১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি।
৩। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আৰু 'জ্ঞান' কোন আছিল ?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা 'মাউজি' আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান' আছিল মিষ্টাৰ জে. বৰৱা।
৪। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ তলত উল্লেখ কৰা হল-
ক) প্ৰাকৃতিক সৌন্দৰ্য;
খ) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
৫। ''পানীমে মীন পিয়াসী।
মোক শুনত শুনত লাগে হাসি।।'' ---এই পদফাকিৰ তাত্ত্বিক অৰ্থ কি?
উত্তৰ :- উক্ত পদফাকিৰ তাত্ত্বিক অৰ্থ হল - মানুহৰ অন্তৰতে ঈশ্বৰ আছে,তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্হা দেখি কবিৰ হাঁহি উঠে।
৬। ''ওমৰ তীৰ্থ'' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰ :- ''ওমৰ তীৰ্থ'' পুথিখনি ওমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ।
৭। ওমৰ খায়াম কোন?তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।
উত্তৰ :- ওমৰ খায়াম হল এজন ফাৰ্চী ছুফী কবি।
তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হল ৰুবায়ত।
৮। 'বনফুল'ৰ কবি বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ :-'বনফুল'ৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া হয় ।
৯। ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে কি মন্তব্য কৰিছিল?
উত্তৰ :-ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে মন্তব্য কৰিছিল যে - 'এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই ইংৰাজীতো বিৰল।'
১০। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ :-লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনত হৈছিল ।
Comments
Post a Comment