ক) অতি চমু প্ৰশ্ন(প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-
১। চৰকাৰী বাজেট কি?
উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি।
২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া।
উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি।
৩। প্ৰত্যক্ষ কৰ কি
উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয় কৰ ইত্যাদি।
৪। পৰোক্ষ কৰ কি
উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি।
৫। ৰাজহ ঘাটি কি
উত্তৰ:- যেতিয়া চৰকাৰৰ ৰাজহ আয়তকৈ ৰাজহ ব্যয় বেছি,তেতিয়া তাক ৰাজহ ঘাটি বোলে। অৰ্থাৎ,ৰাজহ ঘাটি=ৰাজহ ব্যয়+ৰাজহ আয়।
৬। ৰাজহ ঘাটিৰ তাৎপৰ্য্য কি
উত্তৰ:- ৰাজহ ঘাটিৰ তাৎপৰ্য্য হল ৰাজহ ঘাটিয়ে চৰকাৰৰ ৰাজকোষীয় নীতি প্ৰতিফলন কৰে।
৭। ৰাজকোষীয় ঘাটি কি
উত্তৰ:- চৰকাৰৰ মুঠ ব্যয় আৰু মুঠ প্ৰাপ্তিৰ মাজত থকা পাৰ্থক্যকেই ৰাজকোষীয় ঘাটি বোলে। অৰ্থাৎ,ৰাজকোষীয় ঘাটি=মুঠ ব্যয় - ৰাজহ আয় + ঋণ সৃষ্টি নকৰা মূলধন প্ৰাপ্তি।
৮। প্ৰাথমিক ঘাটি কি
উত্তৰ:- ৰাজকোষীয় ঘাটি আৰু সুদ পৰিশোধৰ মাজৰ পাৰ্থক্যক প্ৰাথমিক ঘাটি বোলে। অৰ্থাৎ, প্ৰাথমিক ঘাটি=ৰাজকোষীয় - ঘাটি সুদ পৰিশোধ।
খ) অতি চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-
১। ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰ:-ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-
ক) ৰাজহুৱা দ্ৰৱ্যৰ পৰা পোৱা সুবিধাবোৰ কোনো এক বিশেষ ভোক্তাৰ ক্ষেত্ৰত সীমাবদ্ধ নহয়। আনহাতে, ব্যক্তিগত দ্ৰৱ্যৰ পৰা পোৱা সুবিধাবোৰ প্ৰত্যেকজন ভোক্তাই ব্যক্তুগতভাৱে উপভোগ কৰিব পাৰে।
খ) ৰাজহুৱা দ্ৰৱ্যৰ উপভোগ কাৰ্য মুক্ত আৰু অপ্ৰতিদ্বন্দিতামূলক। আনহাতে, ব্যক্তিগত দ্ৰৱ্যৰ উপভোগ কাৰ্যৰ ক্ষেত্ৰত উপভোক্তাৰ মাজত প্ৰতিদ্বন্দ্বিতা পৰিলক্ষিত হয়।
২। চৰকাৰী বাজেটৰ দুটা উপাংশ উল্লেখ কৰা।
উত্তৰ:-চৰকাৰী বাজেটৰ দুটা উপাংশ তলত উল্লেখ কৰা হল-
ক) ৰাজহ বাজেট;
খ) মূলধনী বাজেট।
৩। কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-
ক) কৰ ৰাজহ চৰকাৰে কৰৰ পৰা সংগ্ৰহ কৰে। কৰদাতাই ইয়াৰ বিনিম.ত কোনো সুবিধা পোৱাৰ দাবী কৰিব নোৱাৰে।
আনহাতে, অনাকৰ ৰাজহ কৰৰ বাহিৰে অন্য উৎসৰ পৰা সংগ্ৰহ কৰা হয়। চৰকাৰে ইয়াৰ বিনিময়ত সুবিধা প্ৰদান কৰে।
খ) কৰ ৰাজহে চৰকাৰী আয়ৰ বৃহৎ অংশ অধিকাৰ কৰে। আনহাতে, অনাকৰ ৰাজহে চৰকাৰী আয়ত কম অৰিহনা যোগাই।
৪। কৰ ৰাজহৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ:-কৰ ৰাজহৰ দুটা উদাহৰণ হল-
ক) আয় কৰ;
খ) সম্পত্তি কৰ।
৫। ৰাজকোষীয় ঘাটি তাৎপৰ্য্য লিখা।
উত্তৰ:-ৰাজকোষীয় ঘাটি তাৎপৰ্য্য ৰাজকোষীয় ঘাটিয়ে বাজেট ব্যয় পূৰণ কৰিবলৈ চৰকাৰে কিমান পৰিমাণৰ ঋণৰ ওপৰত নিৰ্ভৰশীল তাক দাঙি ধৰে। অৰ্থাৎ, ৰাজকোষীয়ে ঘাটিয়ে চৰকাৰৰ মুঠ ঋণৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰে।
৬। ৰাজকোষীয় ঘাটিৰ দুটা প্ৰভাৱ উল্লেখ কৰা।
উত্তৰ:-ৰাজকোষীয় ঘাটিৰ দুটা প্ৰভাৱ তলত উল্লেখ কৰা হল-
ক) বৃহৎ পৰিমাণৰ ৰাজকোষীয় ঘাটিয়ে চৰকাৰৰ অপচয়মূলক আৰু অপ্ৰয়োজনীয় ব্যয় বৃদ্ধিত ইন্ধন যোগাই ।
খ) সুদ পৰিশোধ ৰাজহ ব্যয় বৃদ্ধি কৰে, যাৰ ফলত ৰাজহ ঘাটি বৃদ্ধি হয়।
৭। বাজেট ঘাটি হ্ৰাসকৰণৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰ:-বাজেট ঘাটি হ্ৰাসকৰণৰ দুটা উপায় তলত উল্লেখ কৰা হল-
ক) কৰ বৃদ্ধি;
খ) চৰকাৰী ব্যয় হ্ৰাসকৰণ।
৮। পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ দুটা উদাহৰণ দিয়া ।
উত্তৰ:-পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ দুটা উদাহৰণ হল-
ক) প্ৰতিৰক্ষা ব্যয়;
খ) জনস্বাস্হ্য।
৯। এখন চৰকাৰী বাজেটৰ ৰাজহ হিচাপত কি থাকে?
উত্তৰ:-এখন চৰকাৰী বাজেটৰ ৰাজহ হিচাপত ৰাজহ প্ৰাপ্তি আৰু ৰাজহ ব্যয় থাকে।
Comments
Post a Comment