১। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ।
২। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?
উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ সত্য আৰু ধৰ্ম।
৩। 'অন্নং ন নিন্দ্যাত,অন্নং বহুকুৰ্ৱীত তদব্ৰতম।'-- এনেদৰে কোন উপনিষদে কৈছে?
উত্তৰ:-তৈত্তিৰীয় উপনিষদে।
৪। 'চিত্ৰবন'ষ্টডিঅ' কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:-চিত্ৰবন'ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
৫। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
উত্তৰ:-জাংফাই জোনাক।
৬। ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বটাঁ লাভ কৰা ছবিখনৰ নাম কি?
উত্তৰ:-চামেলি মেমচাব।
৭। 'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰপৰা লোৱা হৈছে?
উত্তৰ:-'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্হৰপৰা লোৱা হৈছে।
৮। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
উত্তৰ:-বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাছ।
৯। পদাৰ্থ কণা-ত্বৰক কি?
উত্তৰ:-পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমুহৰ বেগ ক্ৰমে বৃদ্ধি কৰি দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বোলা হয়।
১০। 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
উত্তৰ:-'চিঠি' গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প' সংকলনৰ পৰা লোৱা হৈছে।
Comments
Post a Comment