Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

ASSAMESE 1

১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি।

৩। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আৰু  'জ্ঞান'  কোন আছিল ?
উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান'   আছিল মিষ্টাৰ জে. বৰৱা।

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা ।
উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ তলত উল্লেখ কৰা হল-
            ক) প্ৰাকৃতিক সৌন্দৰ্য;
            খ)  প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।

৫।  ''পানীমে মীন পিয়াসী।
         মোক শুনত শুনত লাগে হাসি।।'' ---এই পদফাকিৰ তাত্ত্বিক অৰ্থ কি?
উত্তৰ :- উক্ত পদফাকিৰ তাত্ত্বিক অৰ্থ হল - মানুহৰ অন্তৰতে ঈশ্বৰ আছে,তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্হা দেখি কবিৰ হাঁহি উঠে।

৬। ''ওমৰ তীৰ্থ'' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰ :- ''ওমৰ তীৰ্থ'' পুথিখনি ওমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ।

৭। ওমৰ খায়াম কোন?তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।
উত্তৰ :- ওমৰ খায়াম হল এজন ফাৰ্চী ছুফী কবি।
                  তেওঁ ৰচনা কৰা পুথি এখনৰ নাম হল ৰুবায়ত।   

৮। 'বনফুল'ৰ কবি বুলি কাক আখ্যা দিয়া হয়?
উত্তৰ :-'বনফুল'ৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া হয় ।

৯। ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে কি মন্তব্য কৰিছিল?
উত্তৰ :-ড০ বানীকান্ত কাকতীয়ে দুৱৰাৰ কথা-কবিতাৰ বিষয়ে মন্তব্য কৰিছিল যে - 'এনে ধৰণৰ গদ্যত লিখা কবিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাষাত নাই ইংৰাজীতো বিৰল।'

১০। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ :-লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ১৮৬৪ চনত হৈছিল । 

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ