ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। ভাৰতীয় সংবিধান কেতিয়া কাৰ্য়কৰী কৰা হয়?
উত্তৰ:-ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্য়কৰী কৰা হয়।
২। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)-ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?
উত্তৰ:-ভাৰতীয় জনতা পাৰ্টি ।
৩। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছিল?
উত্তৰ:-ভাৰতীয় কমিউনিষ্ট পাৰ্টি।
৪। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল?
উত্তৰ:-৩৭০ নং অনুচ্ছেদ।
৫। কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- 1953 চনত।
৬। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা।
উত্তৰ:- NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল- North East Frontier Agency.
৭। কোনখন দেশীয় ৰাজ্যই পোণ প্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনিষ্ঠিত কৰিছিল?
উত্তৰ:- মণিপুৰ ।
৮। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা ।
উত্তৰ:- স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম হল চৰ্দাৰ বল্লভভাই পেটেল।
৯। সংবিধান সমিতিৰ খচৰা সভাপতিৰ নাম লিখা।
উত্তৰ:- ড০ বি. আৰ. আম্বেদকাৰ।
১০। খালী ঠাই পূৰণ কৰা।
ক) তেলেংগানা ভাৰতৰ ----- তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।
উত্তৰ:- ২৯ তম ।
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। ভাৰতত কংগ্ৰেছ দল কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:-ভাৰতত কংগ্ৰেছ দল ১৮৮৫ চনত গঠন কৰা হৈছিল ।
ইয়াৰ প্ৰতিষ্ঠাপক আছিল এলেন অক্টেভিয়ান হিউম।
২। ভাৰতত নিৰ্বাচক আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচক আয়ুক্ত কোন আছিল?
উত্তৰ:-ভাৰতত নিৰ্বাচক আয়োগ ১৯৫০ চনৰ জানুৱাৰী মাহত গঠন কৰা হৈছিল।
ইয়াৰ প্ৰথম প্ৰধান নিৰ্বাচক আয়ুক্ত আছিল সুকুমাৰ সেন।
৩। ১৯৫০ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত দেখা দিয়া দুটা প্ৰত্যাহ্বান উল্লেখ কৰা।
উত্তৰ:-১৯৫০ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত দেখা দিয়া দুটা প্ৰত্যাহ্বান তলত উল্লেখ কৰা হল-
ক) সমষ্টি নিৰ্ধাৰণ ;
খ) ভোটাৰ তালিকা প্ৰস্তুত কৰি তোলা।
৪। ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ উল্লেখ কৰা ।
উত্তৰ:-ভাৰতীয় জনসংঘ দলৰ দুটা আদৰ্শ তলত উল্লেখ কৰা হল-
ক) ই এক দেশ,এক সংস্কৃতি আৰু এক জাতিত বিশ্বাস কৰে।
খ) ই অখণ্ড ভাৰত গৰি তোলাৰ বাবে ভাৰত আৰু পাকিস্তান একগোট হোৱাটো বিচাৰে।
৫। দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা আৰু কোন ৰাজ্যত সেই দলৰ উপস্হিতি সেইটো উল্লেখ কৰা ।
উত্তৰ:-দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম তলত উল্লেখ কৰা হল-
ক) অসম গণ পৰিষদ ----- অসম
খ) আকালি দল ------ পঞ্জাৱ
৬। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰ:-ভাৰতীয় জনসংঘ 1951চনত গঠন কৰা হৈছিল।
ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্ৰসাদ মুখাৰ্জী।
৭। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসীত অ়ঞ্চলৰ পৰামৰ্শ ৰাজ্য পুনৰগঠন আয়োগে আগবৰাইছিল?
উত্তৰ:-১৪ খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসীত অ়ঞ্চলৰ পৰামৰ্শ ৰাজ্য পুনৰগঠন আয়োগে আগবৰাইছিল।
৮। স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে দ্বি-জাতি তত্ত্বৰ পোষকতা কৰিছিল। এই তত্ত্বৰ অন্তৰভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি?
উত্তৰ:-দ্বি-জাতি তত্ত্বৰ অন্তৰভুক্ত কৰা ৰাষ্ট্ৰ দুখন হল-
ক) ভাৰত
খ) পাকিস্তান
৯। দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম লিখা ।
উত্তৰ:-দেশ বিভাজনে ক্ষতিগ্ৰস্ত কৰা ৰাজ্য দুখনৰ নাম হল-
ক) বেংগল
খ) পা়ঞ্জাৱ।
১০। এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম লিখা ।
উত্তৰ:-এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু বৰ্তমান ৰাজ্যৰ মৰ্যাদা পোৱা দুখন ৰাজ্যৰ নাম হল-
ক) মণিপুৰ
খ) ছিকিম।
Comments
Post a Comment