Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

ASSAMESE.3

১। শংকৰদেৱ আৰু মাধৱদেৱৰ  প্ৰথম সাক্ষতক কি বুলি অভিহিত কৰা হয়?
উত্তৰ:-শংকৰদেৱ আৰু মাধৱদেৱৰ  প্ৰথম সাক্ষতক  'মণিকাঞ্চন সংযোগ' বুলি অভিহিত কৰা হয়। 

২। কোনখন গ্ৰন্তক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?
উত্তৰ:- নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।

৩। 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো কি ৰাগত বন্ধা?
উত্তৰ:- 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো ' কৈ' ৰাগত বন্ধা।

৪। 'বিশ্বখনিকৰ' কোন শ্ৰেণীৰ কবিতা?
উত্তৰ:- 'বিশ্বখনিকৰ' আধ্যাত্মিক শ্ৰেণীৰ কবিতা।

৫। 'জ্ঞানমালিনীৰ কবি' ৰুপে কাক জনাজাত?
উত্তৰ:- 'জ্ঞানমালিনীৰ কবি' ৰুপে কবি মফিজুদ্দিন আহমদ হাজৰিকাক জনাজাত।

৬। নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হল 'এৰি অহা দিনবোৰ'।

৭। 'মিলন' কবিতাটো কবিৰ কোনখন কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ:- 'মিলন' কবিতাটো কবিৰ 'সন্ধিয়াৰ সুৰ' কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

৮। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিৰ নাম কি?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিৰ নাম হল 'লুইতৰ পাৰৰ অগ্নিসুৰ'।

৯। 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটো কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ:- 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটো ১৯৩৯ চনত প্ৰকাশ পাইছিল।

১০। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰ:- 'উৰুলি' শব্দৰ অৰ্থ হল শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ।
                     আনহাতে, 'ৰাগি' শব্দৰ অৰ্থ হল নিচা।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ