১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষতক কি বুলি অভিহিত কৰা হয়?
উত্তৰ:-শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষতক 'মণিকাঞ্চন সংযোগ' বুলি অভিহিত কৰা হয়।
২। কোনখন গ্ৰন্তক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?
উত্তৰ:- নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।
৩। 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো কি ৰাগত বন্ধা?
উত্তৰ:- 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো ' কৈ' ৰাগত বন্ধা।
৪। 'বিশ্বখনিকৰ' কোন শ্ৰেণীৰ কবিতা?
উত্তৰ:- 'বিশ্বখনিকৰ' আধ্যাত্মিক শ্ৰেণীৰ কবিতা।
৫। 'জ্ঞানমালিনীৰ কবি' ৰুপে কাক জনাজাত?
উত্তৰ:- 'জ্ঞানমালিনীৰ কবি' ৰুপে কবি মফিজুদ্দিন আহমদ হাজৰিকাক জনাজাত।
৬। নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ:- নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হল 'এৰি অহা দিনবোৰ'।
৭। 'মিলন' কবিতাটো কবিৰ কোনখন কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ:- 'মিলন' কবিতাটো কবিৰ 'সন্ধিয়াৰ সুৰ' কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।
৮। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিৰ নাম কি?
উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিৰ নাম হল 'লুইতৰ পাৰৰ অগ্নিসুৰ'।
৯। 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটো কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ:- 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটো ১৯৩৯ চনত প্ৰকাশ পাইছিল।
১০। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰ:- 'উৰুলি' শব্দৰ অৰ্থ হল শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ।
আনহাতে, 'ৰাগি' শব্দৰ অৰ্থ হল নিচা।
Comments
Post a Comment