Books related Information
2021 FOR ASSAMESE COMMON QUESTION ANSWER PART-1
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ--
১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি।
৩। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰ :- ১৮৬৪ চনত।
৪। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা।
উত্তৰ :- 'বাহী' ।
৫। 'ওমৰ তীৰ্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?
উত্তৰ :- ৰুবায়তৰ ।
৬। 'বনফুল'ৰ কবি বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ :-'বনফুল'ৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া হয় ।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ--
১। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আৰু 'জ্ঞান' কোন আছিল ?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান' আছিল মিষ্টাৰ জে. বৰৱা।
২। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ তলত উল্লেখ কৰা হল-
ক) প্ৰাকৃতিক সৌন্দৰ্য;
খ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
৩। ''পানীমে মীন পিয়াসী।
মোক শুনত শুনত লাগে হাসি।।'' ---এই পদফাকিৰ তাত্ত্বিক অৰ্থ কি?
উত্তৰ :- উক্ত পদফাকিৰ তাত্ত্বিক অৰ্থ হল - মানুহৰ অন্তৰতে ঈশ্বৰ আছে,তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্হা দেখি কবিৰ হাঁহি উঠে।
৪। যতীন্দ্ৰ নাথ দুৱৰাই কিহৰ আলমত 'কথা-কবিতা' ৰচনা কৰিছিল?
উত্তৰ :-যতীন্দ্ৰ নাথ দুৱৰাই টুৰ্গেনিভৰ 'Poems in Prose' আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত 'কথা-কবিতা' ৰচনা কৰিছিল।
৫। ওমৰ খায়াম কোন?তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।
উত্তৰ :- ওমৰ খায়াম হল এজন ফাৰ্চী ছুফী কবি।
তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হল ৰুবায়ত।
৬। ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে কি মন্তব্য কৰিছিল?
উত্তৰ :-ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে মন্তব্য কৰিছিল যে - 'এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই ইংৰাজীতো বিৰল।'
- Get link
- X
- Other Apps
Comments
Thanks
ReplyDeletehello
Delete