Books related Information

pcs9

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?
উত্তৰ:-ৰাষ্ট্ৰসংঘ দিৱস হিচাপে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে পালন কৰা হয়।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- ৫ খন। 

৩। শুদ্ধ নে অশুদ্ধ লিখা-
        ৰাষ্ট্ৰসংঘ এটা সাৰ্বভৌম সন্হা।
উত্তৰ:- অশুদ্ধ

৪। কোনটো বৰ্ষত পাৰমাণৱিক নি: প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৯৬৮ চনৰ জুলাই মাহত। 

৫। ভাৰতে কায়টো প্ৰটকললত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?
উত্তৰ:-  ২০০২ চনৰ আগষ্ট মাহত। 

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্হায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া।
উত্তৰ:-ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যপদ দিব লাগে । তলত দুটা যুক্তি উল্লেখ কৰা হল-
      ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত জনসংখ্যাৰ দেশ।
      খ) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ।

২। সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম লিখা।
উত্তৰ:-সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম হল-
         ক) আন্তৰ্জাতিক ক্ষমাদান
         খ) মানৱ অধিকাৰ জাগৰণ।

৩। নিৰাপত্তা পৰিষদৰ নতুন স্হায়ী আৰু অস্হায়ী সদস্য অন্তৰ্ভুক্তিৰ কাৰণে আগবৰোৱা প্ৰস্তাৱৰ দুটা মানদণ্ড উল্লেখ কৰা।
উত্তৰ:-নিৰাপত্তা পৰিষদৰ নতুন স্হায়ী আৰু অস্হায়ী সদস্য অন্তৰ্ভুক্তিৰ কাৰণে আগবৰোৱা প্ৰস্তাৱৰ দুটা মানদণ্ড তলত উল্লেখ কৰা হল-
     ক)অৰ্থনৈতিক ক্ষেত্ৰত শক্তিশালী ৰাষ্ট্ৰ।
     খ) জনসংখ্যাৰ ফালৰ পৰা এখন বৃহত ৰাষ্ট্ৰ।

৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যৰুপে থকা সমাজবাদী দেশ দুখনৰ নাম লিখা।
উত্তৰ:-ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যৰুপে থকা সমাজবাদী দেশ দুখনৰ নাম হল-
      ক) ছোভিয়েট ৰাছিয়া 
      খ) চীন।

৫। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰ:-ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-
           ক) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
           খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।



Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ