১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে?
উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে।
২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল?
উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত।
৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি?
উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)।
৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।
উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization.
৫। NATO-কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- NATO- ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল।
৬। NATO-ৰ মুখ্য কাৰ্য্যালয় কত অৱস্হিত?
উত্তৰ:- NATO-ৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰাছেলচত অৱস্হিত।
৭। ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম লিখা ।
উত্তৰ:- ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম ৱাৰ্শ্ব চুক্তি।
৮। ৱাৰ্শ্ব চুক্তি কিমান চনত প্ৰতিষ্ঠা লাভ কৰে?
উত্তৰ:-ৱাৰ্শ্ব চুক্তি ১৯৫৫ চনৰ ১৪ মে' তাৰিখে প্ৰতিষ্ঠা লাভ কৰে ।
৯। ৱাৰ্শ্ব চুক্তিৰ মুখ্য কাৰ্যালয় কত অৱস্হিত ?
উত্তৰ:-ৱাৰ্শ্ব চুক্তিৰ মুখ্য কাৰ্যালয় পোলেণ্ডৰ ৱাৰ্শ্ব চহৰত অৱস্হিত।
১০। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল
উত্তৰ:-১৯৬১ চনত।
১১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল?
উত্তৰ:- ২৫ খন ।
১২। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ?
উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল ।
১৩। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়?
উত্তৰ:- ১৯৬১ চনত।
১৪। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়?
উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত।
পাঠভিত্তিক প্ৰশ্নোত্তৰ-
অতি চমু প্ৰশ্ন-
১। শীলত যুদ্ধ কি ? নাইবা শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ:- :- শীতল যুদ্ধ বুলিলে এনে এক পৰিস্হিতিক বুজাই য ত আনৱি ক শক্তিৰ অধিকাৰী দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই প্ৰত্যক্ষ যুদ্ধত লিপ্ত নহৈ গোটেই বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ বাবে সদাই চেষ্টা কৰি থাকে যাৰফলত বিভিন্ন সময়ত যুদ্ধৰ দৰে পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ বিশ্বক এক শংকা আৰু উত্তেজনাৰ মাজত আৱদ্ধ কৰি ৰাখে।
শীতল যুদ্ধ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আৰম্ভ হৈছিল।
২। শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰ:- শীতল যুদ্ধৰ দুখন ক্ষেত্ৰ তলত উল্লেখ কৰা হল-
ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
খ) ছোভিয়েট ৰাছিয়া
৩। ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ লিখা।
উত্তৰ:- ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ শীতল যুদ্ধৰ লগত চুক্তিবদ্ধৰ দুটা কাৰণ হল-
ক) সামৰিক অভিযান চলাবৰ বাবে তৃতীয় বিশ্বৰ দেশসমূহৰ ভূ-খণ্ড ব্যৱহাৰ কৰা।
খ) তৃতীয় ব্শ্বৰ দেশসমূহক চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যৱহাৰ কৰা।
৪। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজাই?
উত্তৰ:- মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ,ছোভিয়েট ৰাছিয়া,ব্ৰিটেইন, চীন আৰু ফ্ৰাস্ন আদি দেশক বুজাই।
আনহাতে, অক্ষীয় শক্তি বুলিলে জাৰ্মানী,জাপান আৰু ইটালী আদি তিনিখন দেশক বুজাই।
৫। NATO-ৰ দুখন সদস্যৰ নাম লিখা।
উত্তৰ:- NATO-ৰ দুখন সদস্যৰ নাম হল-
ক)বেলজিয়াম,
খ) আমেৰিকা যুক্তৰাষ্ট্ৰ
৬। CENTO মানে কি বুজা?
উত্তৰ:- CENTO মানে আমেৰিকা যুক্তৰাষ্ট্ৰই ৬ খন দেশৰ নিৰাপত্তাৰ বাবে গঠন কৰা সামৰিক মিত্ৰঁজোট। ইয়াৰ উদ্দেশ্য হল সমাজবাদী শিবিৰৰ পৰা যিকোনো বাধা আহিলে তাক সমূহীয়াভাৱে প্ৰতিহত কৰা। ইয়াৰ কেইখন ৰাষ্ট্ৰকেইখন হল- ইৰাণ,ইৰাক,পাকিস্তান, তুৰ্কী ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আদি।
৭। ৱাৰ্শ্ব চুক্তিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- ছোভিয়েট ৰাছিয়াই ৮ খন দেশৰ নিৰাপত্তাৰ বাবে গঠন কৰা এটা সামৰিক মিত্ৰজোট। ইয়াৰ উদ্দেশ্য হল পুজিবাদী শিবিৰৰ পৰা যিকোনো ভাবুকি আহিলে তাক সমূহীয়াভাৱে বাধা দিয়া।
৮।গোষেঠীনিৰপেক্ষ আন্দোলনৰ ওপৰত চমুকৈ লাখা।
উত্তৰ:- তলৰ দীঘল ৪ নং প্ৰশ্ন চোৱা।
৯। শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ:- শীতল যুদ্ধৰ সময়ত ছোভিয়েট গোষ্ঠীৰ লগত যোগদান কৰা দুখন ৰাষ্ট্ৰৰ নাম হল-
ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
খ) ছোভিয়েট ৰাছিয়া।
১০। NIEO ৰ অৰ্থ বুজাই লিখা।
উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER).
১১। একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা কি?
উত্তৰ:- একপক্ষীয় বিশ্বত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা হল গোষ্ঠীনিৰপেক্ষ আন্দোলনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰি আছে।
১২। দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা কি ?
উত্তৰ:- দ্বি-খণ্ডিত বিশ্বৰ সমাপ্তিৰ পিছত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিতা হল গোষ্ঠীনিৰপেক্ষ আন্দোলনে তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতাৰ যথেষ্ঠ প্ৰাসংগিক কৰি ৰাখিছে।
১৩। শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম লিখা।
উত্তৰ:- শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম হল-
ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
খ) ছোভিয়েট ৰাছিয়া।
১৪। 'দ্বিতীয় বিশ্ব' মানে কি বুজা?
উত্তৰ:- ছোভিয়েট সমাজবাদী আদৰ্শত থকা দেশবোৰক দ্বিতীয় বিশ্ব বোলে। এই দেশসমূহে ১৯৫৫ চনত গঠিত ৱাৰ্শ্ব চুক্তিৰ জৰিয়তে ছোভিয়েট ৰাছিয়াৰ অধীনলৈ আহে।
১৫। শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো কি আছিল ?
উত্তৰ:- শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰে উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটো আছিল গোষ্ঠীনিৰপেক্ষ আন্দোলন।
১৬। ভাৰতে কিয় NATO-ত যোগদান কৰা নাছিল?
উত্তৰ:- ভাৰতে পুজিবাদী শিবিৰ আৰু সমাজবাদী শিবিৰ দুয়োটাত যোগদান নকৰি নিৰপেক্ষ ভাৱে থাকি দেশীয় আৰু বৈদেশীক নীতি গ্ৰহণ কৰিব পাৰিছিল আৰু দুয়োটা শিবিৰৰ পৰা আৰ্থিক সাহায্য পাইছিল। নিজৰ স্বাৰ্থ পূৰণ হোৱাকৈ দুয়োটা মহাশক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিছিল। সেয়েহে ভাৰতে NATO-ত যোগদান কৰা নাছিল।
খ) চমু প্ৰশ্ন( প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-
১। দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম উল্লেখ কৰা ।
উত্তৰ:-দ্বিতীয় বিশ্ব যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম তলত উল্লেখ কৰা হল-
ক) মিত্ৰ শক্তি
খ) চক্ৰ শক্তি
২। মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজাই?
উত্তৰ:-মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ,ছোভিয়েট ৰাছিয়া,ব্ৰিটেইন, চীন আৰু ফ্ৰাস্ন আদি দেশক বুজাই।
আনহাতে, অক্ষীয় শক্তি বুলিলে জাৰ্মানী,জাপান আৰু ইটালী আদি তিনিখন দেশক বুজাই।
৩। আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম লিখা ।
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰই আনৱিক বোমা নিক্ষেপ কৰা জাপানৰ দুখন চহৰৰ নাম হল-
ক) হিৰোছিমা
খ) নাগাছাকি।
৪। শীতল যুদ্ধ বুলিলে কি বুজাই?
উত্তৰ:- শীতল যুদ্ধ বুলিলে এনে এক পৰিস্হিতিক বুজাই য ত আনৱি ক শক্তিৰ অধিকাৰী দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই প্ৰত্যক্ষ যুদ্ধত লিপ্ত নহৈ গোটেই বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ বাবে সদাই চেষ্টা কৰি থাকে যাৰফলত বিভিন্ন সময়ত যুদ্ধৰ দৰে পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ বিশ্বক এক শংকা আৰু উত্তেজনাৰ মাজত আৱদ্ধ কৰি ৰাখে।
৫। শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম লিখা ।
বা
শীতল যুদ্ধত সংগঠিত হোৱা দুটা শিবিৰৰ নাম লিখা ।
উত্তৰ:- শীতল যুদ্ধত মুখামুখী হোৱা দুটা শক্তিশালী গোষ্ঠীৰ নাম হল-
ক) আমেৰিকা যুক্তৰাষ্ট্ৰ বা পুঁজিবাদী শিবিৰ
খ) ছোভিয়েট ৰাছিয়া বা সমাজবাদী শিবিৰ।
৬। শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ স্বাধীন দেশসমূহে কিয় নিজৰ স্বাধীন অস্তিত্বক হেৰুৱাই কোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল?দুটা কাৰণ দৰ্শোৱা ।
উত্তৰ:- শীতল যুদ্ধৰ সময়ত পৃথিৱীৰ স্বাধীন দেশসমূহে নিজৰ স্বাধীন অস্তিত্বক হেৰুৱাই কোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল। ইয়া দুটা কাৰণ তলত উল্লেখ কৰা হল-
ক) প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধই পৃথিৱীৰ স্বাধীন দেশসমূহৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি সম্পূৰ্ণৰুপে ভাঙি পেলাইছিল। যাৰফলত অৰ্থনৈতিক আৰু সামৰিক শক্তি পুনৰ গঠনৰ বাবে স্বাধীন দেশসমূহে যিকোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল।
খ) দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চলা প্ৰতিযোগিতাই সৰু-সৰু স্বাধীন দেশ সমূহৰ অস্তিত্বক যাতে বিলোপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো এটা শিবিৰৰ অংশীদাৰ হৈছিল।
৭। আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে গঠন কৰা দুটা সামৰিক মিত্ৰজোঁটৰ নাম লিখা ।
উত্তৰ:-আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে গঠন কৰা দুটা সামৰিক মিত্ৰজোঁটৰ নাম হল-
ক) উত্তৰ আটলাণ্টিক চুক্তি সংগঠন(NATO);
খ) দক্ষিণ-পূব এছিয়া চুক্তি সংগঠন(SEATO)।
৮। NATO-ৰ দুটা মুখ্য উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ:-NATO-ৰ দুটা মুখ্য উদ্দেশ্য তলত উল্লেখ কৰা হল-
ক) সমাজবাদী শিবিৰৰ পৰা যিকোনো বাধা আহিলে NATO-ৰ সদস্য সকলে সমূনহীয়াভাৱে প্ৰতিহত কৰা।
খ) ৰাছিয়ানসকলক বাহিৰত ৰখা,আমেৰিকান সকলক ভিতৰত ৰখা আৰু জাৰ্মাণ সকলক ধ্বংস কৰা।
৯। NATO-ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰ:-NATO-ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম হল-
ক) বেলজিয়াম
খ) আমেৰিকা যুক্তৰাষ্ট্ৰ।
১০। ৱাৰ্শ্ব চুক্তিৰ দুখন সদস্যৰ নাম লিখা ।
উত্তৰ:-ৱাৰ্শ্ব চুক্তিৰ দুখন সদস্যৰ নাম হল-
ক) আলবেনিয়া
খ) ছোভিয়েট ৰাছিয়া।
১১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা ।
উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম তলত উল্লেখ কৰা হল-
ক) ভাৰতবৰ্ষ
খ) আফগানিস্তান।
১৩। শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম লিখা।
উত্তৰ:-শীতল যুদ্ধই সৃষ্টি কৰিব পৰা ধ্বংস ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুটা সংগঠনৰ নাম হল-
ক) গোষ্ঠীনিৰপেক্ষ আন্দোলন।
খ) ৰাষ্ট্ৰসংগ।
১৪। শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।
উত্তৰ:-শীতল যুদ্ধৰ যুগত দুই বৃহৎ শক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ মাজত স্বাক্ষৰিত হোৱা দুখন অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ নাম লিখা।
ক) পাৰমাৱিক নি-সম্প্ৰসাৰণ চুক্তি
খ) ক্ষেপণাস্ত্ৰ বিৰোধী চুক্তি।
Comments
Post a Comment