Books related Information

ক্ৰমবাচক উপভোক্তা মাৰ্গ

ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ প্ৰশ্নোত্তৰ):--
১। বাজেট ৰেখা কি
উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে। 
    ইয়াৰ চৰ্ত হল:- Px+Py=M
 যত,Px+Py= দুটা দ্ৰৱ্য
               M =  মুঠ আয়    

২। বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি বুজাই?
উত্তৰ:- বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপালক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় মুঠ আয়তকৈ কম হয়



৩। বাজেট ৰেখাৰ আকৃতি কেনে কোৱা?
উত্তৰ:- বাজেট ৰেখাৰ আকৃতি তলফালে হেলনীয়া।

৪। নিৰপেক্ষ ৰেখা কি?
উত্তৰ:- যিডাল ৰেখাৰ বিভিন্ন বিন্দুত নিৰ্দিষ্ট সামগ্ৰী দুটাৰ বিভিন্ন সমষ্টি বুজোৱা হয় আৰু সেই সমষ্টিৰ পৰা গ্ৰাহকে লাভ কৰা সন্তুষ্টিৰ পৰিমাণ একেই বা সমাণ হয়,সেই ৰেখাডালকে নিৰপেক্ষ ৰেখা বোলে।

৫। নিৰপেক্ষ মানচিত্ৰ কি?
  উত্তৰ:- একেটা চিত্ৰতে এডালতকে অধিক নিৰপেক্ষ ৰেখা অংকণ কৰাকে নিৰপেক্ষ মানচিত্ৰ  বোলে।

৬।  নিৰপেক্ষ ৰেখাৰ ঢাল কেনে কোৱা?
উত্তৰ:-নিৰপেক্ষ ৰেখাৰ ঢাল তলফালে নিম্নগামী হয়।

৭। অৰ্থনীতিত সাধাৰণতে উপভোক্তাজনক---------উপভোক্তা।
 উত্তৰ:-অৰ্থনীতিত সাধাৰণতে উপভোক্তাজনক এজন বিবেচক উপভোক্তা।

৮। উপভোক্তাৰ কাম্য বিন্দু কি?
উত্তৰ:-উপভোক্তাৰ কাম্য বিন্দু হল যিটো বিন্দুত বাজেট ৰেখাডালে এডাল নিৰপেক্ষ ৰেখাক স্পৰ্শ কৰে। 

৯। বিকল্পিকৰণৰ হাৰ কি?
উত্তৰ:- এটা সামগ্ৰীৰ অতিৰিক্ত এক একক সংগ্ৰহ কৰোঁতে গ্ৰাহকে আনটো সামগ্ৰীৰ যি পৰিমাণ হেৰুৱাব লগা হয়,সেই পৰিমাণেই হল বিকল্পিকৰণৰ হাৰ ।

খ) চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্ন):--

১) উপভোক্তাজনৰ মুঠ মুদ্ৰাগত আয় M আৰু তেওঁ গোটেইখিনি আয় Xআৰু Y সামগ্ৰী দুটা কিনাত খৰচ কৰিব বিচাৰে। সামগ্ৰী দুটাৰ দাম Px  অৰু Py হলে উপভোক্তাজনৰ বাজেট সমীকৰণ নিৰ্ণয় কৰা।
উত্তৰ:- উপভোক্তাৰ বাজেট ৰেখা নিৰ্ণয় কৰিবলৈ Xআৰু Y সামগ্ৰীত খৰচ হোৱা ব্যয়ৰ পৰিমাণ মুঠ আয়ৰ সমাণ হব লাগিব। উপভোক্তাৰ  বাজেট ৰেখাৰ সমীকৰণ তলত প্ৰকাশ কৰা হল:-
                  Px.x+Py.y=M
   যত,
           Px=x দ্ৰৱ্যৰ চাহিদাৰ পৰিমাণ
           Py=Y দ্ৰৱ্যৰ চাহিদাৰ পৰপিমাণ
           X= xদ্ৰৱ্যৰ  দৰ
           Y=Y দ্ৰৱ্যৰ দৰ

২। উপভোক্তা এজনৰ মাহিলী আয় ৪০০ টকা। তেওঁ এই আয় সম্পূৰ্ণৰুপে Xআৰু Y ক্ৰয়ৰ বাবে ব্যয় কৰে। দ্ৰৱ্য X-ৰ দাম ২০ টকা আৰু  Y-ৰ দাম ২৫ টকা হয়,তেন্তে এই দ্ৰৱ্যৰ ওপৰত ভিত্তি কৰি --
      ক) বাজেট ৰেখা অংকণ কৰা।
      খ) যদি Y-ৰ মূল্য হ্ৰাসহৈ ২০ টকা হয় আৰু X-দ্ৰৱ্যৰ মূল্য একেই থাকে,তেনেহলে বাজেট ৰেখাৰ কি পৰিৱৰ্তন হব?
উত্তৰ:- ক) বাজেট সমীকৰণটো হল-
                 20x+25y=400

            খ) যদি Y-দ্ৰৱ্যৰ মূল্য হ্ৰাাস হৈ ২০ টকা হয় আৰু X-দ্ৰৱ্যৰ মূল্য একেই থাকে,তেনেহলে বাজেট ৰেখা বাওঁফালে স্হানান্তৰিত হব।

৩। নিৰপেক্ষ ৰেখাৰ ঢাল ধনাত্মক বা নিম্নগামী হোৱাৰ কাৰণ দিয়া।
উত্তৰ:- নিৰপেক্ষ ৰেখাৰ ঢাল নিম্নগামী হোৱাৰ কাৰণ হল-উপভোক্তাই এটা সামগ্ৰী অধিক পৰিমাণে সংগ্ৰহ কৰিব বিচাৰিলে আনটো সামগ্ৰী উপভোগৰ পৰিমাণ হ্ৰাস কৰিব লাগিব যত ভোক্তাই একে পৰিমাণৰ সন্তুষ্টি আহৰণ কৰিব।
        নিৰপেক্ষ ৰেখা এডালৰ চিত্ৰ তলত অংকণ কৰা হল-


৪। বাজেট ৰেখা কি? বাজেট ৰেখা কিয় তলফালে হেলনীয়া?
উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে। 
      বাজেট ৰেখা তলফালে হেলনীয়া কাৰণ গ্ৰাহকে এটা সামগ্ৰী অধিক পৰিমাণে সংগ্ৰহ কৰিব বিচাৰিলে আনটো সামগ্ৰী কম পৰিমাণে সংগ্ৰহ কৰিব লাগিব যদিহে সন্তুষ্টিৰ পৰিমাণ একেটা স্তৰতে বৰ্তি থাকে। 

৫। এজন উপভোক্তাই তেওঁৰ মুদ্ৰা আয়ৰে X-সামগ্ৰীৰ ৩০ একক আৰু Y-সামগ্ৰীৰ ২৪ একক ক্ৰয় কৰিব পাৰে। সামগ্ৰী দুটাৰ দৰ ক্ৰমে ২০ টকা আৰু ২৫ টকা । উপভোক্তাৰ দৰ আয় নিৰ্ণয় কৰা ।
উত্তৰ:- দিয়া আছে,
                 X-সামগ্ৰী= ৩০ একক
                 Y-সামগ্ৰী= ২৪  '' 
                  Px= ২০ টকা 
                 Py=২৫ টকা 
এতিয়া,
               Px.x+Py.y=M
              =>20x30+25x24=M
              =>M=20x30+25x24
              =>M=600+600
              =>M=1200
.'. মুদ্ৰাগত আয়(M)=1200 টকা।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ