কৰে আৰু এটাৰ সলনি আনটো সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি,তেনে সামগ্ৰীক বিকল্প সামগ্ৰী বোলে। উদাহৰণ, চাহ আৰু কফি।

     আনহাতে,যিবোৰ সামগ্ৰী গ্ৰাহকে একেলগে বিচাৰে একেটা অভাৱ পূৰণ কৰিবলৈ,তেনে সামগ্ৰীক পৰিপুৰক সামগ্ৰী বোলে। উদাহৰণ, চাহ আৰু চেনি,জোতা আৰু মোজা,কলম আৰু চিয়াঁহী ইত্যাদি।

  খ) পৰিপুৰক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্হিতিস্হাপক। কাৰণ এনেক্ষেত্ৰত এটা সামগ্ৰীৰ দাম বৃদ্ধি হলে ইয়াৰ লগতে ব্যৱহাৰ হোৱা আনটো সামগ্ৰীৰ চাহিদা বৰ বিশেমষ নকমে।

         আনহাতে,বিকল্প সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্হিতিস্হাপক হব।  কাৰণ এনে ক্ষেত্ৰত এটা সামগ্ৰীৰ দাম বৃদ্ধি হলে বিকল্প সামগ্ৰীৰ চাহিদা বৃদ্ধি হব।


৪। এটা দ্ৰৱ্যৰ চাহিদাৰ দৰ স্হিতিস্হাপকতা কেনেদৰে দ্ৰৱ্যটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰ:-মানুহৰ অভাৱৰ শ্ৰেণীবিভাজনৰ ওপৰত ভিত্তি কৰি সামগ্ৰীসমূহক প্ৰধানকৈ দুটা ভাগত ভগোৱা হয়। যেনে:-১। অত্যাৱশ্যকীয় সামগ্ৰী  ২। বিলাসৰ সামগ্ৰী । অত্যাৱশ্যকীয় সামগ্ৰী নহলে আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু বিলাসৰ সামগ্ৰী নহলেও আমি জীয়াই থাকিব পাৰোঁ।গতিঁকে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হলেও এটা নূন্যতম পৰিমাণৰ এনে সামগ্ৰী লাগিব।কিন্তু,বিলাসৰ সামগ্ৰীৰ দাম বৃদ্ধি হলে এনে সামগ্ৰী আমি নিকিনাকৈ চলিব  পাৰোঁ। অৰ্থাৎ,অত্যাৱশ্যকীয় সামগ্ৰী ৰ চাহিদা অস্হিতিস্হাপক আৰু বিলাসৰ সামগ্ৰীৰ চাহিদা স্হিতিস্হাপক


৫। এটা দ্ৰৱ্যৰ চাহিদাৰ দৰ স্হিতিস্হাপকতা কেনেদৰে বিকল্প সামগ্ৰীটোৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰ:-যিবোৰ সামগ্ৰীয়ে গ্ৰাহকৰ একোটা অভাৱ পূৰণ কৰে আৰু এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পাৰি,তেনে সামগ্ৰীক বিকল্প সামগ্ৰী বোলে। যেনে:-চাহ আৰু কফি। বিকল্প সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্হিতিস্হাপক হব। কাৰণ এনে সামগ্ৰীৰ দাম বৃদ্ধি  হ`লে বিকল্প সামগ্ৰীৰ চাহিদাও বৃদ্ধি হব।


৬। এডাল উলম্ব চাহিদা ৰেখা অংকণ কৰা আৰু তাৰ দৰ স্হিতিস্হাপকতাৰ প্ৰকৃতি কি লিখা।

উত্তৰ:-সামগ্ৰী এটাৰ দামৰ পৰাৱৰ্তনৰ ফলত সামগ্ৰীটোৰ চাহিদাৰ পৰিমাণৰ কোনো পৰিৱৰ্তন নঘটিলে চাহিদাৰ স্হিতিস্হাপকতা শূন্য হয়,ইয়াকে সম্পূৰ্ণ অস্হিতিস্হাপকতা বোলে। অত্যাৱশ্বকীয় সামগ্ৰীৰ ক্ষেতিৰত চাহিদাৰ স্হিতিস্হাপকতা শূন্য হয়। দৰা হল, নিমখৰ দাম ৫ টকা হলে ভোক্তাৰ চাহিদাৰ পৰিমাণ ৩ কেজি। নিমখৰ দাম যদি ৫ টকাতকৈ অধিক হয়, তেতিয়াও ভোক্তাই একে পৰিমাণৰ চাহিদা কৰিব। এনে অৱস্হাত চাহিদাৰ স্হিতিস্হাপকতা শূন্য হব আৰু চাহিদা ৰেকাডাল চাহিদাৰ চাহিদাৰ পৰিমাণ (OX) অক্ষৰ ওপৰত উলম্ব হব।

        


গ) দীঘল প্ৰশ্ন (প্ৰতি প্ৰশ্নোত্তৰ ৪ আৰু ৬ নম্বৰ):--


১। চাহিদা বিধিটো ব্যক্ত কৰা আৰু চিত্ৰৰ সহায়ত ইয়াক ব্যাখ্যা কৰা।

উত্তৰ:-চাহিদা বিধি অনুসৰি আন সকলো বিষয় অপৰিৱৰ্তিত অৱস্হাত থাকিলে,সামগ্ৰী এটাৰ দাম বৃদ্ধি হলে চাহিদা হ্ৰাস পায় আৰু দাম হ্ৰাস পালে চাহিদা বৃদ্ধি হয়। অৰ্থাৎ,

    Dx=f(Px,Py,Pz,Y,T)

   ইয়াত,

            Dx= 'X' সামগ্ৰীৰ চাহিদা

            Px='X' সামগ্ৰীৰ দাম

            Py=Y সামগ্ৰীৰ দাম

            Pz=Z সামগ্ৰীৰ দাম

            Y=ব্যক্তি বা পৰিয়ালটোৰ আয়ৰ পৰিমান

            T=ব্যক্তি বা পৰিয়ালটোৰ ৰুচি আৰু অভিৰুচি

             চাহিদা বিধিটো চাহিদা অনুসূচীৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। চাহিদা অনুসূচীত বিভিন্ন দামত সামগ্ৰী এটাৰ চাহিদাৰ বিভিন্ন পৰিমাণ দেখুওৱা হয়।  চাহিদা অনুসূচী দুই প্ৰকাৰৰ। সেইবোৰ হল:-

    ক) ব্যক্তিগত চাহিদা অনুসূচী; 

    খ) বজাৰ চাহিদা অনুসূচী।

       যি চাহিদা অনুসূচিত সামগ্ৰীৰ এটাৰ বিভিন্ন দামত এজন ব্যক্তিৰ বাবে সামগ্ৰীটোৰ বিভিন্ন পৰিমানৰ চাহিদা দেখুৱা হয়,ইয়াকে ব্যক্তিগত চাহিদা অনুসূচী বোলে। আনহাতে,যি চাহিদা অনুসূচিত সামগ্ৰীৰ এটাৰ বিভিন্ন দামত এজন বজাৰৰ ক্ষেত্ৰত সামগ্ৰীটোৰ বিভিন্ন পৰিমানৰ চাহিদা দেখুৱা হয়,সেই চাহিদা অনুসুচি হল বজাৰ চাহিদা অনুসূচী

           তলত ব্যক্তিগত চাহিদা অনুসূচীৰ এখন তালিকা প্ৰস্তুত কৰা হল

                   দাম                                          চাহিদাৰ পৰিমাণ

                     ৫ টকা      --------------------------     ৮ একক                           

                     ৪  টকা     -------------------------      ১০ ''

                     ৩  টকা    --------------------------      ১২ ''

                     ২  টকা    --------------------------      ১৫ ''

                      ১ টকা    ---------------------------     ১৮ ''

        ওপৰৰ তালিকাৰ পৰা দেখা যায় যে,সামগ্ৰীটোৰ দাম কমি যোৱাৰ লগে লগে চাহিদাৰ পৰিমাণ বৃদ্ধি হয়। এতিয়া,তলত ব্যক্তিগত চাহিদা অনুসূচী চিত্ৰৰ সহায়ত দেখুওৱা হয়।







         চিত্ৰত OX অক্ষই চাহিদাৰ পৰিমাণ আৰু OY অক্ষই  সামগ্ৰীৰ দাম বুজাই। A বিন্দুত গোটে প্ৰতি ৫  টকাত ৮ একক চাহিদা ,B বিন্দুত ৪ টকাত ১০ একক,C বিন্দুত ৩ টকাত ১২ একক,D বিন্দুত ২ টকাত ১৫ একক আৰু E বিন্দুত ১ টকাত ১৮ একক চাহিদা বুজাই। ABCDআৰু E বিন্দু লগ লগাই DD চাহিদা ৰেখা পোৱা গল।এই ৰেখাডাল বাওঁপিনৰ পৰা সোঁপিনে তললৈ ঢাল কোৱা। এইৰেখাডালে চাহিদা বিধি প্ৰতিফলিত কৰে। আন সকলো বিষয় অপৰিৱৰ্তনীয় হৈ থকা অৱস্হাত দেখা গৈছে যে সামগ্ৰীটোৰ দাম কমি যোৱাৰ লগে লগে চাহিদাৰ পৰিমাণ বৃদ্ধি হৈছে।


২। চাহিদা বিধিৰ তিনিটা ব্যতিক্ৰমসমূহ আলোচনা কৰা।

উত্তৰ:-কোনো কোনো অৱস্হাত চাহিদা বিধিটো প্ৰযোজ্য নহয় আৰু চাহিদা ৰেখাডাল বাওঁপিনৰ পৰা সোঁপিনে নামি অহাৰ  পৰিৱৰ্তে বাওঁপিনৰ পৰা সোঁপিনে উঠিহে যায়। এনে চাহিদা ৰেখাৰ পৰা আমি বুজিম যে সামগ্ৰীটোৰ দাম বৃদ্ধি হোৱাৰ লগে লগে সামগ্ৰীটোৰ চাহিদাও বৃদ্ধি হৈছে। এনে ব্যতিক্ৰমৰ তিনিটা কাৰণসমূহ তলত আলোচনা কৰা হল:- 

  ক) গিফেন সামগ্ৰী :-এই সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা বিধিটো প্ৰযোজ্য নহয়। যিবোৰ সামগ্ৰীৰ দাম কমিলে চাহিদা কমি যায় আৰু দাম বৃদ্ধি হলে চাহিদাও বৃদ্ধি হয়,ইয়াকে গিফেন সামগ্ৰী বোলে।

  খ) প্ৰদৰ্শন বিপাক:-প্ৰদৰ্শন বিপাকৰ ফলত চাহিদা বিধিটো প্ৰযোজ্য নহয়। এচাম গ্ৰাহকে উচ্চ দামৰ বিলাসৰ সামগ্ৰী ব্যৱহাৰ কৰা দেখিলে আন এচাম গ্ৰাহকেও এনে সামগ্ৰী সংগ্ৰহ কৰিবলৈ আগ্ৰহান্বিত হয়।

  গ) আৰ্থিক অৱনতি:- আৰ্থিক অৱনতিৰ সময়ত নিবনুৱাৰ সংখ্যা বৃদ্ধি হয়,আয়ৰ পৰিমাণ কমে আৰু এনে অৱস্হাত সামগ্ৰীৰ দাম কমিলেও চাহিদা বৃদধি হব নোৱাৰে। গতিকে, চাহিদা বিধিটো প্ৰযোজ্য নহয়।


৩। চাহিদাৰ দৰ স্হিতিস্হাপকতা নিৰ্দ্ধাৰণ কৰা চাৰিটা কাৰক আলোচনা কৰা।

উত্তৰ:-সামগ্ৰী এটাৰ দামৰ পৰিৱৰ্তনৰ ফলস্বৰুপে,সামগ্ৰীটোৰ চাহিদাৰ যি পৰিৱৰ্তন হয়,তাকেই চাহিদাৰ দৰ স্হিতিস্হাপকতা বোলে। অৰ্থাৎ,কোনো এটা দ্ৰৱ্যৰ দৰৰ পৰিৱৰ্তন ঘটিলে দ্ৰৱ্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে তাক চাহিদাৰ দৰ স্হিতিস্হাপকতা বোলে। চাহিদাৰ দৰ স্হিতিস্হাপকতা হল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰৱ্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত। 

         চাহিদাৰ দৰ স্হিতিস্হাপকতা নিৰ্দ্ধাৰণ কৰা চাৰিটা কাৰক তলত আলোচনা কৰা হল 

ক) সামগ্ৰীটোৰ প্ৰকৃতি:-মানুহৰ অভাৱৰ শ্ৰেণীবিভাজনৰ ওপৰত ভিত্তি কৰি সামগ্ৰীসমূহক প্ৰধানকৈ দুটা ভাগত ভগোৱা হয়। যেনে:-১। অত্যাৱশ্যকীয় সামগ্ৰী  ২। বিলাসৰ সামগ্ৰী । অত্যাৱশ্যকীয় সামগ্ৰী নহলে আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু বিলাসৰ সামগ্ৰী নহলেও আমি জীয়াই থাকিব পাৰোঁ।গতিঁকে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হলেও এটা নূন্যতম পৰিমাণৰ এনে সামগ্ৰী লাগিব।কিন্তু,বিলাসৰ সামগ্ৰীৰ দাম বৃদ্ধি হলে এনে সামগ্ৰী আমি নিকিনাকৈ চলিব  পাৰোঁ। অৰ্থাৎ,অত্যাৱশ্যকীয় সামগ্ৰী ৰ চাহিদা অস্হিতিস্হাপক আৰু বিলাসৰ সামগ্ৰীৰ চাহিদা স্হিতিস্হাপক।

খ) বিকল্প সামগ্ৰী:-যিবোৰ সামগ্ৰীয়ে গ্ৰাহকৰ একোটা অভাৱ পূৰণ কৰে আৰু এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পাৰি,তেনে সামগ্ৰীক বিকল্প সামগ্ৰী বোলে। যেনে চাহ আৰু কফি। বিকল্প সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা স্হিতিস্হাপক হব। কাৰণ এনে সামগ্ৰীৰ দাম বৃদ্ধি  হ`লে বিকল্প সামগ্ৰীৰ চাহিদাও বৃদ্ধি হব।

গ) পৰিপুৰক সামগ্ৰীৰ ব্যৱহাৰ:-যিবোৰ সামগ্ৰী গ্ৰাহকে একেলগে বিচাৰে একেটা অভাৱ পূৰণ কৰিবলৈ,তেনে সামগ্ৰীক পৰিপুৰক সামগ্ৰী বোলে। যেনে কলম আৰু চিয়াঁহী। পৰিপুৰক সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা অস্হিতিস্হাপক হব। কাৰণ এনে ক্ষেত্ৰত এটা সামগ্ৰীৰ দাম কমিলে ইয়াৰ লগতে ব্যৱহাৰ হোৱা আনটো সামগ্ৰীৰ চাহিদা বৰ বিশেষ বৃদ্ধি নহয়।

ঘ) গ্ৰাহকৰ অভ্যাস:-কিছুমাণ সামগ্ৰী গ্ৰাহকে অভ্যাসবশত ব্যৱহাৰ কৰে। এনেবোৰ সামগ্ৰীৰ দাম বৃদ্ধি হলেএ চাহিদা বিশেষ নকমে।অৰ্থাৎ,এইবোৰ সামগ্ৰীৰ চাহিদা অস্হিতিস্হাপক

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ