Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

উৎপাদন ফলন

ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ)--
১। উৎপাদন ফলন কি?
উত্তৰ:-এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহাৰ কৰা উপাদানৰ মাজত সম্পৰ্কটোকে উৎপাদন ফলন  বোলে। অৰ্থাৎ,
          Q=f(L,K)
    ইয়াত,
                 Q=উৎপাদন
                  L,= শ্ৰমিক
                  K=মূলধন

২। সমউৎপাদন ৰেখা কি?
উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে।

৩। স্তিৰ খৰচ কি?
 উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি নহয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ নকমে,সেই খৰচেই হল স্তিৰ খৰচ। উদাহৰণ,যন্ত্ৰপাতিৰ বাবদ হোৱা খৰচ ,স্হায়ী শ্ৰমিকৰ মজুৰি আৰু কৰ ইত্যাদি।

৪। পৰিৱৰ্তনশীল খৰচ কি?
উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি হয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ কমি যায়,সেই খৰচেই হল পৰিৱৰ্তনশীল খৰচ। উদাহৰণ, অস্হায়ী শ্ৰমিকৰ মজুৰি,কেচাঁ সামগ্ৰীৰ খৰচ,বিক্ৰী কৰ আৰু পৰিবহণ খৰচ ইত্যাদি।

৫। গড় স্তিৰ খৰচ কি?
উত্তৰ:-যেতিয়া মুঠ স্তিৰ খৰচক মুঠ উৎপাদনৰে ভাগ কৰিলে যি খৰচ পোৱা যায়, তাকে গড় স্হিৰ খৰচ বোলে।

৬। গড় পৰিৱৰ্তনশীল খৰচ বা ব্যয় কি?
উত্তৰ:-যেতিয়া মুঠ পৰিৱৰ্তনশীল খৰচক মুঠ উৎপাদনৰে ভাগ কৰিলে যি খৰচ পোৱা যায়,তাকে গড় পৰিৱৰ্তনশীল খৰচ বা ব্যয় বোলে।

৭। স্তিৰ ব্যয়ৰ এটা উদাহৰণ দিয়া।
উত্তৰ:-স্তিৰ ব্যয়ৰ এটা উদাহৰণ  হল স্হায়ী শ্ৰমিকৰ মজুৰি ।

৮।মুঠ ব্যয়(TC)=---------+ মুঠ পৰিৱৰ্তনশীল ব্যয়(TVC)। খালী ঠাই পূৰণ কৰা
উত্তৰ:-মুঠ ব্যয়(TC)=মুঠ স্হিৰ ব্যয়(TFC)+ মুঠ পৰিৱৰ্তনশীল ব্যয়(TVC)। 

৯। গড় উৎপাদন (AP)ৰেখাৰ আকৃতি কেনেকুৱা?
উত্তৰ:-গড় উৎপাদন ৰেখাৰ আকৃতি উলোটা 'U' ৰ নিচিনা হয়।

১০। মুঠ স্হিৰ ব্যয় (TFC)কি?
উত্তৰ:-স্হিৰ উপাদানবোৰ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিষ্ঠানটোৱে যি ব্যয় বহন  কৰিবলগীয়া হয়,তাকে মুঠ স্হিৰ ব্যয় (TFC)বোলে।

১১। মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC)কি?
উত্তৰ:-পৰিৱৰ্তনশীল উপাদানবোৰ ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠানটোৱে যি ব্যয় বহন কৰিবলগীয়া হয়,তাকে,মুঠ পৰিৱৰ্তনশীল ব্যয় (TVC)বোলে।

১২। মুঠ ব্যয় (TC)কি?
উত্তৰ:-মুঠ ব্যয় হল মুঠ স্হিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ যোগফল। অৰ্থাৎ,
           TC=TVC+TFC

খ) চমু প্ৰশ্ন( প্ৰতিটো ২ আৰু ৪ নম্বৰৰ প্ৰশ্নোত্তৰ)--

১। হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ মাজত দুটা পাৰ্থক্য তলত  উল্লেখ কৰা হল
  ক) যি সময়ছোৱাত উৎপাদকে উৎপাদনৰ সকলোবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তন কৰিব নোৱাৰে,সেই সময়ছোৱাই হল হ্ৰস্বকাল।
           আনহাতে,যি সময়ছোৱাত উৎপাদকে উৎপাদনৰ সকলোবোৰ উপাদানৰ পৰিমাণ পৰিৱৰ্তন কৰিব পাৰে,সেই সময়ছোৱাই হল দীৰ্ঘকাল ।
  খ) হ্ৰস্বকালত দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চাহিদাই অধিক সক্ৰিয় ভূমিকা পালন কৰে। আনহাতে, দীৰ্ঘকালত দৰ নিৰ্ধাৰনৰ ক্ষেত্ৰত চাহিদা আৰু যোগান দুয়োটাই সমানে ভূমিকা পালন কৰে।

২। স্তিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-স্তিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-
     ক) যিবোৰ উপাদান উৎপাদনৰ যিকোনো সময়ত স্হিৰ থাকে,তেনে উপাদানক স্তিৰ উপাদান বোলে। 
      আনহাতে,যিবোৰ উপাদান উৎপাদন প্ৰতিষ্ঠানটোৱে সময়  সাপেক্ষে পৰিৱৰ্তন কৰিব পাৰে,তেনে উপাদানক পৰিৱৰ্তনশীল উপাদান বোলে।
     খ) স্তিৰ উপাদানবোৰ হ্ৰস্বকালৰ লগত জড়িত। আনহাতে, পৰিৱৰ্তনশীল উপাদানবোৰ হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ দুয়োটাৰ লগত জড়িত।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ