ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। চৰকাৰী বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি। ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয় কৰ ইত্যাদি। ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। বাণিজ্যিক চক্ৰ কি? উত্তৰঃ-দেশৰ আৰ্থিক অৱস্হা উত্থান পতন চক্ৰকাৰে হলে তাকেই বাণিজ্যিক চক্ৰ বোলে। খ) অতি চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা । উত্তৰ:-ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল- ক) ৰাজহুৱা দ্ৰৱ্যৰ পৰা পোৱা সুবিধ...
Comments
Post a Comment