Books related Information
Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ
- Get link
- X
- Other Apps
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা।
উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল- North-East Frontier Agency.
২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল?
উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ।
৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা)
উত্তৰঃ- ২৯ তম।
৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল?
উত্তৰঃ- ১৯৫৩ চনত।
৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা।
উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল।
৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল?
উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল।
৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত?
উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে আব্দুল গফুৰ খান জনাজাত।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল?
উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল।
২। এসময়ত কেন্দ্ৰীয় শাসীত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ-এসময়ত কেন্দ্ৰীয় শাসীত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম হল-
ক) হিমাচল প্ৰদেশ।
খ) মণিপুৰ।
৩। স্বাধীনতাৰ পূৰ্বে মুছলিম লীগে 'দ্বি-জাতি তত্ব'ৰ পোষকতা কৰিছিল। এই তত্বত অন্তৰ্ভূক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম লিখা।
উত্তৰঃ- 'দ্বি-জাতি তত্ব' ত অন্তৰ্ভূক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম হল-
ক) ভাৰত
খ) পাকিস্তান।
৪। ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।
উত্তৰঃ-ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা হল-
ক) ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন কৰা।
খ) ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা।
৫। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহন কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- ৰাজ্য পুনৰ গঠন আইন ১৯৫৬ চনৰ নৱেম্বৰ মাহত গ্ৰহন কৰা হৈছিল।
ৰাজ্য পুনৰ গঠন আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম হল-মহাৰাষ্ট্ৰ।।
৬। দেশ বিভাজনৰ সময়ত 'সাম্প্ৰদায়িক মণ্ডল'ত বিভক্ত হোৱা দুখনৰ নাম লিখা।
উত্তৰঃ-দেশ বিভাজনৰ সময়ত 'সাম্প্ৰদায়িক মণ্ডল'ত বিভক্ত হোৱা দুখনৰ নাম হল-
ক) লাহোৰ
খ) অমৃতসৰ।
৭। দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা।
উত্তৰঃ-দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম হল-
ক) বেংগল
খ) পাঞ্জাৱ।
গ) প্ৰতিটো ৬ নম্বৰৰ প্ৰশ্নোত্তৰঃ-
১। দেশ বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা।
উত্তৰঃ- দেশ বিভাজন আছিল অত্যন্ত বেদনাদায়ক আৰু ভয়াবহ। সাম্প্ৰদায়িক সংঘৰ্ষ আৰু উত্তেজনাৰ মাজৰে সংগঠিত হোৱা দেশ বিভাজন প্ৰক্ৰিয়াটোত হাজাৰ-হাজাৰ লোকৰ মৃত্যু হৈছিল। "লেকৰ ৰহেংগে পাকিস্তান,লডকে ৰহেংগে পাকিস্তান" বাণীৰে যুদ্ধৰ ৰুপ লোৱা মুছলীম লীগৰ সাম্প্ৰদায়িক পন্হা আৰু হিন্দু সাম্পদায়িক গোটসমূহে তাৰ বিৰুদ্ধে লোৱা স্হিতিৰ ফলত ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে বহু লোকৰ প্ৰাণ হেৰুৱায়। এই পৰিস্হিতি মোকাবিলা কৰিবৰ বাবে ব্ৰিটিছ শাসকৰ যেনেকৈ কোনো ক্ষমতা নাছিল,তেনেকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰো কোনো কৌশল নাছিল। এনে পৰিস্হিতিত দেশ বিভাজনেই হৈ উঠিছিল একমাত্ৰ সমাধানৰ সূত্ৰ। কিন্তু দেশ বিভাজনৰ প্ৰক্ৰিয়াটো আছিল অত্যন্ত জটিল। মুছলীম সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহকলৈ পাকিস্তান আৰু হিন্দু সংখ্যাগৰিষ্ঠতা থকা অঞ্চলসমূহকলৈ ভাৰতবৰ্ষ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।
দেশ বিভাজনৰ পৰিণতিসমূহ তলত চমুকৈ আলোচনা কৰা হলঃ-
ক) দেশ বিভাজনৰ ফলত দুয়োখন দেশত হঠাৎ সংখ্যালঘু হৈ পৰা লোকসকল বিভ্ৰান্ত আৰু ভীতিগ্ৰস্ত হৈ পৰিছিল। ফলত তাৎক্ষণিকভাৱেই তেওঁলোকে জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত আৰু ৰাজনৈতিক বাধ্যবাধকতাত পৰি নিজ গৃহ ভূমি ত্যাগ কৰিবলৈ বাধ্য হৈছিল।
খ) দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লক্ষ-লক্ষ লোক অন্য দেশত গৈ শৰণাৰ্থী হৈ পৰিল। জীৱন-জীৱিকাৰ নিৰাপত্তা নোহোৱা এই লোকসকলৰ ওপৰেদি বিভিন্ন ধুমুহা পাৰ হৈ গল।
গ) এখন দেশ এৰি অন্য এখন দেশলৈ যোৱাৰ পথতো সংখ্যালঘুসকল বিভিন্ন ধৰণে আক্ৰমণৰ সন্মুখীন হৈছিল। হাজাৰ-হাজাৰ মহিলাক অপহৰণ কৰা হল। জোৰ-জবৰদস্তিকৈ ধৰ্মৰ হস্তান্তৰকৰণ;পৰিয়ালৰ মৰ্যাদা ৰক্ষাৰ বাবে মহিলাক হত্যা কৰা ধৰণৰ ঘটনাও ঘটিল। হাজাৰ-হাজাৰ শিশু পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিল।
ঘ) দেশ বিভাজনে সৃষ্টি কৰা বিভিন্ন সংঘৰ্ষত পাঁচ লাখৰ পৰা দহ লাখ লোকে প্ৰাণ হেৰুওৱা বুলি অনুমান কৰা হয়।
ঙ) দেশ বিভাজনে প্ৰায় ৮০ লাখ লোকক নিজ গৃহ এৰি আৰু সীমা পাৰ হৈ ভাৰত তথা পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰিছিল।
Comments
Post a Comment