১। উপযোগিতা কি?
উত্তৰ:-সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বোলে।
২। মুঠ উপযোগিতা কি?
উত্তৰ:- সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা লাভ কৰা উপযোগিতাই হ'ল মুঠ উপযোগিতা ।
৩। প্ৰান্তিক উপযোগিতা কি?
উত্তৰ:- সামগ্ৰী একোটাৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাই হ'ল প্ৰান্তিক উপযোগিতা।
৪। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি?
উত্তৰ:- ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুযায়ী যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে তেন্তে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়।
Comments
Post a Comment