Books related Information

জেম৭

পাঠভিত্তিক প্ৰশ্নোত্তৰ-

১। কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল ?
উত্তৰ:-১৯৮৯ চনৰ নৱেম্বৰ মাহত।

২। ৰাছিয়াত  সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ:- ১৯১৭ চনত।

৩। কোন চনত ছোভিয়েট ৰাছিয়া ভংগ হৈছিল ?
উত্তৰ:- ১৯৯১ চনত

৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় ?
উত্তৰ:- :ছোভিয়েট ৰাছিয়া

৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে ?
উত্তৰ:- :ছোভিয়েট ৰাছিয়া।

৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?
উত্তৰ:- ১৫ খন।

৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ?
উত্তৰ:- মিখাইল গৰ্বাছেভ।

৮। কি আদৰ্শৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্হা প্ৰতিষ্ঠিত ?
উত্তৰ:- সমাজবাদী আদৰ্শত।

৯। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বহিচাপে জনা যায় ?
উত্তৰ:- ছোভিয়েট ৰাছিয়া । 

১০। ছোভিয়েট ৰাছিয়াৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল ?
                                          বা
       ছোভিয়েট ৰাছিয়াৰ কোনখন ৰাষ্ট্ৰত প্ৰথমে মুক্ত নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ:- লিথুয়ানিয়াই ।

১১। মিখাইল গৰ্বাছেভে কিমান চনত ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল
উত্তৰ:- ১৯৮৫ চনৰ ১১ মাৰ্চ মাহত।

১২। ছোভিয়েট ৰাছিয়াত ৰাষ্ট্ৰ পৰিচালনা নিয়ন্ত্ৰণ কৰা  এটা ৰাজনৈতিক দলৰ নাম লিখা
উত্তৰ:- সাম্যবাদী দল।

১৩। ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত লিথুৱানিয়াত প্ৰথমবাৰৰ বাবে কিমান চনত মুক্ত নিৰ্বাচন অনুষ্ঠিত হৈছিল
উত্তৰ:-  ১৯৯০ চনৰ মাৰ্চ মাহত।

১৪। কিমান তাৰিখে গৰ্বাচেভে ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে
উত্তৰ:- ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে।

১৫। বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ৰাছিয়াৰ কোন তিনিখন ৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়া ভংগ হোৱা বুলি ঘোষণা কৰে
উত্তৰ:-বৰিছ য়েল্টচিনৰ নেতৃত্বত ছোভিয়েট ৰাছিয়াৰ অন্তৰ্গত শক্তশালী গণৰাজ্য ৰাছিয়া,ইউক্ৰেন আৰু বেলাৰুছে ছোভিয়েট ৰাছিয়া ভংগ হোৱা বুলি ঘোষণা কৰে ।


গ) চমু প্ৰশ্ন ( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-

১। ৰাষ্ট্ৰপতি মিকাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।
উত্তৰ:- ৰাষ্ট্ৰপতি মিকাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হল-
      ক) গ্লাচনোষ্ট:- ইয়াৰ অৰ্থ হল ব্যাপক স্বচ্ছতা। এই নীতিৰ জৰিয়তে গৰ্বাচেভে ছোভিয়েট ৰাছিয়াৰ সমাজৰ সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক স্বচ্ছতা সৃষ্টি কৰিব বিচাৰিছিল।
      খ) পেৰেষ্ট্ৰোইকা :- পুনৰ নিৰ্মাণ  কৰা। এই নীতিৰ জৰিয়তে ছোভিয়েট ৰাছিয়াৰ যিবিলাক উদ্যোগ ভাঙি গৈছে তাক পুণৰ উদ্ধাৰ কৰা।

২। ছোভিয়েট ৰাছিয়া ভাঙোনৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰ:- ছোভিয়েট ৰাছিয়া ভাঙোনৰ দুটা ফলাফল তলত উল্লেখ কৰা হল-
         ক) ১৯৪৫ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত চলা  আমেৰিকা যক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সংঘাতৰ অৱসান।
         খ) দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ ভিতৰত এটা মহাশক্তি ছোভিয়েট ৰাছিয়া ভাঙি একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৃষ্টি হৈছে।

৩। ছোভিয়েট ৰাছিয়া ভাঙি যোৱাৰ পিছত গৰি উঠা দুখন শক্তিশালী স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰ:- ছোভিয়েট ৰাছিয়া ভাঙি যোৱাৰ পিছত গৰি উঠা দুখন শক্তিশালী স্বাধীন ৰাষ্ট্ৰৰ নাম  হল-
       ক) ৰাছিয়া ; 
       খ) ইউক্ৰেইন।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ